অসম লাইভ২৪ঃ শব্দৰ তীব্ৰতা ৬০ ডেচিবেলৰ উপৰত গ’লে সেই শব্দ আমাৰ কাণে সহ্য কৰিব নোৱাৰে। কিন্তু নিত্য সাধাৰণ কিছু শব্দ শুনিলেও যদি আপোনাৰ অস্বস্তি লাগে তেন্তে এয়া কিন্তু ৰোগৰ লক্ষণ।
মিক্সিৰ শব্দ, ড্ৰিল মেছিনৰ শব্দ, ফোনৰ ৰিংটন শুনিলেই আপোনাৰ অসহ্য লাগে নেকি? চৌপাশৰ পৰিবেশৰ পৰা ওলোৱা শব্দ শুনিলেই অশান্তি ভাৱ অহাটো কিবা ৰোগৰ লক্ষণ নেকি? জ্বৰ, মাইগ্ৰেণ বা তেনে কোনো শাৰীৰিক সমস্যা থাকিলেও এই ধৰণৰ অশান্তিভাৱে ক্ৰিয়া কৰে। জ্বৰৰ সময়ছোৱাত সাধাৰণতে শুনি থকা শব্দবোৰো আমনিদায়ক হৈ উঠে। যদি কোনো কাৰণ নোহোৱাকৈ প্ৰত্যেকসময়তে তেনে ভাৱে ক্ৰিয়া কৰে তেন্তে ইয়াক মিছোফনিয়া বুলি কোৱা হয়। চিকিৎসকে কোৱা অনুসৰি মিছোফোনিয়া এক ধৰণৰ স্নায়ুৰ ৰোগ। কাৰণ শৰীৰৰ সৈতে আমাৰ মনৰ ওতপ্ৰোত সম্পৰ্ক আছে। কেতিয়া কেনেকৈ এই ৰোগ হয় সেয়া ধৰিব নোৱাৰি।
এই ৰোগত আক্ৰান্ত হোৱাৰ প্ৰাথমিক লক্ষণেই হৈছে শব্দ শুনিলেই অস্বস্তি লগা। হঠাতেই মূৰৰ বিষ হোৱা, শ্ৰুতিমধুৰ শব্দও আপোনাৰ অসহ্য লগা, কাৰোৰে সৈতে কথা পাতিবলৈ মন নোযোৱা আদি লক্ষণে প্ৰাথমিক অৱস্থাত দেখা দিয়ে। এই সমস্যাৰ পৰা মুক্তি পাবলৈ কি কৰিব?
কগনিটিভ-বিহেভিয়াৰেল থেৰাপী
এই বিষয়ে অভিজ্ঞতা থকা ৰোগীৰ সৈতে কথা পাতি এই সমস্যাৰ সমাধান কৰিব পাৰিব। তেওঁলোকে কেনেকৈ আকৌ সামাজিক হ’ল সেই বিষয়ে জানি ল’লে নিজেও সেই উপায়সমূহ গ্ৰহণ কৰিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ অনন্য উপায়েই হৈছে থেৰাপী গ্ৰহণ।
মনক যিমান পাৰে শান্ত কৰি ৰাখক
ধ্যান, শৰীৰচৰ্চা, প্ৰাণায়াম দৈনিক কৰিব পাৰে। কোনো উত্তেজনা, উদ্বেগৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব।
ইয়াৰপ্লাগৰ সহায় ল’ব পাৰে
পাৰিপাৰ্শ্বিকৰ শব্দত যদি মূৰৰ বিষ হয় তেন্তে কাণত হেডফোন বা ইয়াৰপ্লাগ গুঁজি ৰাখিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ