অসম লাইভ২৪ঃ মানুহ মাত্ৰেই ভুল হয়। হঠাতেই ভুল হৈ গ’ল জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজনৈতিক নেত্ৰী হেমা মালিনীৰ। অৱশেষত সেই ভুল মানি ক্ষমা খুজিলে অভিনেত্ৰীগৰাকীয়ে। বিহুৰ ওলগ জনাবলৈ গৈ অভিনেত্ৰী হেমাই পাহৰি গৈছিল বিহু কাৰ জাতীয় উৎসৱ?
https://twitter.com/dreamgirlhema/status/1646699867396530176?s=20
সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিছিল হেমা মালিনী৷ বৃহস্পতিবাৰে ৩ ৰাজ্যৰ জাতীয় উৎসৱৰ প্ৰাকক্ষণত টুইটাৰৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল হেমা মালিনীয়ে৷ বিশেষ পোষ্টটোত বিহুক বিহাৰৰ বুলি কৈছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পাছতেই সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী। শুকুৰবাৰে পুনৰ টুইটযোগে ক্ষমা খোজে অভিনেত্ৰীগৰাকীয়ে। হেমাই ক্ষমাপ্ৰাৰ্থনা খুজি কয়, ‘ভুল হৈ গ’ল! বিহুক মই বিহাৰৰ উৎসৱ বুলি কৈছিলো। আচলতে বিহু অসমৰহে জাতীয় উৎসৱ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















