অসম লাইভ২৪ঃ এই মুহূৰ্তত দেশৰ সকলোতকৈ ধনী ব্যক্তি হৈছে মুকেশ আম্বানী। বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ তালিকাত নাম আছে মুকেশ আম্বানীৰ। মুকেশৰ ৰিলায়েন্স গোষ্ঠীৰ চেয়াৰমেন। ২০২৯ চন পৰ্যন্ত তেওঁ ৰিলায়েন্সৰ চেয়াৰমেনৰ দায়িত্বত থাকিব। নিজে দায়িত্বাভাৰ লৈ থকাৰ সময়ত উত্তৰসূৰী কাক কি দায়িত্ব দিব তাৰ পৰিকল্পনা আৰম্ভ কৰিছে মুকেশ আম্বানীয়ে। আকাশ, ইশা আৰু অনন্ত কাক কি দায়িত্ব দিব পিতৃয়ে তাকে লৈ আৰম্ভ হৈছে জল্পনা। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ নেতৃত্বত উল্লেখযোগ্য পৰিবৰ্তন আনিছে আম্বানীয়ে। মুকেশৰ কন্যা ঈশা আৰু দুই পুত্ৰ অনন্ত আৰু আকাশক ৰিলায়েন্সৰ নতুন ডাইৰেক্টৰ হিচাপে ঘোষণা কৰিছে। ৰিলায়েন্স গোষ্টীৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ জন্মবাৰ্ষিকীত প্ৰত্যেকবছৰে ৰিলায়েন্স ফেমিলি ডেৰ আয়োজন কৰা হয়। সেই অনুষ্ঠানত বৰ্ডৰ নতুন ডাইৰেক্টৰৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
মুকেশ আম্বানীয়ে ঢাপে ঢাপে ৰিলায়েন্সৰ বিভিন্ন দায়িত্ব তেওঁৰ তিনি সন্তানৰ হাতত গতাই আহিছে। কেইবাটাও সংস্থাৰ দায়িত্বভাৰ তেওঁ সন্তানৰ হাতত তুলিও দিছে। কোন সংস্থাত কাক কি দায়িত্ব দিছে আম্বানীয়ে? পূৰ্বৰে পৰা আকাশ, ঈশা, অনন্ত কি কি দায়িত্বত আছে? ভাৰতত ডিজিটেল বিপ্লৱ আনিছে ৰিলায়েন্স গোষ্ঠীৰ টেলিকম সংস্থা জিঅ’ই। এই সংস্থাৰ দায়িত্ব আছে বৰ্তমান আকাশৰ ওপৰত। তেওঁ জিঅ’ ইনফোকম লিমিটেডৰ চেয়াৰমেনৰ দায়িত্বত আছে। মুকেশৰ হাতত ধৰি বজাৰলৈ অহা এই টেলিকম সংস্থাৰ যাত্ৰা আৰম্ভ হোৱা কেইবাটাও বছৰ সম্পূৰ্ণ হৈছে। বৰ্তমান ৫ জি ক লৈ কাম কৰি আছে জিঅ’ই। জিঅ’ৰ মাধ্যমেৰে ভাৰতৰ প্ৰযুক্তিগত ভৱিষ্যতক নতুন ৰূপ দিয়াৰ কথাও জনাইছে আকাশ আম্বানীয়ে। ইফালে ৰিলায়েন্স ৰিটেলৰ দায়িত্বত আছে মুকেশ আম্বানীৰ কন্যা ঈশা। খুচুৰা ব্যৱসায়ত ঈশাৰ নেতৃত্ব উল্লেখযোগ্য। ঈশাই দায়িত্ব লোৱাৰ পাছতেই অৰ্থনৈতিকভাৱে লাভৱান হৈছে আম্বানী গ্ৰুপ। দুই লাখতকৈয়ো অধিক নিবনুৱাক কৰ্মসংস্থাপন দিছে ৰিলায়েন্স ৰিটেলে।
মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী ৰিলায়েন্স এনাৰ্জীৰ গুৰুত্বপূৰ্ণ পদত আছে। অনন্তৰ নেতৃত্বত আম্বানীৰ শক্তি আৰু ইন্ধনৰ ক্ষেত্ৰত শক্তিশালী ব্যৱসায় গঢ়ি তুলিবলৈ আৰম্ভ কৰিছে আম্বানীয়ে। এইবাৰ মুকেশ আম্বানীয়ে তিনিটা সন্তানকেই নতুন কেইটামান দায়িত্ব দিবলৈ আগবাঢ়িছে। যিয়ে যি বিষয়ত দক্ষ সেই বিষয়লৈ লক্ষ্য ৰাখিহে দায়িত্ব দিব আম্বানীয়ে বুলি এক ঘনিষ্ঠ সূত্ৰই প্ৰকাশ কৰিছে।
পূৰ্বে এক সাক্ষাৎকাৰত মুকেশ আম্বানীয়ে কৈছিল, ‘ৰিলায়েন্স গোষ্ঠীৰ প্ৰতি তেওঁৰ দায়িত্ববোধৰেই পৰবৰ্তী প্ৰজন্মকো তেওঁ নেতৃত্ব ল’ব পৰাকৈ দায়বদ্ধশীল কৰি তুলিব। সূত্ৰৰ খবৰ অনুসৰি মুকেশে আম্বানীয়ে তিনি সন্তানকে ব্যৱসায় সম্বন্ধীয় কথাবোৰ শিকাবলৈ যত্ন কৰি আহিছে। কেনেকৈ ৰিলায়েন্স গোষ্ঠীক আৰ্থিকভাৱে শক্তিশালী কৰিব পাৰি এই বিষয়েও তেওঁ তিনি সন্তানক বুজাই আহিছে। প্ৰতিবছৰে ধীৰুভাইৰ জন্মবাৰ্ষিকী হিচাপে ২৮ ডিচেম্বৰ দিনটো আম্বানী পৰিয়ালৰ বাবে বিশেষ। সেই দিনাই আনুষ্ঠানিকভাৱে নতুন দায়িত্ব লাভ কৰিব আম্বানীৰ তিনি সন্তানে।
ধীৰুভাইয়ে ১৯৫৮ চনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ প্ৰতিষ্ঠা কৰিছিল। বাণিজ্য আৰু শিল্প ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে মৰোণোত্তৰ পদ্মবিভূষণ সন্মানো দিয়া হৈছে। ভাৰতীয় বাণিজ্যিক ক্ষেত্ৰত অন্যতম উদ্যোগপতি ধীৰুভাইৰ বিৰুদ্ধে কিন্তু জীৱনকালত কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈছিল। বিভিন্ন প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি ২০২৯ চনৰ পাচত ৰিলায়েন্সৰ দায়িত্বত আৰু মুকেশ আম্বানী নাথাকে। এই সময়সীমাৰ ভিতৰত তেওঁ সন্তানক উপযুক্ত কৰি তুলি দায়িত্ব অৰ্পণ কৰিবলৈ সাজু হৈ উঠিছে। বৰ্তমান মুকেশ আম্বানীৰ মুঠ সম্পত্তিৰ পৰিমান ৭,৩৫,৮৮০ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ