অসম লাইভ২৪ঃ মঙলবাৰৰ পৰা নতুন সংসদভৱনতেই বহিছে বিশেষ অধিবেশন৷ লোকসভাৰ কাৰ্যক্ৰম দুপৰীয়া ১ বাজি ১৫ মিনিটত আৰম্ভ হয় আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰম আৰম্ভ হয় দুপৰীয়া ২বাজি ১৫ মিনিটৰ পৰা৷ মুঠ ১২৮০ জন সাংসদ বহাৰ ব্যৱস্থা আছে এই নতুন ভৱনত৷ এই অত্যাধুনিক নতুন সংসদ ভৱন তৈয়াৰ কৰোতে খৰচ হৈছে প্ৰায় ১২০০ কোটি টকা৷ ১২০০ কোটিৰে নিৰ্মাণ কৰা এই নতুন সংসদ ভৱনৰ বিশেষত্ব কি কি?
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ মে মাহতেই এই নতুন সংসদ ভৱন উদ্বোধন কৰিছিল৷ লোকসভাৰ কক্ষত মুঠ ৪৪৪ জন সদস্য বহাৰ ব্যৱস্থা আছে আৰু ৰাজ্যসভাৰ কক্ষত মুঠ ৩০০ জন সদস্য বহাৰ ব্যৱস্থা আছে৷ উভয় কক্ষৰ যৌথ বৈঠকৰ বাবে লোকসভাৰ কক্ষত মুঠ ১২৮০ জন সদস্য বহিব পাৰে৷ প্ৰথমে এই প্ৰকল্পৰ বাবে খৰচ আছিল ১০০০ কোটি টকাতকৈয়ো কম৷ ২০২০ চনৰ ১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল৷ এই হিচাপত মাত্ৰ ৩ বছৰতকৈয়ো কম সময়ত প্ৰস্তুত কৰা হৈছে নতুন সংসদভৱন৷ মুঠ ৬৪,৫০০ স্কোৱাৰ মিটাৰ এলেকা জুৰি তৈয়াৰ কৰা হৈছে এই নতুন ভৱন৷ ত্ৰিভূজাকাৰ ভৱনটোৰ ক্ষেত্ৰতফল পুৰণা সংসদ ভৱনতকৈ প্ৰায় ১৭০০০ স্কোৱাৰ মিটাৰ ডাঙৰ৷
কোনে তৈয়াৰ কৰিছে এই নতুন সংসদ ভৱন?
নতুন সংসদ ভৱন নিৰ্মাণৰ দায়িত্ব লৈছিল টাটা প্ৰজেক্টছে৷ ২০২০ চনত এই ভৱন তৈয়াৰ কৰিবলৈ ৯৭১ কোটি টকাৰ বাজেট ধৰা হৈছিল৷ কিন্তু পাছলৈ এই খৰচ বাঢ়ি যায়৷ টাটা প্ৰজেক্টছে নতুন সংসদ ভৱন নিৰ্মাণৰ কাম দ্ৰুতভাৱেই সামৰিছে৷ কিন্তু ২০২২ চনৰ জানুৱাৰী মাহত সংসদ ভৱন নিৰ্মাণ সন্দৰ্ভত নতুন তথ্য প্ৰকাশ কৰিছিল টাটাৰ তৰফৰ পৰা৷ তাতেই টাটাৰ তৰফৰ পৰা জনোৱা হৈছিল যে এই প্ৰজেক্টত আৰু ২০০ কোটি টকাৰ প্ৰয়োজন৷ কাৰণ পূৰ্বৰ হিচাপত দিয়াতকৈ ইলেক্ট্ৰনিক্সসহ কেইটামান সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত বাজেট বাঢ়ি গৈছে৷ ইয়াৰোপৰি সংসদ ভৱনৰ ভিতৰত অত্যাধুনিক অডিঅ’ ভিজুৱেল চিষ্টেম, সংসদ সদস্যসকলৰ টেবুলে টেবুলে টেবলেটকে ধৰি বিভিন্ন সামগ্ৰীও দিব লগা হোৱাত এই ব্যয় বৃদ্ধি হৈছে৷ সংসদ ভৱনৰ প্ৰৱেশদ্বাৰেই মুঠ ৬খন৷ তাৰমাজতেই অশ্ব, গজ আৰু গৰুড় গেট হৈছে আনুষ্ঠানিক দুৱাৰ৷ এই গেটসমূহেৰে উপৰাষ্ট্ৰপতি, অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰে৷ অন্য তিনিখন গেট হৈছে মকৰ গেট, শাৰ্দুল গেট আৰু হংস গেট৷ এই গেটসমূহ সাংসদ আৰু সাধাৰণ জনতাৰ বাবে মুকলি থাকে৷ সংসদ ভৱনৰ ভিতৰত আছে কেফে, ডাইনিং এলেকা, ইয়াৰোপৰি কক্ষসমূহ হাইটেক প্ৰযুক্তিসম্পন্ন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ