অসম লাইভ২৪ঃ সলনি হ’ল ৰাজস্থানৰ নিৰ্বাচনৰ দিন। ২৩ নৱেম্বৰৰ সলনি ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থানৰ বিধানসভা নিৰ্বাচন। বুধবাৰে বিশেষ ঘোষণা কৰিছে ৰাজস্থান নিৰ্বাচনী আয়োগে। কিন্তু কিয় এই পৰিবৰ্তন? উল্লেখ্য যে, সোমবাৰে নিৰ্বাচনী আয়োগে ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিছিল। ৭নৱেম্বৰত মিজোৰাম, ছত্তিশগড়। প্ৰথম পৰ্যায়ত এই দুই ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব। দ্বিতীয় পৰ্যায়ত ১৭ নৱেম্বৰত মধ্যপ্ৰদেশ আৰু ছত্তিশগড়, ৩০ নৱেম্বৰত তেলেংগানাৰ বিধানসভা নিৰ্বাচন। ইয়াৰমাজতে ২৩ নৱেম্বৰত ভোটগ্ৰহণ হ’ব ৰাজস্থানত। কিন্তু বুধবাৰে হঠাৎ সলনি কৰা হৈছে ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন। ২৩ নৱেম্বৰৰ সলনি ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাজস্থানৰ ভোটগ্ৰহণ। ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব আগন্তুক ৩ ডিচেম্বৰত।
কিয় হঠাৎ ভোটগ্ৰহণৰ দিন সলনি কৰিলে ৰাজস্থানে?
ৰাজস্থানৰ নিৰ্বাচনী আয়োগে জনোৱা অনুসৰি সেইদিনা ৰাজস্থানত বহু সংখ্যক বিবাহৰ অনুষ্ঠান আছে। সেয়ে ভোটগ্ৰহণৰ দিন পিছুৱাই দিবলৈ ৰাজনৈতিক দলসমূহে কমিছনৰ ওচৰত আবেদন জনাইছে। যাৰবাবে অৱশেষত কমিছনে দিন সলনি কৰাৰ সিদ্ধান্ত লয়। নিৰ্বাচন কমিছনে দিয়া বিবৃত্তিত উল্লেখ আছে যে, ‘সমগ্ৰ ৰাজস্থানত ২৩ তাৰিখে একাধিক বিবাহৰ অনুষ্ঠান আছে। সেয়ে নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ’ব। বেছিসংখ্যক ভৱনেই বুক হৈ থকাৰ বাবে পুলিং অফিচাৰ, পিজাইডিং অফিচাৰসকলক ৰখাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব। ৰাজস্থানৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৬ নৱেম্বৰ। অৰ্থাৎ ৭ নৱেম্বৰত মনোনয়নপত্ৰৰ স্ক্ৰুটিনি প্ৰক্ৰিয়া সম্পন্ন হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৯ নৱেম্বৰ। ২৫ নৱেম্বৰত ভোটগ্ৰহণ সম্পন্ন হ’ব। সকলো প্ৰাৰ্থীয়ে ২৩ নৱেম্বৰৰ বিয়লী প্ৰচাৰ সামৰিব লাগিব।
উল্লেখ্য যে ৰাজস্থানৰ বিধানসভাত মুঠ আসনৰ সংখ্যা ২০০ খন। বিগত নিৰ্বাচনত বিজেপিৰ হাতৰ পৰা ৰাজস্থান কাঢ়ি লৈছিল কংগ্ৰেছ দলে। ২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। সেয়ে এই নিৰ্বাচন কংগ্ৰেছ, আৰু বিজেপি দুই মুখ্য দলৰ বাবেই বিশেষ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ