অসম লাইভ২৪ঃ ফেশ্বনৰ দুনীয়াত সকলোবোৰ ফেশ্বন শ্ব’ৰ ভিতৰত বৃহৎ শ্ব’টোৱেই হৈছে মেট গালা৷ মে’ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হয় এই মেট গালা অনুষ্ঠান৷ বিশ্বৰ প্ৰথম শাৰীৰ সকলো তাৰকাই এই অনুষ্ঠানত উপস্থিত থাকে৷ এই অনুষ্ঠানত সকলো মডেল বা তাৰকাই ভাগ ল’বও নোৱাৰে৷ এই অনুষ্ঠানত ভাগ লোৱা বলীউড অভিনেত্ৰীৰ তালিকা যদি চাওঁ তেন্তে এই তালিকাত আছে অভিনেত্ৰী দীপিকা পাডুকন আৰু প্ৰিয়ংকা চোপ্ৰা৷
এইবাৰ এই অনুষ্ঠানত উপস্থিত হৈছে আলিয়া ভাট্ট৷ মেট গালাৰ ৰঙা দলিছাত প্ৰিয়ংকা আৰু আলিয়া দুই তাৰকাৰ সাজে দৃষ্টি কাঢ়িছে বহুতৰে৷ আলিয়াৰ মুকুতা খচিত গাউন ইফালে প্ৰিয়ংকাই ডিঙিত পিন্ধা নেকলেছে বহুতৰেই নজৰো কাঢ়িছে৷ মেট গালাৰ অনুষ্ঠানতেই নিলামত উঠিছে বুলগেৰিয়ান হীৰা খচিত প্ৰিয়ংকাৰ নেকলেছো৷ কিমান দৰ উঠিছে প্ৰিয়ংকাৰ এই নেকলেছডালৰ?
শিকলিৰ দৰে নক্সাৰ এই নেকলেছ তৈয়াৰ হৈছে হীৰাৰে৷ মাজত এটা লকেট থকা ১১ কেৰেটৰ হীৰাৰে তৈয়াৰ কৰা এই নেকলেছৰ দাম প্ৰায় ২০৮ কোটি৷ এই নেকলেছৰ সৈকে প্ৰিয়ংকাই পৰিধান কৰিছিল ভেলেণ্টিনাৰ হাই স্লিট ক’লা ৰঙৰ গাউন৷ প্ৰতি বাৰৰ দৰে এইবাৰো মেট গালাৰ মঞ্চত প্ৰিয়ংকাক দেখা গৈছে স্বামী নিক জোনাছৰ সৈতে৷
উল্লেখ্য যে বৰ্তমান বিশ্বৰ অন্যতম ব্যস্ত তাৰকা হৈছে প্ৰিয়ংকা৷ এটাৰ পিছত আনটো শ্বুটিং, কেইবাটাও ৱেব চিৰিজৰ প্ৰচাৰত দেখা গৈছে প্ৰিয়ংকাক৷ ইয়াৰোপৰি বিগত বৰ্ষত মাতৃও হৈছে প্ৰিয়ংকা৷ হলীউডৰ অন্যতম দামী ৱেব চিৰিজৰ মুখ্য চৰিত্ৰতো দেখা গৈছে প্ৰিয়ংকা চোপ্ৰাক৷ ‘চিটাডেল’ চিৰিজত মাৰ্ভেল খ্যাত ৰুছ ব্ৰাদাৰছৰ সৈতেও একেলগে কাম কৰিছে প্ৰিয়ংকাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ