• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাধাৰণ অথচ অসাধাৰণ! সাতোজনমলৈ এক হোৱাৰ পৰত পৰী-ৰাঘৱে দিলে বিশেষ বাৰ্তা, অতিথিৰ পৰা উপহাৰ নহয় ল’লে কেৱল একাঁজলী আশীৰ্বাদ

সাধাৰণ অথচ অসাধাৰণ! সাতোজনমলৈ এক হোৱাৰ পৰত পৰী-ৰাঘৱে দিলে বিশেষ বাৰ্তা, অতিথিৰ পৰা উপহাৰ নহয় ল’লে কেৱল একাঁজলী আশীৰ্বাদ

3 years ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

16 minutes ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

1 hour ago
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

10 hours ago
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

10 hours ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

11 hours ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

12 hours ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

14 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

15 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

16 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

16 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

17 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাধাৰণ অথচ অসাধাৰণ! সাতোজনমলৈ এক হোৱাৰ পৰত পৰী-ৰাঘৱে দিলে বিশেষ বাৰ্তা, অতিথিৰ পৰা উপহাৰ নহয় ল’লে কেৱল একাঁজলী আশীৰ্বাদ

editor by editor
September 25, 2023
in জীৱনশৈলী, বিনোদন, ভাৰত, ৰাজনীতি, লেখা
0
সাধাৰণ অথচ অসাধাৰণ! সাতোজনমলৈ এক হোৱাৰ পৰত পৰী-ৰাঘৱে দিলে বিশেষ বাৰ্তা, অতিথিৰ পৰা উপহাৰ নহয় ল’লে কেৱল একাঁজলী আশীৰ্বাদ
0
SHARES
687
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লাঞ্চ ডেটৰ পৰা আৰম্ভ হোৱা সেই প্ৰেমে অৱশেষত পূৰ্ণতা পালে। আজীৱন একেলগে বাট বুলাৰ কথাবোৰ আওৰাই এক হ’ল পৰিণীতি আৰু ৰাঘৱ। অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডাই আৰম্ভ কৰিলে জীৱনৰ নতুন ইনিংছ। জীৱনত নতুন অধ্যায় আৰম্ভ কৰিলেও সামাজিক মাধ্যমত কিন্তু তেনেই সাধাৰণভাৱেই ৰাঘৱে শ্বেয়াৰ কৰিলে কেইখনমান ফটো। দেওবাৰে ৰাজস্থানৰ উদয়পুৰত বিবাহৰ অনুষ্ঠান আয়োজন কৰিছিল ৰাঘৱ-পৰিণীতিয়ে। ৰাঘৱে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিলেও পৰিণীতিয়ে কিন্তু বিবাহক লৈ এখনো ফটো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই।

নৱদম্পত্তিক বিয়াৰ সাজত চাবৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল অনুৰাগীয়ে। অৱশেষত বিবাহৰ পাছদিনা অৰ্থাৎ সোমবাৰে সামাজিক মাধ্যমত বিবাহৰ ছবি পষ্ট কৰিলে ৰাঘৱ চাড্ডাই। পৰিণীতিৰ বিবাহৰ পোছাক তৈয়াৰ কৰিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীশ মলহোত্ৰাই। সোনালী আৰু গুলপীয়া ৰং মিশ্ৰিত বিশেষ লেহেংগা পৰিধান কৰিছিল পৰিণীতিয়ে। লেহেংগাত ষ্ট’নৰ বিশেষ কাম কৰা আছে। ডিঙিত হীৰা, পান্নাৰ বিশেষ নেকলেছ। মূৰত ষ্ট’নৰ বিশেষ টিকলি। পৰিণীতিয়ে মূৰত লোৱা চূৰ্ণীখনত লিখা আছে ৰাঘৱৰ নাম। মনীশ মলহোত্ৰাই জনোৱা অনুসৰি এই লেহেংগাৰ কাম সম্পূৰ্ণ হাতেৰেই কৰা হৈছে।

বায়েক প্ৰিয়ংকা চোপ্ৰাৰ অনুপ্ৰেৰণাতেই জীৱনসংগীৰ নাম চূৰ্ণীতো বিশেষভাৱে লিখিছে পৰিণীতিয়ে। প্ৰিয়ংকাইয়ো হোৱাইট ৱেডিং থীম লৈছিল। নিক জোনাছৰ নাম লিখা আছিল প্ৰিয়ংকাই লোৱা চূৰ্ণীখনতো। বিবাহৰ বাবে ৰাঘৱ পোছাক তৈয়াৰ কৰিছিল পৱন ছচদেৱে। বগা ছেৰৱানী, মূৰত সোণালী পাগুৰী, কান্ধত বিশেষ চূৰ্ণী ওপৰত মতিৰ মালা। ৰাঘৱ পৰিণীতিৰ পোছাক সাধাৰণ হ’লেও এই সাজ-সজ্জাত দেখা গৈছে এক ৰয়েল লুক। বিবাহ উপলক্ষ্যে বিগত সপ্তাহৰ আৰম্ভণিতেই মুম্বাইৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল পৰিণীতি।

বিবাহ উদয়পুৰত অনুষ্ঠিত হ’লেও বিবাহৰ একাধিক অনুষ্ঠান দিল্লীত ৰাঘৱৰ নিজা বাসগৃহত অনুষ্ঠিত হ’ব। সেই অনুষ্ঠানৰ মাজত আছে বিশেষ এক অনুষ্ঠান। সেয়া হৈথে ক্ৰিকেট মেচ। দুই পৰিয়ালৰ সদস্যই এই ক্ৰিকেট মেচত অংশ ল’ব। চাড্ডা আৰু চোপ্ৰা পৰিয়ালে অংশগ্ৰহণ কৰিব এই মেচত। ইয়াৰোপৰি আছে ছুফি গীতৰ বিশেষ অনুষ্ঠানো। পৰিণীতি আৰু ৰাঘৱৰ বাগদানৰ দৰে বিবাহৰ অনুষ্ঠানসমূহতো দুই পৰিয়ালৰ তৰফৰ পৰাই বিশেষ কীৰ্তনৰো ব্যৱস্থা ৰখা হৈছে।

শুকুৰবাৰে পুৱা ৰাজস্থানৰ উদয়পুৰত উপস্থিত হৈছিল পৰিণীতি আৰু ৰাঘৱ। শনিবাৰে দুপৰীয়া উদয়পুৰৰ বিলাসবহুল হোটেলত ৱেলকাম লাঞ্চ পাৰ্টীৰে আৰম্ভ হৈছিল বিবাহৰ অনুষ্ঠান। ৱেলকাম লাঞ্চৰ পাছতেই হালধী, মেহেন্দী, সংগীতৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। ৰাঘৱ আৰু পৰিণীতিৰ সংগীতৰ অনুষ্ঠানত গীত পৰিবেশন কৰিছিন জনপ্ৰিয় গায়ক নৱৰাজ হংসই। সংগীতৰ অনুষ্ঠানতো আছিল বিশেষ থিম।

নব্বৈৰ দশকৰ নষ্টালজীয়া থকা থীম বাচি লৈছিল পৰিণীতি-ৰাঘৱে। পৰিণীতি-ৰাঘৱৰ সংগীতৰ পাৰ্টীত আছিল মেগী, কেণ্ডি আদিৰ বিশেষ কাউণ্টাৰ। আমন্ত্ৰিত অতিথিক উপহাৰত দিয়া হৈছিল গীতৰ কেছেট। বলীউডৰ বিশেষ সূত্ৰৰ খবৰ অনুসৰি সেই কেছেটৰ প্লে লিষ্ট বা গানৰ তালিকা নিজেই তৈয়াৰ কৰিছিল অভিনেত্ৰী পৰিণীতিয়ে। উদয়পুৰৰ তাজ লীলা পেলেছত আয়োজিত অনুষ্ঠানত নৌকাৰে পৰিণীতিক বৰমালা পিন্ধাই সাতোজনমৰ লগৰী কৰিবলৈ গৈছিল ৰাঘৱে। ৰাঘৱৰ সৈতে বৰযাত্ৰীৰ দলত আছিল নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ দৰে কেইবাগৰাকীও ৰাজনৈতিক নেতা।

বিবাহৰ অনুষ্ঠানত অতিথিৰ তালিকাত আছিল শিৱসেনাৰ নেতা আদিত্য ঠাকৰেও। ৰাজনীতিকৰ ওপৰিও পৰিণীতি আৰু ৰাঘৱৰ বিয়াত উপস্থিত আছিল বলীউডৰ জনপ্ৰীয় ফেশ্বন ডিজাইনাৰ মনীশ মলহোত্ৰা। পৰিণীতিৰ প্ৰিয় বান্ধৱী টেনিছ তাৰকা ছানিয়া মিৰ্জা। কিন্তু এই সকলোবোৰৰ মাজত সকলোৱে আশা কৰিছিল প্ৰিয়ংকা চোপ্ৰাক দেখা যাব! সেই আশা সকলোৰে আশা হৈয়েই ৰ’ল। পৰিণীতিৰ বিবাহৰ অনুষ্ঠানত উপস্থিত নাথাকিল ভগ্নী প্ৰিয়ংকা চোপ্ৰা। উপস্থিত নাথাকিল জোনাছ পৰিয়ালৰ এজনো সদস্য। প্ৰিয়ংকা বা জোনাছ পৰিয়ালৰ কোনো এগৰাকী ব্যক্তিয়েই উপস্থিত নথকাৰ বিষয়টোক লৈ স্পষ্টীকৰণ দিছে মাতৃ মধুৱে। পৰিণীতিৰ মাতৃয়ে প্ৰিয়ংকাৰ অনুপস্থিতিক লৈ কয়, ‘প্ৰিয়ংকা কামক লৈ খুবেই ব্যস্ত হৈ আছে। সেয়ে বিবাহৰ অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলে।’ প্ৰিয়ংকা উপস্থিত নাথাকিলেও সামাজিক মাধ্যমেৰে ভগ্নীক নতুন জীৱনলৈ শুভেচ্ছা জনাইছে প্ৰিয়ংকাই।

উল্লেখ্য যে পৰিণীতি আৰু ৰাঘৱে তেওঁলোকৰ বিবাহ অনুষ্ঠানত কোনো অতিথিৰ পৰাই উপহাৰ গ্ৰহণ কৰা নাই। কেৱল উপস্থিত অতিথিৰ পৰা আশীৰ্বাদহে বিচাৰিছে নৱদম্পত্তিয়ে। বিবাহৰ পাছতেই পৰিণীতিয়ে আজীৱনৰ বাবে চোপ্ৰা টাইটেলৰ ওপৰিও চাড্ডা টাইটেল লোৱাৰ বেলিকা ‘য়ে জাৱানী হে দিৱানী’ চিনেমাৰ বিশেষ গীত ‘কবিৰা’ৰে বিদায় দিয়া হ’ল পৰিণীতিক। বিবাহৰ পাছতেই নিশা ৮ বজাৰ পৰা তাজ পেলেছত দিয়া হয় বিশেষ ৰিছিপশ্ব্যন পাৰ্টী। সেই পাৰ্টীত পৰিণীতিয়ে পৰিধান কৰিছিল গোলপীয়া শাৰী, ৰাঘৱে ক’লা ছ্যুট-পেণ্ট। অভিনেত্ৰী পৰী আৰু ৰাঘৱৰ আগন্তুক জীৱন সুখময় হ’বৰ বাবে বহুজনেই দুয়োকো সামাজিক মাধ্যমত জনাইছে শুভেচ্ছা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!
জীৱনশৈলী

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

June 18, 2026
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

June 18, 2026
চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ
অপৰাধ

চাইবাৰ অপৰাধীক সমাজৰ ‘পৰজীৱী’ আখ্যা উচ্চতম ন্যায়ালয়ৰ

June 17, 2026
The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান
বিনোদন

The Odysseyৰ প্ৰীমিয়াৰৰ বাবে মুম্বাইলৈ আহিব ক্ৰিষ্টোফাৰ নোলান

June 17, 2026
Next Post
মহিষাসুৰৰ সৈতে যুদ্ধ কৰিবলৈ দুৰ্গাৰ দহোখন হাতত আছিল ১০ বিধ অস্ত্ৰ! দেৱীৰ হাতত থকা ১০ বিধ অস্ত্ৰ কি কি? কোনে দেৱীক দান কৰিছিল এই অস্ত্ৰ?

মহিষাসুৰৰ সৈতে যুদ্ধ কৰিবলৈ দুৰ্গাৰ দহোখন হাতত আছিল ১০ বিধ অস্ত্ৰ! দেৱীৰ হাতত থকা ১০ বিধ অস্ত্ৰ কি কি? কোনে দেৱীক দান কৰিছিল এই অস্ত্ৰ?

স্পৰ্শ কৰিলেই হ’ব প্ৰৱল বিস্ফোৰণ! ধ্বংসৰ বাৰ্তা লৈ পৃথিৱীৰ ফালে আগুৱাই আহিছে ‘মহাকাশৰ পাৰমাণৱিক বোমা’

স্পৰ্শ কৰিলেই হ’ব প্ৰৱল বিস্ফোৰণ! ধ্বংসৰ বাৰ্তা লৈ পৃথিৱীৰ ফালে আগুৱাই আহিছে 'মহাকাশৰ পাৰমাণৱিক বোমা’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.