• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাৰমাণৱিক বোমা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই, কিয় দেশদ্ৰোহী আখ্যা পালে অপেনহাইমাৰে?

পাৰমাণৱিক বোমা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই, কিয় দেশদ্ৰোহী আখ্যা পালে অপেনহাইমাৰে?

3 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

13 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

14 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

14 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

15 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

15 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

18 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

19 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

20 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

22 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

22 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

23 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাৰমাণৱিক বোমা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই, কিয় দেশদ্ৰোহী আখ্যা পালে অপেনহাইমাৰে?

editor by editor
August 6, 2023
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
পাৰমাণৱিক বোমা উপহাৰ দিলে, অথচ সেই অপেনহাইমাৰকেই দেশদ্ৰোহী আখ্যা দিলে আমেৰিকাই, কিয় দেশদ্ৰোহী আখ্যা পালে অপেনহাইমাৰে?
0
SHARES
426
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ খালী চকুৰে মনিব নোৱাৰি। অথচ সেই ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰমাণুৱেই যে শক্তিৰ ভাণ্ডাৰ সেই কথা এসময়ত কল্পনাই কৰিব পৰা নাছিল মানুহে। অথচ দ্বিতীয় বিশ্বযুদ্ধৰ ইতিহাস খুঁচৰিলেই দেখা যায় হিটলাৰ, নাজী, ৰুছ লালফৌজৰ পৰা আৰম্ভ কৰি পাৰ্ল হাৰ্বাৰ সকলোৰে মুখে মুখে পাৰমানৱিক বোমাৰেই কথা। সভ্যতাৰ আৰম্ভনিৰে পৰাই যুদ্ধ মানৱ প্ৰজাতিৰ সৈতে অবিচ্ছেদ্য অংগ। কিন্তু দ্বিতীয় বিশ্বযুদ্ধত ধ্বংস আৰু ক্ষয়ৰ ছবি পৃথিৱীয়ে দেখিলে। এই যুদ্ধৰ সকলোতকৈ ভয়াৱহ ছবিয়েই গৈছে কনছেনট্ৰেছন কেম্পত হোৱা গণহত্যা আৰু হিৰোছিমা, নাগাচাকিৰ ‘ডেথ ইজ লাৰ্জাৰ দেন লাইফ’ এই মৃত্যুলীলা বিশ্বই দেখিলে। এই ঘটনাৰ পৰাই পৰমানু বোমাৰ কথা আহিলেই পোনতেই বিশ্বই মনত পেলাবলৈ বাধ্য হৈ পৰিল পাৰমানৱিক বোমাৰ জনক ৰবাৰ্ট অপেনহাইমাৰক। বিশ্বই কাহানিও ভাৱিব নোৱাৰা একোটা পৰমানুৰ শক্তি কিমান সেই কথা বিশ্ববাসীক দেখুৱাই দিয়া মানুহজনৰ কিন্তু সমগ্ৰ জীৱনেই বিতৰ্ক। সফল জীৱন স্বত্তেও ইতিহাসৰ এক ট্ৰেজিক চৰিত্ৰ অপেনহাইমাৰ। আমেৰিকাক পাৰমানৱিক বোমা উপহাৰ দিও দেশদ্ৰোহী আখ্যা পাইছিল অপেনহাইমাৰে। দ্বিতীয় বিশ্বযুদ্ধক লৈ জন্ম হোৱা বহু বিষণ্ণ আখ্যানৰ দৰেই তেওঁৰ জীৱনো অতি কৰুণ।

1958. American physicist J. Robert OPPENHEIMER.

কিয় দেশদ্ৰোহী আখ্যা পাইছিল অপেনহাইমাৰে?
অপেনহাইমাৰে দেশদ্ৰোহী আখ্যা পোৱাৰ কাৰণ বৰ্ণনা কৰিবলৈ উভতি যাব লাগিব তিনি দশক আগলৈ। পাৰমানৱিক বিভাজন বা নিউক্লিয়েৰ ফিউছনৰ দৰে বিক্ৰিয়াত নিউক্লিয়াছ নিউট্ৰন কম ভৰবিশিষ্ট নিউক্লিয়াছত পৰিণত হয়। কমি যোৱা ভৰৰ পৰাই তৈয়াৰ হয় বিপুল শক্তিৰ। সেই শক্তিক কামত লগালে কি পৰিস্থিতি হ’ব পাৰে তাৰ পৰীক্ষাও সম্পন্ন কৰিছিল বিজ্ঞানীয়ে। তাৰপিছতেই আৰম্ভ হৈছিল প্ৰকৃত দৌৰ। কোন বিজ্ঞানীয়ে আগতেই পাৰমানৱিক বোমা বনাব পাৰিব। ১৯৩৮ চনত দুই জাৰ্মান বিজ্ঞানী ফ্ৰিংজ ষ্ট্ৰেছমেন আৰু অট’ হেনে পাৰমানৱিক বিভাজন ঘটোৱাত সফল হয়। তাৰপিছত আৰু সেই গৱেষণা বিশেষ আগ নাবাঢ়িল। ইতিহাসতো সেই বিষয়ে বিশেষ কোনো কথা উল্লেখ নাই। এইসমূহৰ মাজতেই আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ। জাৰ্মানীৰ দখলত থকা চেকোস্লোভাকিয়াৰ পৰা তেজস্ক্ৰিয় মৌল ইউৰেনিয়ামৰ বিক্ৰিও সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। এইদৰে ইউৰেনিয়ামৰ বিক্ৰি বন্ধ হৈ পৰাত মাৰ্কিন বিজ্ঞানীৰ সন্দেহ ওপজে যে হিটলাৰে পাৰমানৱিক বোমা তৈয়াৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইহুদি বিজ্ঞানী অপেনহাইমাৰে আমেৰিকাক কিয় উপহাৰ দিলে পাৰমানৱিক বোমা?

পাৰমানৱিক বোমাৰ আতংকত কঁপি উঠিল আমেৰিকাত আশ্ৰয় লোৱা ইহুদি বিজ্ঞানী অপেনহাইমাৰ। তেওঁ মাৰ্কিন প্ৰেছিডেণ্টলৈ চিঠি লিখে। কেৱল তেঁৱেই নহয় খোদ আইনষ্টাইনেও এখন চিঠি লিখে। দুখনকৈ চিঠি লাভ কৰি আমেৰিকাৰ সেই সময়ৰ ৰাষ্ট্ৰপতি ৰুছভেল্টে সঁহাৰি জনাই দুই বিজ্ঞানীকেই। প্ৰেছিডেণ্ট ৰুছভেল্টে নিৰ্দেশ দিলে পাৰমানৱিক বোমা তৈয়াৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰক। লগে লগেই ‘মেনহাটন ইঞ্জিনিয়াৰীং ডিষ্ট্ৰিক্ট’ গঠনতো অনুমোদন জনাই প্ৰেছিডেণ্ট ৰুছভেল্টে। বিশেষ বোমা তৈয়াৰ কৰা ক্ষেত্ৰত মুখ্য দায়িত্ব দিয়া অপেনহাইমাৰক। কিন্তু তাতেই আৰম্ভ হ’ল বিতৰ্ক। জাৰ্মানীয়ে পোনতে পাৰমানৱিক বিভাজন কৰিও বোমা তৈয়াৰত পিছপৰি থাকিল। কিন্তু আমেৰিকাৰ উদ্বেগ বাঢ়িয়েই থাকিল। যদি হিটলাৰৰ হাতত পাৰমাণৱিক বোমা পৰে তেন্তে পৃথিৱী সলাই পেলাব হিটলাৰে। হিটলাৰৰ হাতত এই অস্ত্ৰ পৰাৰ আগতেই কিবা এটা কৰিবই লাগিব। ইফালে দায়িত্বভাৰ লৈয়েই অপেনহাইমাৰে কৰ্মত আগবাঢ়িল। অপেনহাইমাৰক যি দায়িত্ব দিয়া হৈছিল একেই দায়িত্ব লাভ কৰিছিল আন এজন বিজ্ঞানী ৱাৰ্ণাৰ হাইজেনবাৰ্গেও কিন্তু হাইজেনবাৰ্গে এই কামত আগবাঢ়িব নোৱাৰিলে।

ভাৰতৰ সৈতেও সম্পৰ্ক আছিল অপেনহাইমাৰৰ!
১৯৪৫ চনৰ ১৬ জুলাই। ইতিহাসত এই দিনটোক ‘দ্যা ট্ৰিনিটি টেষ্ট’ নামে জনা যায়। সেই পুৱাটো অপেনহাইমাৰৰ বাবে বিশেষ আছিল। অপেনহাইমাৰৰ চকুৰ সন্মুখত ভাহি উঠিছিল মৃত্যুৰ উজ্জ্বল পোহৰ। বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বিষ মেঘৰ ফালে চাই গীতাৰ শ্লোক উচ্চাৰণ কৰি বহি আছিল মেনহাটন প্ৰজেক্টৰ মুখ্য বিজ্ঞানী অপেনহাইমাৰ। ‘নাউ আই হেভ বিকেম ডেথ, দ্যা ডেষ্ট্ৰায়াৰ অৱ ৱাৰ্ল্ডছ’। এই দিনটো তেওঁৰ নিজৰো মৃত্যু দিন বুলি কৈছিল অপেনহাইমাৰে। সেই দিনা পৰীক্ষা সম্পন্ন কৰাৰ এমাহ পাছতেই হিৰোছিমা নাগাচাকিত বিস্ফোৰণ। ৬ আৰু ৯ আগষ্ট। দুখন ঠায়েই মৃত্যু উপত্যকাত পৰিণত হৈ পৰিল। তাৰপাছতেই জাপানে আত্মসমৰ্পন কৰিলে। দ্বিতীয় বিশ্বযুদ্ধ শেষ হ’ল। কিন্তু চিৰদিনৰ বাবে সলনি হৈ গ’ল পৃথিৱীৰ ৰং। সলনি হ’ল অপেনহাইমাৰৰ জীৱন।

‘মোৰ হাতত এতিয়া কেৱল তেজৰ চেকুৰা’, কিয় কৈছিল অপেনহাইমাৰে?

লছ আলমাছত তৈয়াৰ হোৱা পৰমাণু বোমাৰ কাৰখান ভাঙি দিয়াৰ নিৰ্দেশ দিলে অপেনহাইমাৰে। এই যে তেওঁ প্ৰকল্পটো ভাঙি দিয়াৰ নিৰ্দেশ দিলে তেতিয়াৰে পৰাই আৰম্ভ হ’ল মাৰ্কিন প্ৰশাসনৰ কাষত তেওঁৰ পৃথক ভাৱমূৰ্তি। তৎকালীন মাৰ্কিন প্ৰেছিডেণ্ট হেৰল্ড টুমানক এডোৱাৰ্ড টেলৰৰ দৰে বিজ্ঞানীয়ে পৰামৰ্শ দিলে যে, পাৰমানৱিক বোমাক লৈ আৰু পৰীক্ষা নিৰীক্ষা হওক। যাতে ভৱিষ্যতে নিজৰ মৰণাস্ত্ৰসমূহক আৰু উন্নত কৰিব পৰা যায়। কিন্তু অপেনহাইমাৰে হিৰোছিমা-নাগাছাকিৰ ভয়ংকৰ ঘটনাৰ ছবিখন পাহৰিব নোৱাৰিলে। তেওঁ হৈ উঠিল ‘মেকহেথ’। ষ্টান প্ৰেছিডেণ্টক তেওঁ ক’লে যে তেওঁৰ হাতত তেজ লাগি আহিছে। এই কথা শুনিয়েই ট্ৰুমানে তেওঁৰ পকেটৰ পৰা এখন বগা ৰুমাল উলিয়াই অপেনহাইমাৰৰ হাতত তুলি দিয়ে। নিষ্প্ৰভ কণ্ঠেৰে তেওঁ অপেনহাইমাৰক ক’লে, মুছি দিলেই তেজৰ দাগ গুচি যায়।

ৰাজনীতিবিদে কৰিব পৰা কাম বিজ্ঞানীয়ে কিয় কৰিব নোৱাৰে?

প্ৰকৃততে ৰাজনীতিবিদসকলে যি কাম পাৰে সেই কাম এজন বিজ্ঞানীয়ে কাহানিও কৰিব নোৱাৰে। সেই কথাই সত্য প্ৰতিপন্ন হৈছিল অপেনহাইমাৰৰ কাষত। বিবেকৰ দংশনত হৃদয় ভাঙি চূৰমাৰ হৈছিল বিজ্ঞানী অপেনহাইমাৰৰ। হৃদয়ৰ সেই ক্ষতস্থান আৰু লুকুৱাই ৰাখিব নোৱাৰিলে বিজ্ঞানী অপেনহাইমাৰে। পৰবৰ্তী সময়ত তেওঁ ছোভিয়েট ইউনিয়নৰ সৈতে তেওঁ পৰমানু গৱেষণাৰ নথি ভাগবটোৱাৰা কৰি ল’বলৈ মন কৰিলে। তেওঁ বিচাৰিলে যে সকলো বিশ্বই মিলি মাৰণাস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত বিশেষ নিয়ন্ত্ৰণ কক্ষ নিৰ্মাণ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে। বিজ্ঞানী অপেনহাইমাৰৰ এই কথা কিন্তু পছন্দ নহ’ল মাৰ্কিন প্ৰশাসনৰ। সেই সময়তেই এডৱাৰ্ড টেলৰৰ দৰে বিজ্ঞানীয়েও অপেনহাইনাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰিল। এই ষড়যন্ত্ৰ চলি থকাৰ মাজতেই ষ্টেলিনৰ হাতলৈ আহিল পাৰমানৱিক বোমা। ছোভিয়েটৰ সফল পাৰমানৱিক পৰীক্ষাৰ পাছতেই পোহৰলৈ আহিল আন এক ভয়ংকৰ তথ্য। আমেৰিকাৰ হাতৰ পৰাই পাৰমানৱিক গৱেষণাৰ সমূহ তথ্য লাভ কৰিলে ছোভিয়েটে। এই তথ্য ফাঁছ কৰাৰ ক্ষেত্ৰত সকলোৰে সন্দেহৰ আঙুলি উঠিল আইনষ্টাইলৰ প্ৰিয় অপেনহাইমাৰৰ দিশতেই। তেওঁক আমেৰিকাৰ প্ৰশাসনে ষ্টেলিনৰ চোৰাংচোৱা বুলি সন্দেহ কৰিবলৈ আৰম্ভ কৰে।

দ্বিতীয় বিশ্বযুদ্ধৰ নাম ল’লেই সকলোৱে কিয় নাম লয় অপেনহাইমাৰৰ?

অপেনহাইমাৰৰ ওপৰত আইনী বিচাৰ আৰম্ভ হ’ল। তেওঁৰ ফোনকল ৰেকৰ্ডো এটা আমেৰিকান চোৰাংচোৱাই উলিয়াই আনিলে। কিন্তু শেষপৰ্যন্ত ‘পাৰ্ছনেল ছিকিউৰিটি বোৰ্ড’এ জনাই যে তেওঁ দেশদ্ৰোহী নহয়। কিন্তু লছ আলামাছত ৰৈ যোৱা পাৰমানৱিক গৱেষণাৰ পত্ৰসমূহত অপেনহাইমাৰৰ কোনো অধিকাৰ নাই বুলি জনাই দিয়ে আমেৰিকাই। অপেনহাইমাৰৰ ঘনিষ্ঠ এগৰাকীয়ে জনোৱা অনুসৰি, এই ঘটনা পৰিঘটনাৰ পাছত প্ৰায় ডেৰ দশক সময় জীয়াই আছিল অপেনহাইমাৰ। তেওঁ তেতিয়ালৈ পৰিচিত হৈ পৰিছিল ‘ব্ৰকেন মেন’ হিচাপে। ১৯৬৭ চনত কৰ্কটত আক্ৰান্ত হৈ মৃত্যু হয় অপেনহাইমাৰৰ। তেওঁৰ মৃত্যুৰ ৫দশক পাছতো কমিউনিষ্ট-ঘনিষ্ঠতা বা আন পৰস্পৰবিৰোধী আচৰণক লৈ চৰ্চা অব্যাহত আছে। শেহতীয়াকৈ বিখ্যাত ছবি পৰিচালক নোলানে তেওঁৰ জীৱন সম্পৰ্কীয় ছবিখন নিৰ্মাণ কৰিছে। ছবিখনৰ মুক্তিৰ পাছতেই আকৌ চৰ্চাৰ শিখৰত অপেনহাইমাৰৰ কাহিনী। দ্বিতীয় বিশ্বযুদ্ধ কথা মনলৈ আহিলেও সকলোৰে মনত দোলা দিয়ে এটম বোমাৰ জনক অপেনহাইমাৰেও। সেই মহাৰণৰ ইতিহাস লুটিয়ালেই পুনৰাবৃত্তি হৈ থাকিব এই যুদ্ধক শেষ কৰি পেলোৱা মহাৰথী অপেনহাইমাৰৰ নাম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
ইনষ্টাগ্ৰামৰ পৰা ছানিয়াক আঁতৰালে ছোৱেইবে, ছানিয়া-ছোৱেইবৰ সম্পৰ্কক লৈ নতুন আপডেট

ইনষ্টাগ্ৰামৰ পৰা ছানিয়াক আঁতৰালে ছোৱেইবে, ছানিয়া-ছোৱেইবৰ সম্পৰ্কক লৈ নতুন আপডেট

মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

মুখ্যমন্ত্ৰীৰ ১৩টা বৃহৎ ঘোষণা! মাটি যাত্ৰাৰ পাছতহে আৰম্ভ হ’ব অমৃতকাল, স্বাধীনতা দিৱসক লৈ ৰাজ্য চৰকাৰৰ কি কি সিদ্ধান্ত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.