অসম লাইভ২৪ঃ উত্তৰ পূবৰ ৰাজ্য মণিপুৰত বিগত ৩মাহ ধৰি জ্বলি আছে হিংসাৰ দাৱানল। কুকি আৰু মেইতেই সম্প্ৰদায়ৰ মাজতেই জাতি হিংসাৰ জুই জ্বলি আছে সমগ্ৰ মণিপুৰত। বিগত ৩ মে’ৰ পৰা আৰম্ভ হোৱা হিংসা কমাৰ সলনি দিনকদিনে বৃদ্ধি পাইছে। এই গোষ্ঠী হিংসাত এতিয়ালৈকে ১৫০ জনে প্ৰাণ হেৰুৱাইছে। আহত হৈছে কেইবা হাজাৰো লোক। এই হিংসাৰ বাবেই প্ৰতিদিনেই মণিপুৰত জ্বলি আছে এখনৰ পাছত আনখন ঘৰ।
জ্বলাই দিয়া হ’ল নেশ্ব্যনেল ফুটবলাৰ চিঙ্গলছানাৰ ঘৰ
এই জাতি হিংসাতেই কেইবা হাজাৰ মানুহে নিজা ঘৰ ত্যাগ কৰি শিবিৰত আশ্ৰয় লৈছে। ভাৰতীয় ফুটবলাৰ চিঙ্গলছানা সিঙো এই হিংসাৰ জুইত বিপৰ্যস্ত হৈ পৰিছে। তেওঁৰ ঘৰত জুই লগাই দিলে দুৰ্বৃত্তই। কেৱল ফুটবলাৰগৰাকীৰ ঘৰতেই নহয় সমগ্ৰ গাঁওখনেই জ্বলাই দিলে দুৰ্বৃত্তই। ফুটবলাৰগৰাকীৰ পৰিয়ালে যেনেতেনে ঘৰ এৰি পলাই আহিবলৈ সক্ষম হোৱা বুলি জনাইছে মণিপুৰৰ এক স্থানীয় সূত্ৰই। এই ঘটনাৰ সময়ত চিঙ্গলছানা সিঙে হায়দৰাবাদৰ এফ ছি ক্লাবৰ বিৰুদ্ধে কেৰালা কোঝিকোড়ৰ হৈ খেলত ব্যস্ত আছে। চিঙ্গলছানা সিঙৰ পৰিয়ালে চূড়াচান্দপুৰ জিলাৰ খুমুজামা এলেকাত বাস কৰিছিল।
কি কৈছে চিঙ্গলছানাই?
সম্প্ৰতি মণিপুৰৰ এই হিংসাক লৈ চিঙ্গলছানাই মুখ খুলিছে। এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত ফুটবলাৰগৰাকীয়ে কয়, ‘মই খবৰ পালো মোৰ ঘৰ জ্বলাই দিছে। ইয়াৰোপৰি চূড়াচান্দপুৰত আমি যি ফুটবল টাৰ্ফ বনাইছিলো সেয়াও জ্বলাই দিয়া হ’ল। এই ঘটনাৰ খবৰ পাই মন ভাঙি পৰিছে। স্থানীয় ফুটবলাৰসকলক লৈ সপোন দেখিছিলো। মণিপুৰৰ পৰা আৰু নতুন নতুন ফুটবলাৰ ওলিয়াই অনাৰ কথা ভাৱিছিলো। কিন্তু সেই সপোনকেই জ্বলাই দিলে। সৌভাগ্যক্ৰমে মোৰ পৰিয়ালৰ লোক পলাই হাৰিছে। তেওঁলোকক আৰক্ষীয়ে উদ্ধাৰ কৰি শিবিৰলৈ লৈ যোৱা বুলি খবৰ লাভ কৰিছো।’ এই হিংসাৰ খবৰক লৈ চিন্তিত হৈ পৰা বুলিও সাক্ষাৎকাৰটোত জনাইছে ফুটবলাৰগৰাকীয়ে। তেওঁ পৰিয়ালৰ সৈতে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যদিও সাক্ষাৎকাৰত বহা পৰ্যন্ত পৰিয়ালৰ লোকৰ সৈতে কথাবাৰ্তা হোৱা নাই বুলিও জনাইছে ফুটবলাৰগৰাকীয়ে।
২০২১ চনত ভাৰতীয় ফুটবল দলত সুযোগ লাভ কৰিছে চিঙ্গলছানাই
২৭বছৰীয়া খেলুৱৈ চিঙ্গলছানাই টিম ইণ্ডিয়াৰ হৈ বৰ্তমানলৈকে ১১খন মেচ খেলিছে। চিঙ্গলছানা এজন ডিফেণ্ডাৰ আৰু তেওঁ চেণ্টাৰ বেক পজিছনত খেলিছিল। ২০২১ চনৰ ২৫ মাৰ্চক মালদ্বীপৰ বিৰুদ্ধে এখন আন্তৰ্জাতিক মেচো খেলিছে চিঙ্গলছানাই। কিন্তু নিজা জন্মস্থানৰ এই পৰিবেশে চিঙ্গলছানাক মানসিকভাৱে ভাঙি পেলাইছে। যাৰবাবে ফুটবলাৰগৰাকীয়েও এই হিংসাৰ সমাধান বিচাৰিছে কেন্দ্ৰৰ পৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















