অসম লাইভ২৪ঃ কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আগ্ৰহী নেকি? এইবাৰ ChatGPTত ওলাইছে চাকৰি। ChatGPTৰ বাবেই বিশ্বৰ কোটি কোটি মানুহে চাকৰি হেৰুৱাৰ সময়তে ChatGPTক চলাবলৈ মানুহৰ প্ৰয়োজনৰ কথা ঘোষণা কৰিছে। বাৰ্ষিক কোটি টকাৰ বিনিময়ত কোডিং জনা কৰ্মী বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰিছে সংস্থাটোৱে। বিগত নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ChatGPTৰ যাত্ৰা। বৰ্তমান এই সংস্থাই মাৰ্কিন যুক্তৰাষ্ট্ৰসহ একাধিক দেশত কামকাজ আৰম্ভ কৰিছে। ভাৰততো এই ChatGPT ব্যৱহাৰ বৃদ্ধি পাইছে। ক্ৰমশ বাঢ়িছে সংস্থাটোৰ পৰিধি। কিন্তু মানুহ অবিহনে সকলো কাম কৰিবলৈ সম্ভৱ হোৱা ChatGPTয়ে আকৌ কিয় তেওঁলোকৰ কৰ্মক্ষেত্ৰত মানুহ বিচাৰিছে?
ChatGPT য়ে কাক বিচাৰিছে?
সংস্থাৰ বিজ্ঞাপ্তি অনুসৰি, তেওঁলোকে এনে কৰ্মচাৰী বিচাৰিছে যিসকলে কোডিং সহ মেছিন লাৰ্নিঙৰ পৰ্যাপ্ত দক্ষতা আছে। সম্প্ৰতি এটা পডকাষ্টত এই আই সংস্থাৰ চুপাৰ এলাইনমেণ্টৰ প্ৰধান দায়িত্বত থকা জেন লেইকে কয়, তেওঁ কেইবাজনো ৰিচাৰ্ছ ইঞ্জিনীয়াৰ, ৰিচাৰ্ছ ছাইনটিষ্ট আৰু ৰিচাৰ্ছ মেনেজাৰ নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ লগতে কয় যে, চলিত বছৰপ শেষৰলৈকে প্ৰায় ১০ জন ইঞ্জিনীয়াৰ তেওঁ নিয়োগ কৰিব। আগন্তুক বৰ্ষত এই সংখ্যা আৰু বৃদ্ধি পাব।
ChatGPTত চাকৰি কৰিবলৈ কি কি যোগ্যতা লাগিব?
এই সন্দৰ্ভত তেওঁ কয়, এনে প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব যিসকলে কোডিং ভালধৰণে জানে, মেছিন লাৰ্নিঙৰ জ্ঞান আছে আৰু সমালোচনামূলক চিন্তাভাৱনাৰ যোগ্যতা থকা ব্যক্তিক অগ্ৰাধিকাৰ দিয়া হ’ব। কৃত্ৰিম বুদ্ধিমত্তাৰ সুৰক্ষাৰ দিশটোক অগ্ৰাধিকাৰ দিয়াটো জৰুৰী। জেন লেইকে লগতে কয়, ‘কৃত্ৰিম বুদ্ধিমত্তাৰ বিষয়ে পিএইছডি কৰিব নালাগে কিন্তু মেছিন লাৰ্নিং মডেল তৈয়াৰ কৰাৰ জ্ঞান থকাতো জৰুৰী।’
কিমান ধন লাভ কৰিব?
যিসকল কৰ্মীয়ে এই কামত নিয়োগ লাভ কৰিব তেওঁলোকৰ বাৰ্ষিক দৰমহা হ’ব ২,৪৫,০০০ ডলাৰৰ পৰা ৪,৫০,০০০ডলাৰ। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমাণ ২ কোটি টকাৰ পৰা ৩.৭কোটি টকা। এই দৰমহাৰ ওপৰিও আন কেইবাটাও সা সুবিধা লাভ কৰিব ব্যক্তিগৰাকীয়ে। এই সন্দৰ্ভত অধিক জানিবলৈ আগ্ৰহী প্ৰাৰ্থীয়ে এআইৰ ৱেবচাইটত গৈ চাৰ্ছ কৰিলেই সবিশেষ তথ্য লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















