অসম লাইভ২৪ঃ তেওঁ ভাৰতৰ কৃষি বিপ্লৱৰ জনক। শেষ নিঃশ্বাস ত্যাগ কৰিলে বিখ্যাত কৃষি বিজ্ঞানী এম এছ স্বামীনাথনে। চেন্নাইতেই শেষ নিশ্বাস কৰিলে এম এছ স্বামীনাথনে। মৃত্যুৰ সময়ত স্বামীনাথনৰ বয়স হৈছিল ৯৮ বছৰ। স্বামীনাথনৰ মৃত্যুত বিজ্ঞানীমহলৰ মাজত নামিছে শোকৰ ছাঁ। বিগত কেইবা বছৰ ধৰি বাৰ্ধক্যজনিত সমস্যাত ভূগি আছিল ভাৰৱত সেউজ বিপ্লৱৰ জনকগৰাকী। বৃহস্পতিবাৰে পুৱা ১১ বাজি ২০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছে সেউজ বিপ্লৱগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী কন্যা সন্তানক এৰি থৈ গৈছে। স্বামীনাথনৰ পত্নীৰ কিন্তু তেওঁতকৈ পূৰ্বেই মৃত্যু হৈছে।
১৯২৫ চনৰ ৭ আগষ্টত তামিলনাডুৰ কুম্বাকোনামত জন্মগ্ৰহণ কৰিছিল এম এছ স্বামীনাথনে। তেওঁৰ পিতৃ এম কে ছাম্বাছিভান আছিল এজন শল্য চিকিৎসক। তেওঁ আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী। বিদ্যালয়ত পঢ়াশুনা কৰি থকাৰ সময়তে তেওঁৰ কৃষি বিজ্ঞানৰ প্ৰতি ধাউতি বাঢ়ে। মহাত্মা গান্ধীৰ অনুপ্ৰেৰণাত স্বামীনাথনে কৃষি বিজ্ঞানত উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ যায়। এক সাক্ষাৎকাৰত এবাৰ স্বামীনাথনে কৈছিল, তেওঁ কৃষি বিজ্ঞানী নহ’লে এগৰাকী পুলিছ অফিচাৰ হ’লহেতেন। ১৯৪০ চনত তেওঁ আৰক্ষীৰ চাকৰিৰ বাবেও যোগ্যতা অৰ্জন কৰিছিল। সেইসময়ত তামিলনাডু বিশ্ববিদ্যালয়ৰ পৰা কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ভাৰতীয় কৃষিত সেউজ বিপ্লৱ আনিবলৈকে ১৯৬৪ চনৰ পৰা ১৯৬৭ চন পৰ্যন্ত তৎকালীন কেন্দ্ৰীয় কৃষিমন্ত্ৰী ছি ছুব্ৰহ্মণ্যমে তেওঁক এই কামত বিশেষ সহায় সহযোগিতা আগবঢ়াইছিল।
১৯৬০ চনৰ পৰা ১৯৭০ চন পৰ্যন্ত স্বামীনাথনৰ যুগান্তকাৰী কাম, ভাৰতীয় কৃষিত বিপ্লৱ অনাৰ চেষ্টা কৰিছিল। সেই সময়ত দেশত দুৰ্ভিক্ষ প্ৰতিৰোধ কৰিবলৈ আৰু খাদ্য উৎপাদনত সহায় কৰিবলৈ বিশেষভাৱে কাম কৰিছিল স্বামীনাথনে। কৃষিবিজ্ঞানলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ১৯৮৭ চনত তেওঁক বিশ্ব খাদ্য পুৰস্কাৰেৰে সন্মানিত কৰা হয়। পুৰস্কাৰৰ অৰ্থৰে তেওঁ প্ৰতিষ্ঠা কৰে এম এছ স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেছন প্ৰতিষ্ঠান। ইয়াৰোপৰি ১৯৭১ চনত তেওঁক মেগছেছ পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। ভাৰত চৰকাৰে তেওঁক ৩বাৰকৈ পদ্মভূষণ পুৰস্কাৰেৰে সন্মানিত কৰিছিল। ১৯৭২ চনৰ পৰা ১৯৭৯ চনলৈ ইণ্ডিয়ান কাউন্সিন অৱ এগ্ৰীকালছাৰেল ৰিচাৰ্ছৰ সভাপতি হিচাপেও দায়িত্ব পালন কৰিছিল স্বামীনাথনে। তেওঁৰ মৃত্যুত এতিয়া দেশজুৰি শোকৰ ছাঁ পৰাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















