• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

3 years ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

22 minutes ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

1 hour ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

2 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

2 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

3 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

5 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

5 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

6 hours ago
Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

Wi-Fi ব্যৱহাৰ কৰে নেকি? বিপদত পৰাৰ পূৰ্বে আজিয়েই হওক সাৱধান

6 hours ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

7 hours ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা

editor by editor
September 29, 2023
in জীৱনশৈলী, বিশ্ব, লেখা, শিক্ষা
0
এটা মন্তব্যতেই মনোমালিন্য! দুই ভাতৃৰ কাজিয়াতেই দুভাগ হৈছিল এখন চহৰ, জন্ম লৈছিল দুটা বিখ্যাত সংস্থাৰ, কি এই বিখ্যাত দুই সংস্থা
0
SHARES
13.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জাৰ্মানীৰ বাভাৰিা ষ্টেটৰ এখন সৰু চহৰ হৈছে হাৰ্জোজেনৰাখ৷ অৰাখ নদীৰ তীৰৰ এই সৰু চহৰখনতেই দুইগৰাকী ডাছলাৰ ভাতৃৰ জন্ম৷ ৰুডলফ আৰু এডলফ৷ ৰুডলফ আৰু এডলফৰ প্ৰতিদ্বন্দিতাই জন্ম দিছিল বিখ্যাত দুটা ব্ৰেণ্ড পুমা আৰু এডিডাছৰ৷ এই দুই ব্ৰেণ্ডৰ আৱিষ্কাৰৰ পাছতেই সলনি হৈ গৈছিল ক্ৰীড়াপণ্যৰ জগতখনো৷ ১৮৯৮ চনত জন্ম হৈছিল ৰুডলফৰ৷ ৰুডলফল জন্মৰ দুবছৰ পাছত ১৯০০ চনত জন্ম হয় এডলফৰ৷ ৰুডলফ আৰু এডলফৰ পিতৃও দুবছৰৰ ব্যৱধানত দুটাকৈ লৰা সন্তান লাভ কৰি খুবেি সুখী৷ পিতৃয়ে সপোন দেখিছিল তেওঁৰ ডাঙৰ সন্তান ৰুডলফক পুলিছ অফিচাৰ কৰিব৷ সৰুটো সন্তান এডলফক নিজৰ পেছাটোতেই অৰ্থাৎ কেক নিৰ্মাতা হিচাপে গঢ় দিয়াৰ পৰিকল্পনা কৰিছিল পিতৃয়ে৷

কিন্তু এডিৰ সপোন পৃথক আছিল৷ এডিয়ে নিজকে এথলিট হিচাপে গঢ়িব খুজিছিল৷ বিভিন্ন খেলাধূলাত তেওঁ অংশও লৈছিল৷ খেলত অংশ লৈ এডলফে বুজি উঠিছিল খেলুৱৈসকলৰ বাবে উপযুক্ত জোতা বজাৰত পাবলৈ নাই৷ ভাল জোতা তৈয়াৰ হ’লে খেলুৱৈসকলৰ পাৰ্ফৰমেন্স ভাল হ’ব৷ এই ধৰণৰ চিন্তাভাৱনা কৰি থকাৰ মাজতেই আৰম্ভ হ’ব প্রথম বিশ্বযুদ্ধ৷ এডিক যুদ্ধলৈ পঠিয়াই জাৰ্মান চৰকাৰে৷ যুদ্ধক্ষেত্ৰৰ পৰা উভতি আহি এডলফে ঘৰৰ শৌচালয়কেই জোতা নিৰ্মাণৰ কাৰখানা হিচাপে গঢ়ি তোলে৷ এডলফক সহায় কৰে কাৰ্ল জেকে৷ প্ৰথম বিশ্বযুদ্ধৰ পাছতেই অন্যান্য দেশৰ সমান্তৰালকৈ জাৰ্মানীতো অৰ্থনৈতিক সংকটে দেখা দিয়ে৷ ঘৰে ঘৰে দাৰিদ্ৰতা৷ এডলফৰ পৰিয়ালকো দাৰিদ্ৰতাই চুই গ’ল৷ জোতা তৈয়াৰ কৰিবৰ বাবে কেঁচামাল কিনাৰো ক্ষমতা হেৰাল এডলফৰ৷ অৰ্থাৎ ব্যৱসায় সপোনতেই শেষ৷

এডলফে নিজৰ সপোনটোক এনেকৈ বাদ দিব নোৱাৰিলে৷ প্রথম বিশ্বযুদ্ধত অংশগ্ৰহণকাৰী সেনাবাহিনীয়ে পেলাই থৈ যোৱা হেলমেট, পানী ভৰোৱা থৈলীৰে জোতা তৈয়াৰ কৰা আৰম্ভ কৰে এডিয়ে৷ জোতা তৈয়াৰৰ বাবে যি যন্ত্ৰ লাগে সেই যন্ত্ৰপাতিসমূহ চলাবলৈ বিদ্যুতৰ প্ৰয়োজন৷ এডলফৰ ঘৰত তেতিয়া বিদ্যুতো নাছিল৷ চাইকেলৰ সৈতে যন্ত্ৰৰ সংযোগ কৰি এডিয়ে যন্ত্ৰ চলাইছিল৷ চাইকেলৰ পেডেল ঘূৰালেই যন্ত্ৰ ঘূৰে৷ দুবছৰ পাছত এডিৰ এই কাৰখানাত ভাতৃ ৰুডলফেও যোগ দিয়ে৷ দুজনে মিলি তৈয়াৰ কৰে জোতা প্ৰস্তুতকাৰী সংস্থা জেব্ৰুডাৰ ডাছলাৰ স্কুহফাব্ৰিক৷ এডিয়ে কাৰখানাত জোতা তৈয়াৰৰ কামবোৰ চাইছিল৷ ৰুডলফে মাৰ্কেটিঙৰ দিশটো চাইছিল৷ ১৯২৫ চনত এডলফে তৈয়াৰ কৰি উলিয়াই ফুটবল খেলিবৰ বাবে খেলুৱৈয়ে পিন্ধিব পৰা বিশেষ বুট৷ এই বুটৰ তলৰফালে আছিল নেল ষ্টেড৷ ফুটবলাৰৰ পাছত ট্ৰাক চালকৰ বাবে এডলফে তৈয়াৰ কৰে বিশেষ জোতা৷ সেই জোতাৰ তলফালে লগোৱা হৈছিল স্পাইক৷

লাহে লাহে এডলফৰ জোতাৰ জনপ্ৰিয়তা বৃদ্ধি পাব ধৰিলে৷ সংস্থাৰটোৰ কামো বাঢ়িল৷ ধীৰে ধীৰে প্ৰচুৰ কৰ্মী নিয়োগ কৰিবলৈ ধৰিলে এডলফৰ সংস্থাই৷ দিনে ৫০ জোৰকৈ জোতা তৈয়াৰ কৰিবলৈ ল’লে এডলফে৷ ১৯২৮ চনত আমষ্ট্ৰাডাম অলিম্পিকত এডিৰ সংস্থাই তৈয়াৰ কৰা জোতা লোৱা হ’ল৷ দৌৰবিদ লিনা ৰাডকে এডলফৰ জোতা পিন্ধি দৌৰিয়েই স্বৰ্ণপদক জয় কৰিলে৷ ৮০০ মিটাৰ দৌৰত সোনৰ পদক লাভ কৰিবলৈ সক্ষম হ’ল লিনাই৷ লিনাই নিজেই প্ৰকাশ কৰিলে যে দৌৰবিদসকলৰ বাবে ভাল জোতা এযোৰৰ প্ৰয়োজনীয়তা কিমান৷

১৯৩২ চনত লছ এঞ্জেলছ আৰু ১৯৩৬ চনত বাৰ্লিন অলিম্পিক্সত প্ৰতিযোগীসকলৰ প্ৰথম পছন্দ হৈ পৰে এডিৰ সংস্থাৰ জোতা৷ ১৯৩৬ চনত আমেৰিকাৰ ট্ৰেক এণ্ড ফিল্ড তাৰকা জেছ ৱেষ্টেও এই জোতা পিন্ধিয়েই ৪টাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷ তাৰপাছতেই জেব্ৰুডাৰ ডাছলাৰ স্কুহফেব্ৰিক সংস্থাৰ জোতা বিক্ৰি অভাৱনীয় হাৰত বাঢ়িবলৈ ধৰে৷

আকৌ পৃথিৱীত আৰম্ভ হ’ল দ্বিতীয় বিশ্বযুদ্ধৰ৷ সেইবাৰ আকৌ এডলফ নহয় ৰুডলফে যুদ্ধলৈ যাবলৈ বাধ্য হ’ল৷ জোতাৰ ব্যৱসায় তেতিয়া এডলফে অকলেই সামৰিবলগীয়া হয়৷ চৰম আৰ্থিক সংকট আকৌ আহিল৷ চৰম আৰ্থিক সংকটৰ মাজত জোতা তৈয়াৰ কৰিবলৈ বন্ধ নকৰিলে এডিয়ে৷

১৯৪৩ চনত জাৰ্মানীৰ প্ৰায় সমস্ত কলকাৰখানা বন্ধ হৈ পৰে৷ তেতিয়াও কিন্তু খেলুৱৈসকলৰ বাবে জোতা তৈয়াৰৰ কাম বন্ধ নকৰিলে এডিৰ সংস্থাই৷ আৰ্থিক সংকট কিন্তু কমক চাৰি বাঢ়িয়েই থাকিল৷ ১৯৪৪ৰ পৰা ১৯৪৫ চনলৈ সেই কাৰখানাৰ উৎপাদন বন্ধ কৰিবলৈ বাধ্য হৈ পৰে এডি৷ এডলফ আৰু ৰুডলফে তেতিয়ালৈকে যুঁটীয়াভাৱেই পৰিয়ালৰ সৈতে একেলগে আছিল৷ এডলফ আৰু ৰুডলফৰ পত্নী সন্তানো সকলো একেলগে আছিল৷ দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ সময়ত এডৰ চহৰতো লেথাৰিকৈ বোমাবৰ্ষণ হৈ আছিল৷ পৰিয়ালক লৈ তেতিয়া শিবিৰলৈ আশ্ৰয়ৰ বাবে যাবলৈ বাধ্য হৈ পৰিল এডলফ৷ ৰুডলফৰ পৰিয়াল আগতেই সেই শিবিৰ পাইছিলগৈ৷ মুখ বাগৰি অহা খবৰ অনুসৰি এডলফে সেই শিবিৰত প্ৰৱেশ কৰি এটা বিশেষ মন্তব্য কৰিছিল৷ এডিয়ে কৈছিল, ‘এইবোৰেই মোৰ ব্যৱসায় শেষ কৰি পেলাইছে৷’

এডিয়ে যুদ্ধবিমানক লক্ষ্য কৰি এইকথা ক’লেও ৰুডলফৰ পৰিয়ালে ভাৱি লৈছিল যে তেওঁলোকক উদ্দেশ্যিয়েই এডিয়ে এই কথা কৈছে৷ এই বাক্যশাৰীয়েই দুই ভাতৃৰ মাজত দূৰত্ব বঢ়াই তোলে৷ ৰুডলফে আৰু এডিৰ সৈতে একেলগে ব্যৱসায় কৰিব নুখুজিলে৷ যুদ্ধ এদিন দুদিনকৈ ক্ষাম কাটিল৷ জাৰ্মানীৰ সেই সৰু চহৰলৈকো লাহে লাহে শান্তিৰ বাতাবৰণ ঘূৰি আহিল৷ এডিয়ে আকৌ সপোনৰ ব্যৱসায়টো চলাবলৈ মন মেলিলে৷ সেইবাৰ এডিয়ে আৰু যুটীয়াভাৱে কাম কৰিব নুখুজিলে৷ তাৰ সলনি তেওঁ নিজৰ সংস্থাটোৰ এটা বিশেষ নাম ৰাখিলে৷ এডিয়ে তেওঁৰ জোতা নিৰ্মাণকাৰী কাৰখানাৰ নাম দিলে ‘এডিডাছ’৷ ৰুডলফেও যুদ্ধৰ পৰা উভতি আহি নিজাকৈ এটা জোতা নিৰ্মাণকাৰী সংস্থা গঢ়ি তুলিলে৷ সেই সংস্থাৰ নাম দিলে ‘ৰুডা’৷ পাছলৈ এই নাম সলনি কৰি ‘পুমা’ কৰা হ’ল৷

পূৰ্বতে যুঁটীয়াভাৱে থাকোতে কাম কৰা একাংশ লোকে পুমাত যোগ দিলে আৰু আন একাংশই যোগ দিলে এডিডাছত৷ কাৰখানাৰ ওপৰিও সৰু চহৰখনকো দুভাগত ভগাই লয় দুই ভাতৃয়ে৷ নদীৰ এটা পাৰে এডলফ আনটো পাৰে ৰুডলফ৷ দুই ভাতৃৰ কাৰখানাক কেন্দ্ৰ কৰিয়েই লাহে লাহে গঢ়ি উঠিল বেকাৰী, পানশ্বপ আদি৷ এডলফ আৰু ৰুডলফৰ শত্ৰুতা কিন্তু কমি নগ’ল৷ দুয়োৰে শত্ৰুতা এনে পৰ্যায়ত আছিল যে এডিডাছত কাম কৰা কৰ্মচাৰীয়ে পুমাৰ নাম ল’ব নোৱাৰিছিল আৰু পুমাৰ কৰ্মচাৰীয়ে এডিডাছৰ৷ ৰুডলফ আৰু এডলফ দুয়োৱে জীৱন্ত কালতেই কৈ গৈছিল যে মৃত্যুৰ পাছত একেটা কবৰত যাতে দুয়োকে সমাধিস্ত কৰা নহয়৷ তেওঁলোকৰ কথা ৰাখিয়েই দুয়োকে মৃত্যুৰ পাছত বেলেগ বেলেগ কবৰস্থানত কবৰ দিয়া হৈছিল৷

১৯৮৭ চনত এডলফৰ সন্তান হৰ্ষ্ট ডাছলাৰ এডিডাছে বিশেষ কোম্পানীটো ফৰাছী উদ্যোগপতি বাৰ্নাৰ্ড টাপিকক বিক্ৰি কৰি দিয়ে৷ পুমাৰো ৭২ শতাংশ শ্বেয়াৰ এটা ছুইছ সংস্থাক বিক্ৰি কৰে ৰুডলফৰ সন্তান জাৰ্ডে৷ ইয়াৰপাছতেই দুই সংস্থাৰ মালিকানা আৰু ৰুড, এডিৰ পৰিয়ালৰ হাতত নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?
ভাৰত

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

July 29, 2026
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা
অসম

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

July 29, 2026
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?
জীৱনশৈলী

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

July 29, 2026
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’
জীৱনশৈলী

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

July 29, 2026
Next Post
আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

আৰম্ভ গৃহলক্ষ্মী যোগ! এইবাৰৰ দীপাৱলীত হাতলৈ অনাকাংশিত ধন আহিব ৩ৰাশিৰ

সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

সত্যম শিৱম সুন্দৰম, প্ৰকৃত হিন্দু কোন? বুজাই ক’লে ৰাহুল গান্ধীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.