অসম লাইভ২৪ঃ ওড়িশাৰ ৰে’ল দুৰ্ঘটনাত আহত অসমৰ যুৱক ৰূপক দাস অৱশেষত সোঁ শৰীৰে বুধবাৰে নিশা ঘৰত উপস্থিত হয়। ঘৰত উপস্থিত হৈয়েই ৰূপকে দুৰ্ঘটনাটোৰ শিঁহৰণকাৰী বৰ্ণনা দাঙি ধৰিছে। ৰূপকে কয়, ‘মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰীক মোক কৰা সহায়ৰ বাবে ধন্যবাদ জনাইছো। মোক তাত থাকোতে দুগৰাকী ব্যক্তিয়ে সহায় কৰিছে, তেওঁলোকৰ বাবেহে মই আজি জীয়াই আছো। ফেছবুক চিনাকী প্ৰিয়ংকা গগৈ নামৰ মহিলাগৰাকীয়ে মোক বেগ বিচাৰি আনি দিছে। দুৰ্ঘটনা হোৱা স্থানলৈ গৈ মোৰ বেগ হাস্পতাললৈকে আনি দিছে। মই গুৱাহাটীৰ পৰা সেইদিনা হাওৰা গৈছিলো। কিন্তু যিখন ট্ৰেইনত যাব লাগিছিল সেইখন ট্ৰেইন নাপালো। ৬.৪৫ত মই বালাছ’ৰ ষ্টেচন পাইছিলো। চেন্নাইলৈ যোৱা বহু মানুহ আছিল। বালাছ’ৰ ষ্টেচনৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত্বত আমাৰ ট্ৰেইনখন দুৰ্ঘটনাত পতিত হৈছে। মই ট্ৰেইনৰ ছীটট ধৰি বহুদূৰ চুচুৰি গৈছো। আমাৰ ডবাটোৰ প্ৰায়সংখ্যক মানুহৰেই মৃত্যু ঘটিছে।
মই খিৰিকিয়ে ওলাই আহিছো। কাৰোবাৰ মূৰ এটা ছিঙি মোৰ বুকুত আহি লাগিছে। সেইখিনিলৈকে মই গম পাওঁ। তাৰপিছত মই একো গম নাপাও। কোনে মোক হাস্পতাললৈ লৈ গ’ল মই গম নাপাও। আমাৰ এক্সিডেণ্ট হৈছিল ৭.৩০ মান বজাত। মোৰ হাস্পতালত হুচ আহিছে ১০ মান বজাত। চৰকাৰে যি হিচাপ দেখুৱাই আছে সেয়া সম্পূৰ্ণ ভূল। আমাৰ ডবাটোতেই ১৫০ টা মানুহ আছিল। তাত আমি ৩টাহে বাচিছো। মোৰ আনুমানিক ১২০০ ৰ পৰা ১৫০০ মানুহ মৰিছে। আহতৰ হিচাপেই নাই। মোক বালাছ’ৰৰ চৰকাৰী হাস্পতালৰ পৰা প্ৰাইভেট কোনোবা হাস্পতাললৈ লৈ গ’ল। মোক অসম চৰকাৰে দুৰ্ঘটনাৰ দুদিন পাছত খবৰ কৰিছে। মমতা বেনাৰ্জীয়ে কিন্তু লগে লগেই তেওঁলোকৰ মানুহ বিচাৰি বিচাৰি লৈ গৈছে। মইয়ো কষ্ট পাই থকাৰ কথা বাইদেউক কৈছো, বাইদেউৱে লগে লগে মোৰ ভৰিত বেণ্ডেজ এটা মাৰি দিছে। মোৰ তেতিয়া দুখ লাগিছিল অসম চৰকাৰে এবাৰো খবৰ লোৱা নাছিল।
পাছলৈ মই এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলো। মনৰ দুখতেই ভিডিঅ’টো দিছিলো কাৰণ মোক অসম চৰকাৰে এবাৰো ফোন কৰা নাছিল। পাছলৈ কিন্তু মোৰ ভিডিঅ’ পাই অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে খবৰ ললে। অসম চৰকাৰে দুজন প্ৰতিনিধি পঠিয়াই মোক অৱশেষত আনিলে। অসমলৈ আনি জিএম চিএইছত ভৰ্তি কৰালে। মোক লৈ অনাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জনাইছো। কিন্তু মমতা বাইদেউৰ তৎপৰতা দেখি মই খুব ভাল পালো। মই মানুহৰ তেজ খাই পোৱাৰ বাবে একো খাব পৰা নাই সেই কথা বাইদেউক কওঁতেও চিকিৎসকক কৈ মোক বিশেষ চিকিৎসা দিয়াইছে। মই কথমপি জীৱনটো ঘূৰাই পালো। মোৰ বিশেষ প্ৰত্যাশা নাই। কিন্তু মোক এটা কৰ্মসংস্থাপন খুবেই প্ৰয়োজন। যদি অসম চৰকাৰে মোক এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে আমাৰ পৰিয়ালটো উপকৃত হ’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ