অসম লাইভ২৪ঃ টোপনিৰ পূৰ্বেও ক্লান্তি৷ টোপনিৰ পৰা উঠাৰ পাছতো ক্লান্তিভাৱ৷ দিনটোৱেই আমনিদায়ক লৈ থাকে৷ এই সমস্যা বহুসংখ্যক লোকৰেই হয়৷ এই সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকিলে এয়া কিন্তু কোনো ৰোগৰেই উপসৰ্গ বুলি চিকিৎসকে প্ৰকাশ কৰিছে৷ কি কি ৰোগে শৰীৰত ঠাই ল’লে এইসমূহ লক্ষণে দেখা দিয়ে৷
খোৱাবোৱা
দৈনিক খাদ্যভাষ ভাল নহ’লেও শৰীৰত ক্লান্তিভাৱ আহে৷ বহুতেই সময়মতে খাদ্যগ্ৰহণৰ পৰা বিৰত থাকে৷ যেতিয়াই ভোক অনুভৱ হয় সময়মতে খাদ্যগ্ৰহণ কৰাটো অতি জৰুৰী৷ সময়ত খাদ্য গ্ৰহণ নকৰিলে শৰীৰে পুষ্টি নাপায়৷ ফলত কৰ্মশক্তিও কমি যায়৷ শৰীৰত পানীৰ ঘাটি হ’লেও কিন্তু শৰীৰত ক্লান্তিভাৱ আহে৷
নিদ্ৰাহীনতা
দিনটো বিচনাত পৰি থাকিলেও টোপনি নধৰে৷ বহুতেই শোৱাৰ সময়ত মোবাইল ব্যৱহাৰ কৰে যাৰবাবে সময়ত টোপনি নহয়৷ শৰীৰে প্ৰয়োজনীয় বিশ্ৰাম নোপোৱাৰ বাবেও ক্লান্তিভাৱ আহি থাকে৷
ওজন
শৰীৰৰ ওজন অত্যাধিক বৃদ্ধি হ’লে কামকাজত অসুবিধাই দেখা দিয়ে৷ অকণমান কাম কৰিলেই ভাগৰি পৰাটো মেদবহুলতাৰ এক প্ৰধান সমস্যা৷
মানসিক চাপ
মানসিক স্বাস্থ্যৰ ওপৰতো এয়া নিৰ্ভৰশীল হয়৷ মানসিক চাপত ভূগিলে পেশীতো প্ৰভাৱ পৰে৷ মানসিক চাপত ভূগিলে মূৰৰ বিষ, পেটৰ সমস্যা আদিয়ে দেখা দিয়ে৷ এই সকলোবোৰ মিলিয়েই এই ক্লান্তিভাৱে দেখা দিয়ে৷
ডায়বেটিছ
ৰক্ত শৰ্কৰাৰ মাত্ৰা বাঢ়িলেও শৰীৰত ক্লান্তিভাৱে দেখা দিয়ে৷ ক্লান্তি হৈছে ডায়বেটিছৰ এক গুৰুত্বপূৰ্ণ উপসৰ্গ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ