অসম লাইভ২৪ঃ সূৰ্যৰ পৰা ছিটিকি অহা অগ্নিশিখাই সৃষ্টি কৰিছিল এটা জলন্ত অগ্নিকুণ্ডৰ৷ কালক্ৰমত এই অগ্নিকুণ্ড লাহে লাহে ঠাণ্ডা হয়৷ আৰু ঠাণ্ডা হোৱাৰ পাছত ওপৰৰ পৃষ্ঠত তৈয়াৰ হয় মাটি আৰু পানীৰ এক স্তৰ৷ এয়াই আমি থকা পৃথিৱীখন৷ পৃথিৱীৰ উৎপত্তিৰ ইতিহাস এয়াই বুলি বিজ্ঞানীৰ দাবী৷ প্ৰায় ৪৫৪ কোটি বছৰ আগেয়ে মহাকাশৰ অন্যান্য গ্ৰহ, নক্ষত্ৰ মাজত পৃথিৱীও এক গ্ৰহ বুলি বিজ্ঞানীয়ে অনুসন্ধানৰ অন্তত প্ৰকাশ কৰিছিল৷ লাহে লাহে পৃথিৱীত প্ৰাণৰ সঞ্চাৰ হয়৷ টান হৈ পৰা মাটিৰ আৱৰণৰ ওপৰত গজি উঠিল গছ লতা৷ বিবৰ্তনৰ সোঁতত ভাহি এই পৃথিৱীত উৎপত্তি হ’ল মানুহ নামৰ জীৱবিধৰ৷ অৰ্থাৎ আমাৰ৷ ৪৫৪ কোটি বছৰ বয়স আমাৰ পৃথিৱীৰ৷ কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ নিৰিখত পৃথিৱীৰ এতিয়াও শিশুকালেই চলি আছে৷
ব্ৰহ্মাণ্ডৰ ইতিহাস পৃথিৱীতকৈ আৰু বেছি পুৰণি৷ সেই সুদূৰ অতীতৰ পৰা এটা ৰেডিঅ তৰংগ সম্প্ৰতি ভাহি আহিছে পৃথিৱীলৈ৷ ভাৰতৰ এটা টেলিস্কোপত এই ৰেডিঅ’ সংকেত ধৰা পৰিছে৷ জায়াণ্ট মিটাৰৱেভ ৰেডিঅ’ টেলিস্কোপতেই এই ৰেডিঅ’ সংকেত ধৰা পৰিছে৷ সেই ৰেডিঅ’ সংকেতে স্পষ্ট কৰিছে বয়সৰ হিচাপ৷ মেকগিল ইউনিভাৰ্ছিটি আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্সৰ গৱেষণাত ভাহি অহা এই ৰেডিঅ’ সংকেত পৰ্যবেক্ষণ কৰিছে বিজ্ঞানীয়ে৷ বিজ্ঞানীৰ দাবী এই ৰেডিঅ’ সংকেত ৮৮০ কোটি বছৰ আগৰেই৷ SDSSJO826+5630 নামৰ গেলেক্সিৰ পৰা সেই তৰংগৰ উৎপত্তি বুলিও জনাইছে বিজ্ঞানীয়ে৷
যৰ পৰা এই ৰেডিঅ’ তৰংগ আহিছে সেই তৰংগৰ উৎপত্তিস্থল পৃথিৱীৰ পৰা বহু দূৰৈত৷ ইমান দূৰৰ পৰা অহা এয়াই প্ৰথমটো ৰেডিঅ’ তৰংগ৷ পৃথিৱীত ইয়াৰ পূৰ্বে এনে কোনো ৰেডিঅ’ তৰংগ অহা নাই৷ ইয়াৰ মাধ্যমেৰে বিশ্বব্ৰহ্মাণ্ডৰ অতীত খুচৰিব পাৰিব বিজ্ঞানীয়ে৷ বিজ্ঞানীয়ে জনোৱা অনুসৰি পৃথিৱী পৰ্যন্ত এই সংকেত আহি পাবলৈ সময় লাগিছে ৯০০ কোটি বছৰ৷ কাৰণ পৃথিৱীৰ পৰা সেই নক্ষত্ৰপুঞ্জৰ দূৰত্ব প্ৰায় ৯০০ কোটি আলোকবৰ্ষ৷ ইমান দূৰ পথ সংকেত কঢ়িয়াই আনিছে আলোক ৰশ্মিয়েই৷ ৰেডিঅ’ সংকেত ধৰিবলৈ বিশেষ এক তৰংগ ব্যৱহাৰ কৰা হৈছে৷ যাৰ নাম ‘২১ ছেণ্টিমিটাৰ লাইন বা হাইড্ৰজেন লাইন’৷ নিৰপেক্ষ হাইড্ৰজেন পৰমাণুৰ মাধ্যমেৰে এই তৰংগ দৈৰ্ঘ্য তৈয়াৰ কৰা হয়৷ মেকগিল ইউনিভাৰ্ছিটিৰ গৱেষকে এই সন্দৰ্ভত কয়,‘এই ৰেডিঅ’ তৰংগ যেতিয়া নিৰ্গত হৈছিল, তেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ বয়স আছিল ৪৯০ কোটি বছৰ৷ তেতিয়া পৃথিৱীৰ সৃষ্টি হোৱা নাছিল৷ এই তৰংগৰ পৰা আমি ৯০০ কোটি বছৰ আগৰ সময়ক অনুধাৱন কৰিব পাৰিছো৷’
ইয়াৰোপৰি বিজ্ঞানী অৰ্ণৱ চক্ৰবৰ্তীয়ে কয়, ‘গেলেক্সিৰ পৰা বিভিন্ন ধৰণৰ ৰেডিঅ’ সংকেত নিঃসৃত হয়৷ এতিয়ালৈকে আমি পৃথিৱীৰ নিকটতম গেলেক্সিৰ পৰা অহা সংকেতহে পাই আহিছিলো৷ এইবাৰ লাভ কৰা সংকেতৰ পৰা আমি অতীতৰ সেই সময় সম্পৰ্কীয় ধাৰণা লাভ কৰিছো৷’ এই সংকেতৰ জৰিয়তে গৱেষকে কেইবাটাও চমকপ্ৰদ তথ্য লাভ কৰিছে৷ এই সংকেতে ব্ৰহ্মাণ্ডৰ প্ৰতি কৌতুহল বঢ়াইছে বিজ্ঞানীৰ৷
SDSSJO826+5630 এই সংকেতৰ পৰাই বিজ্ঞানীয়ে আলোকবৰ্ষ দূৰৈত থকা নক্ষত্ৰপুঞ্জত থকা হাইড্ৰজেন গেছৰ উপস্থিতিৰ সন্ধান পাইছে৷ সেই নক্ষত্ৰপুঞ্জত হাইড্ৰজেন গেছৰ পাৰমানৱিক ভৰ পৃথিৱী বা আন নক্ষত্ৰৰ হাইড্ৰজেনৰ পাৰমাণৱিক ভৰৰ প্ৰায় দ্বিগুণ৷ কোনো গেলেক্সিত নক্ষত্ৰৰ সৃষ্টিৰ বাবে প্ৰাথমিক ইন্ধনেই হৈছে হাইড্ৰজেন৷ বিজ্ঞানীয়ে জনোৱামতে যি দূৰত্বৰ পৰা ৰেডিঅ’ সংকেত ভাঁহি আহিছে সেই দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগিছে প্ৰায় ৯০০ কোটি বছৰ৷ সেয়ে সেই সময়ত সেই তাৰকাৰাজ্যত যি ঘটিছিল তাৰ সকলোবোৰ তথ্য বিজ্ঞানীয়ে উদঘাটন কৰিব পাৰিব৷ সেই তাৰকাৰাজ্যৰ বিৱৰ্তনৰ ইতিহাসো বিজ্ঞানীয়ে ওলিয়াব পাৰিব৷ বৰ্তমান পৰ্যন্ত ব্ৰহ্মাণ্ড সম্পৰ্কে বিজ্ঞানীয়ে যিসমূহ তথ্য লাভ কৰিছে সেয়া তেনেই সামান্য৷ এনেধৰণৰ সংকেতসমূহে পৃথিৱীবাসীক দিব ভিন্ন তাৰকাপুঞ্জৰ বিৱৰ্তনৰ ধাৰণা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















