অসম লাইভ২৪ঃ বক্তব্যত প্ৰধানমন্ত্ৰী মোদীৰ টাৰ্গেট এতিয়া ৰাহুল গান্ধী। ৰাহুলৰ প্ৰেমৰ দোকানক লৈ মন্তব্য প্রধানমন্ত্ৰী মোদীৰ। প্রধানমন্ত্ৰী মোদীয়ে ৰাহুল গান্ধীৰ প্ৰেমৰ দোকানক লৈ কয়, ‘তেওঁলোকে কৈছে তেওঁলোকে প্ৰেমৰ দোকান খুলিছে আৰু আমি ঘৃণাৰ দোকান খুলিছো। কিন্তু মই দেশৰ জনতাক কওঁ, তেওঁলোকে লুটপাটৰ দোকান খুলিছে। তেওঁলোকে ভাৰতক দেউলীয়া কৰিহে এৰিব এয়া মোৰ গেৰাণ্টি। আপোনালোকে জানি থওক যে, তেওঁলোকৰ প্ৰেমৰ দোকানত অচিৰেই তলা ওলমিব। কিন্তু আমাৰ গেৰাণ্টি হৈছে যে, আমি আমাৰ শাসনকালত দেশক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশলৈ লৈ যাম।’
ৰাহুলৰ মন্তব্যৰ প্ৰত্তুত্ত্যৰ
অনাস্থা প্ৰস্তাৱক কেন্দ্ৰ কৰি ৰাহুলে বুধবাৰে ৰখা বক্তব্যত কৈছিল যে, মোদী ৰাৱনৰ দৰেই অহংকাৰী। সেই অহংকাৰ লৈয়েই মোদী ডুবি যাব। সেই মন্তব্যৰো উত্তৰ প্ৰধানমন্ত্ৰী মোদীয়ে দিছে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়,’ঠিকেই কৈছে লংকা ৰাৱনৰ অহংকাৰতেই ডুবিছিল। যেনেকৈ কংগ্ৰেছক তেওঁলোকৰ অহংকাৰে ডুবাইছে। ৰামৰূপী জনতাই তেওঁলোকক সেয়ে ৪০০ৰ পৰা ৪০ লৈ নমাই আনিছে। এই গোটৰ নাম ‘ইণ্ডিয়া’ নহয় ‘ঘমণ্ডিয়া’ হ’ব লাগে।’
বিৰোধী জোঁটৰ সকলোৱেই প্রধানমন্ত্ৰী হ’ব খোজে
বিৰোধী জোঁটক কটাক্ষ কৰি মোদীয়ে কয়, ‘এখন এখন ৰাজ্যত তেওঁলোকৰ জোঁটৰ মানুহবোৰ এটাই আনটো দলৰ বিৰুদ্ধাচৰণ কৰি আছে। অথচ কেন্দ্ৰত এজনে আনজনৰ হাতত ধৰিছে। কেন্দ্ৰৰ বিৰোধীতা কৰিবলৈহে হাতখন ধৰিছে। তেওঁলোকৰ সকলো নেতাৰেই এটাই সপোন প্ৰধানমন্ত্ৰী হোৱাৰ সপোন।’
নিজৰ নাম ৰক্ষা কৰিবলৈকে তেওঁলোকে ভাৰতক টুকুৰা টুকুৰা কৰিছে
বিৰোধী জোঁটৰ নতুন নামকৰণক লৈ কটাক্ষ কৰিছে মোদীয়ে। নতুন নাম ৰাখিবলৈ গৈ ভাৰতক টুকুৰা টুকুৰা কৰিছে বিৰোধীয়ে বুলিও মন্তব্য কৰিছে। মোদীয়ে ইয়াৰ বাখ্যা দাঙি ধৰি কয়, ‘বিৰোধীৰ নতুন নামৰ প্ৰতিটো আখৰৰ শেষতেই ডট ডট আছএ। অৰ্থাৎ এনডিএ আৰু ডি আৰ এ আখৰকেইটাও তেওঁলোকে চুৰ কৰিছে।
বক্তৃতাৰ শেষত বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ খাৰিজ
লোকসভাত মোদীৰ বক্তৃতাৰ অন্ততেই বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱ খাৰিজ হ’ল। বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ খাৰিজ হয় ভোটদান প্ৰক্ৰিয়াৰ জৰিয়তে। অধ্যক্ষ ওম বিৰালাই জনাই যে, সংখ্যাগৰিষ্ঠতাত অনাস্থা প্ৰস্তাৱৰ বিপক্ষেই ভোট বেছিকৈ পৰাৰ বাবে এই প্ৰস্তাৱ খাৰিজ হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















