অসম লাইভ২৪ঃ লাঞ্চ ডেটৰ পৰা আৰম্ভ হোৱা সেই প্ৰেমে অৱশেষত পূৰ্ণতা পালে। আজীৱন একেলগে বাট বুলাৰ কথাবোৰ আওৰাই এক হ’ল পৰিণীতি আৰু ৰাঘৱ। অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডাই আৰম্ভ কৰিলে জীৱনৰ নতুন ইনিংছ। জীৱনত নতুন অধ্যায় আৰম্ভ কৰিলেও সামাজিক মাধ্যমত কিন্তু তেনেই সাধাৰণভাৱেই ৰাঘৱে শ্বেয়াৰ কৰিলে কেইখনমান ফটো। দেওবাৰে ৰাজস্থানৰ উদয়পুৰত বিবাহৰ অনুষ্ঠান আয়োজন কৰিছিল ৰাঘৱ-পৰিণীতিয়ে। ৰাঘৱে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিলেও পৰিণীতিয়ে কিন্তু বিবাহক লৈ এখনো ফটো এতিয়ালৈকে শ্বেয়াৰ কৰা নাই।
নৱদম্পত্তিক বিয়াৰ সাজত চাবৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল অনুৰাগীয়ে। অৱশেষত বিবাহৰ পাছদিনা অৰ্থাৎ সোমবাৰে সামাজিক মাধ্যমত বিবাহৰ ছবি পষ্ট কৰিলে ৰাঘৱ চাড্ডাই। পৰিণীতিৰ বিবাহৰ পোছাক তৈয়াৰ কৰিছে জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনীশ মলহোত্ৰাই। সোনালী আৰু গুলপীয়া ৰং মিশ্ৰিত বিশেষ লেহেংগা পৰিধান কৰিছিল পৰিণীতিয়ে। লেহেংগাত ষ্ট’নৰ বিশেষ কাম কৰা আছে। ডিঙিত হীৰা, পান্নাৰ বিশেষ নেকলেছ। মূৰত ষ্ট’নৰ বিশেষ টিকলি। পৰিণীতিয়ে মূৰত লোৱা চূৰ্ণীখনত লিখা আছে ৰাঘৱৰ নাম। মনীশ মলহোত্ৰাই জনোৱা অনুসৰি এই লেহেংগাৰ কাম সম্পূৰ্ণ হাতেৰেই কৰা হৈছে।
বায়েক প্ৰিয়ংকা চোপ্ৰাৰ অনুপ্ৰেৰণাতেই জীৱনসংগীৰ নাম চূৰ্ণীতো বিশেষভাৱে লিখিছে পৰিণীতিয়ে। প্ৰিয়ংকাইয়ো হোৱাইট ৱেডিং থীম লৈছিল। নিক জোনাছৰ নাম লিখা আছিল প্ৰিয়ংকাই লোৱা চূৰ্ণীখনতো। বিবাহৰ বাবে ৰাঘৱ পোছাক তৈয়াৰ কৰিছিল পৱন ছচদেৱে। বগা ছেৰৱানী, মূৰত সোণালী পাগুৰী, কান্ধত বিশেষ চূৰ্ণী ওপৰত মতিৰ মালা। ৰাঘৱ পৰিণীতিৰ পোছাক সাধাৰণ হ’লেও এই সাজ-সজ্জাত দেখা গৈছে এক ৰয়েল লুক। বিবাহ উপলক্ষ্যে বিগত সপ্তাহৰ আৰম্ভণিতেই মুম্বাইৰ পৰা দিল্লীলৈ ৰাওনা হৈছিল পৰিণীতি।
বিবাহ উদয়পুৰত অনুষ্ঠিত হ’লেও বিবাহৰ একাধিক অনুষ্ঠান দিল্লীত ৰাঘৱৰ নিজা বাসগৃহত অনুষ্ঠিত হ’ব। সেই অনুষ্ঠানৰ মাজত আছে বিশেষ এক অনুষ্ঠান। সেয়া হৈথে ক্ৰিকেট মেচ। দুই পৰিয়ালৰ সদস্যই এই ক্ৰিকেট মেচত অংশ ল’ব। চাড্ডা আৰু চোপ্ৰা পৰিয়ালে অংশগ্ৰহণ কৰিব এই মেচত। ইয়াৰোপৰি আছে ছুফি গীতৰ বিশেষ অনুষ্ঠানো। পৰিণীতি আৰু ৰাঘৱৰ বাগদানৰ দৰে বিবাহৰ অনুষ্ঠানসমূহতো দুই পৰিয়ালৰ তৰফৰ পৰাই বিশেষ কীৰ্তনৰো ব্যৱস্থা ৰখা হৈছে।
শুকুৰবাৰে পুৱা ৰাজস্থানৰ উদয়পুৰত উপস্থিত হৈছিল পৰিণীতি আৰু ৰাঘৱ। শনিবাৰে দুপৰীয়া উদয়পুৰৰ বিলাসবহুল হোটেলত ৱেলকাম লাঞ্চ পাৰ্টীৰে আৰম্ভ হৈছিল বিবাহৰ অনুষ্ঠান। ৱেলকাম লাঞ্চৰ পাছতেই হালধী, মেহেন্দী, সংগীতৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। ৰাঘৱ আৰু পৰিণীতিৰ সংগীতৰ অনুষ্ঠানত গীত পৰিবেশন কৰিছিন জনপ্ৰিয় গায়ক নৱৰাজ হংসই। সংগীতৰ অনুষ্ঠানতো আছিল বিশেষ থিম।
নব্বৈৰ দশকৰ নষ্টালজীয়া থকা থীম বাচি লৈছিল পৰিণীতি-ৰাঘৱে। পৰিণীতি-ৰাঘৱৰ সংগীতৰ পাৰ্টীত আছিল মেগী, কেণ্ডি আদিৰ বিশেষ কাউণ্টাৰ। আমন্ত্ৰিত অতিথিক উপহাৰত দিয়া হৈছিল গীতৰ কেছেট। বলীউডৰ বিশেষ সূত্ৰৰ খবৰ অনুসৰি সেই কেছেটৰ প্লে লিষ্ট বা গানৰ তালিকা নিজেই তৈয়াৰ কৰিছিল অভিনেত্ৰী পৰিণীতিয়ে। উদয়পুৰৰ তাজ লীলা পেলেছত আয়োজিত অনুষ্ঠানত নৌকাৰে পৰিণীতিক বৰমালা পিন্ধাই সাতোজনমৰ লগৰী কৰিবলৈ গৈছিল ৰাঘৱে। ৰাঘৱৰ সৈতে বৰযাত্ৰীৰ দলত আছিল নতুন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানৰ দৰে কেইবাগৰাকীও ৰাজনৈতিক নেতা।
বিবাহৰ অনুষ্ঠানত অতিথিৰ তালিকাত আছিল শিৱসেনাৰ নেতা আদিত্য ঠাকৰেও। ৰাজনীতিকৰ ওপৰিও পৰিণীতি আৰু ৰাঘৱৰ বিয়াত উপস্থিত আছিল বলীউডৰ জনপ্ৰীয় ফেশ্বন ডিজাইনাৰ মনীশ মলহোত্ৰা। পৰিণীতিৰ প্ৰিয় বান্ধৱী টেনিছ তাৰকা ছানিয়া মিৰ্জা। কিন্তু এই সকলোবোৰৰ মাজত সকলোৱে আশা কৰিছিল প্ৰিয়ংকা চোপ্ৰাক দেখা যাব! সেই আশা সকলোৰে আশা হৈয়েই ৰ’ল। পৰিণীতিৰ বিবাহৰ অনুষ্ঠানত উপস্থিত নাথাকিল ভগ্নী প্ৰিয়ংকা চোপ্ৰা। উপস্থিত নাথাকিল জোনাছ পৰিয়ালৰ এজনো সদস্য। প্ৰিয়ংকা বা জোনাছ পৰিয়ালৰ কোনো এগৰাকী ব্যক্তিয়েই উপস্থিত নথকাৰ বিষয়টোক লৈ স্পষ্টীকৰণ দিছে মাতৃ মধুৱে। পৰিণীতিৰ মাতৃয়ে প্ৰিয়ংকাৰ অনুপস্থিতিক লৈ কয়, ‘প্ৰিয়ংকা কামক লৈ খুবেই ব্যস্ত হৈ আছে। সেয়ে বিবাহৰ অনুষ্ঠানত ভাগ ল’ব নোৱাৰিলে।’ প্ৰিয়ংকা উপস্থিত নাথাকিলেও সামাজিক মাধ্যমেৰে ভগ্নীক নতুন জীৱনলৈ শুভেচ্ছা জনাইছে প্ৰিয়ংকাই।
উল্লেখ্য যে পৰিণীতি আৰু ৰাঘৱে তেওঁলোকৰ বিবাহ অনুষ্ঠানত কোনো অতিথিৰ পৰাই উপহাৰ গ্ৰহণ কৰা নাই। কেৱল উপস্থিত অতিথিৰ পৰা আশীৰ্বাদহে বিচাৰিছে নৱদম্পত্তিয়ে। বিবাহৰ পাছতেই পৰিণীতিয়ে আজীৱনৰ বাবে চোপ্ৰা টাইটেলৰ ওপৰিও চাড্ডা টাইটেল লোৱাৰ বেলিকা ‘য়ে জাৱানী হে দিৱানী’ চিনেমাৰ বিশেষ গীত ‘কবিৰা’ৰে বিদায় দিয়া হ’ল পৰিণীতিক। বিবাহৰ পাছতেই নিশা ৮ বজাৰ পৰা তাজ পেলেছত দিয়া হয় বিশেষ ৰিছিপশ্ব্যন পাৰ্টী। সেই পাৰ্টীত পৰিণীতিয়ে পৰিধান কৰিছিল গোলপীয়া শাৰী, ৰাঘৱে ক’লা ছ্যুট-পেণ্ট। অভিনেত্ৰী পৰী আৰু ৰাঘৱৰ আগন্তুক জীৱন সুখময় হ’বৰ বাবে বহুজনেই দুয়োকো সামাজিক মাধ্যমত জনাইছে শুভেচ্ছা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ