অসম লাইভ২৪ঃ এইবাৰ বিতৰ্কত সোমাই পৰিছে ফ্ৰান্সৰ বিশ্বকাপজয়ী ফুটবলাৰ বেঞ্জামিন মেণ্ডি। এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ফুটবলাৰ গৰাকীৰ বিৰুদ্ধে। এই অভিযোগ ইমানতেই সীমাবদ্ধ নহয়। এই অভিযোগ পোহৰলৈ অহাৰ পিছতেই তেওঁৰ বিৰুদ্ধে আহিছে আন কেইবাটাও অভিযোগ। পোহৰলৈ অহা খবৰ অনুসৰি বিখ্যাত ফুটবলাৰগৰাকীয়ে বৰ্তমানলৈ ১০হাজাৰ মহিলাৰ সৈতে সম্পৰ্কত লিপ্ত হৈছে।
মানচেষ্টাৰ চিটিৰ তাৰকা বেঞ্জামিন মেণ্ডিৰ বিৰুদ্ধে সম্প্ৰতি এই অভিযোগ উত্থাপিত হৈছে। তেওঁ একাধিক মহিলাৰ সৈতে সম্পৰ্কত থকাৰো অভিযোগ আহিছে। তদন্তত তেওঁক দোষী প্ৰমাণিত কৰিছে। ইয়াৰপাছতেই আৰক্ষীয়ে দিয়া প্ৰতিবেদনমতে ১০হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে বেঞ্জামিনে।ৰিপৰ্ট অনুসৰি মেণ্ডিয়ে সম্প্ৰতি এগৰাকী তৰুণীক অত্যাচাৰ চলোৱাৰ খবৰ ভাইৰেল হৈছে। খবৰ অনুসৰি বেঞ্জামিনে বিষয়টো পোহৰলৈ অহাত কয় যে, ‘এয়া সাধাৰণ কথা। মই ১০হাজাৰ মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰিছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ