অসম লাইভ ২৪ঃ
ভাইৰেলঃ এইবাৰ ভালুকে চলালে কেকৰ দোকানত অভিযান। খাই পেলালে ৬০ টাকৈ কাপকেক। ভালুকটোৰ সম্ভৱতঃ যথেষ্ট ভোক লাগিছিল। যাৰবাবে ভালুকটোৱে হঠাতে কেকৰ দোকানত অভিযান চলায় আৰু খায় কেবাটাও কাপকেক। ৪ ফুট ওখ ভালুকটোক কেকৰ দোকানত দেখাৰ লগে লগে কৰ্মচাৰীসকলে চিঞৰি উঠে।
ভালুকটোৱে দোকানত প্ৰৱেশ কৰাৰ দৃশ্য দেখাৰ লগে লগে এজন কৰ্মচাৰীয়ে জৰুৰীকালীন সেৱালৈ ফোন কৰে। অৱশ্যে এই ঘটনাত ভালুকটোৰ কোনো দোষ নাই বুলিয়ে তেওঁলোকে কয়। সম্পূৰ্ণ ঘটনা অনুসৰি, ভালুকটোৱে কেকৰ দোকান এখনলৈ গৈ প্ৰায় ৬০ টা কাপকেক খেলিছিল। তাৰ পিছত দোকানখনৰ এজন কৰ্মচাৰীয়ে তেওঁৰ গাড়ীৰ পৰা একেৰাহে হৰ্ণ বজাবলৈ আৰম্ভ কৰে। সেই শব্দত ভালুকটোৱে কেকখিনি খাই পলাই যায়। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল যদিও তেতিয়ালৈকে ভালুকটোৱে পেট ভৰাই কেক খাই উঠিছিল।
এই আজৱ ঘটনাটো সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানেকটিকাটত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















