অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰত ৰঙৰ বিশেষ গুৰুত্ব আছে। ৰঙে আমাৰ সৌভাগ্য বৃদ্ধিত বিশেষ ভূমিকা গ্ৰহণ কৰে। হিন্দু ধৰ্ম অনুসৰি বিভিন্ন দেৱ দেৱীৰ নিজস্ব প্ৰিয় ৰং আছে। কি ৰঙৰ পোছাক পিন্ধিলে দেৱী দুৰ্গা সন্তুষ্ট হয়? আজি দেৱীপক্ষৰ পঞ্চমী। কালিৰে পৰা মহাষষ্ঠীৰ বোধনেৰে পূজা আৰম্ভ হ’ব। যদিও মহালয়াৰ পৰাই আৰম্ভ হ’ব হয় পূজা তথাপিও ষষ্ঠীৰ পৰাহে বিশেষভাৱে পূজা উদযাপন কৰা হয়। কোন দিনা কি পোছাক পিন্ধাটো শুভ?
প্ৰতিপদ
মহালয়াৰ পিছৰ দিনা হৈছে প্ৰতিপদ। নৱৰাত্ৰী অনুসৰি এই দিনটোত দেৱী শৈলপুত্ৰীৰ পূজা কৰা হয়। এই দিনটোত হালধীয়া ৰঙৰ পোছাক পিন্ধাটো শুভ।
দ্বিতীয়া
নৱৰাত্ৰীৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ আৰাধনা কৰা হয়। দেৱীৰ এই ৰূপে সেউজীয়া ৰং পছন্দ কৰে। সেয়ে সেউজীয়া ৰঙৰ পোছাক এই দিনটোত পৰিধান কৰাটো শুভ।
তৃতীয়া
নৱৰাত্ৰীৰ তৃতীয় দিনা পূজিত হয় দেৱী চন্দ্ৰঘণ্টা। এই দিনটোক বাদামী ৰঙৰ পোছাক পিন্ধিলে তুষ্ট হয় দেৱী।
চতুৰ্থী
দেৱীপক্ষৰ চতুৰ্থ দিনা কুশ্মাণ্ডাৰ পূজা কৰা হয়। চতুৰ্থীত সেয়ে কমলা ৰঙৰ পোছাক পৰিধান কৰাটো শুভ।
পঞ্চমী
পঞ্চমীত দেৱীৰ স্কন্দমাতা ৰূপৰ পূজা কৰা হয়। পঞ্চমীৰ বাবে শুভ ৰং হৈছে বগা। পঞ্চমীত বগা পোছাক পৰিধান কৰাটো শুভ।
ষষ্ঠী
দুৰ্গাপূজাৰ মহাষষ্ঠীত দেৱী দুৰ্গাৰ বোধন হয়। নবৰাত্ৰীৰ এই দিনটোত দেৱী কাত্যায়নীৰ পূজা কৰা হয়। মহাষষ্ঠীত সেয়ে শুভ ৰং ৰঙা।
সপ্তমী
মহা সপ্তমীত মা কালৰাত্ৰিৰ পূজা কৰা হয়। নৱৰাত্ৰীৰ এই দিনটোত নীলা ৰঙৰ পোছাক পৰিধান কৰিলে শুভ।
অষ্টমী
দুৰ্গাপূজাৰ অষ্টমী পূজাৰ বিশেষ গুৰুত্ব আছে। নৱৰাত্ৰীৰ এই দিনটোত দেৱীৰ মহাগৌৰী ৰূপৰ আৰাধনা কৰা হয়। অষ্টমী পূজাৰ গোলপীয়া ৰঙৰ পোছাক পৰিধান কৰিলে শুভ।
নৱমী
মহানৱমীৰ নিশা পাৰ হ’লেই বিদায় লয় দেৱী দুৰ্গাই। নৱৰাত্ৰীৰ পূজাত মা সিদ্ধিদাত্ৰীৰ পূজা কৰা হয়। নৱমীত পাৰ্পল ৰঙৰ পোছাক পৰিধান কৰাটো শুভ।
দশমী
দশমীত দেৱীৰ বিসৰ্জন। এই দিনটোত ৰঙা বা বগা ৰঙৰ পোছাক পৰিধান কৰাটো শুভ বুলি প্ৰচলিত বিশ্বাস।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ