অসম লাইভ২৪ঃ হামাছৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সহায় লৈছিল প্ৰেমিকৰ শৱদেহৰ। এই ভয়ংকৰ অভিজ্ঞতাৰ কথা জনাইছে ইজৰাইলৰ এগৰাকী মডেলে। আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সন্মুখত তেওঁ জনোৱা অনুসৰি হামাছৰ আক্ৰমণৰ পৰা বাচিবলৈ মৰাৰ অভিনয় কৰিছিল তৰুণীয়ে। আনকি নিহত প্ৰেমিকৰ দেহৰ তলত লুকাই আছিল ইজৰাইলী তৰুণীগৰাকী। উপস্থিত বুদ্ধিৰ বলতেই তেওঁ নিজকে সাম্ভাব্য মৃত্যুৰ পৰা ৰক্ষা কৰিছিল।
জীৱন ৰক্ষা পৰিলেও মানসিক অৱস্থা সুস্থিৰ নহয় তৰুণীগৰাকীৰ। তেওঁ মানসিকভাৱে সম্পূৰ্ণৰূপেই ভাঙি পৰিছে। মডেলৰ উদ্ধৃতি দি আন্তৰাষ্ট্ৰীয় সংবাদমাধ্যমে জনাইছে যে, হামাছৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তেওঁ প্ৰিয় পুৰুষৰ মৃতদেহক ব্যৱহাৰ কৰিব লগা হৈছিল। প্ৰেমিকৰ মৃত্যুক লৈ ভাঙি পৰাৰ সময় মুঠেও নাছিল হাতত। নিজৰ জীৱন ৰক্ষাৰ বাবে যিকোনো উপায়েৰে হামাছৰ দৃষ্টিৰ পৰা লুকাবলৈকেহে চেষ্টা চলাইছিল। ৭ অক্টোবৰ ২০২৩, এই দিনটোক কেনেকৈ পাহৰিব সেই ইজৰাইলী তৰুণীয়ে? এই দিনটোতেই ইজৰাইলত চলি থকা মিউজিকেল নাইটট প্ৰেমিকৰ সৈতে উপভোগৰ বাবে আহিছিল সেই তৰুণীগৰাকী। সেই নিশাই প্ৰেমিকৰ সৈতে শেষ নিশা হৈ পৰিল ইজৰাইলী তৰুণীৰ। অতৰ্কিতেই হামাছে সেই মিউজিকেল নাইট হৈ থকা স্থানত আক্ৰমণ চলায়।
প্ৰেমিকৰ সৈতে বিশেষ অনুষ্ঠানত উপস্থিত থকা ইজৰাইলী তৰুণী নোয়াম মাজেল বেন ডেভিডে হঠাতেই উভতি চাওতেই দেখা পায় তেওঁৰ প্ৰেমিকো ঢলি পৰিছে। চাৰিওফালে গুলীৰ শব্দ। ২৭ বছৰীয়া নোয়ামৰ প্ৰেমিকৰ ইতিমধ্যেই মৃত্যু ঘটে। সময় তেতিয়া প্ৰায় আবেলি ৬ বাজিছিল। নোয়ামে হঠাৎ চৌদিশে গুলী ফুটাৰ শব্দ শুনি প্ৰেমিকক সেই স্থানৰ পৰা আঁতৰি যোৱাৰ কথা কয়। এই সন্দৰ্ভত নোয়ামে সংবাদমাধ্যমৰ আগত কয়, ‘আমি গুলী ফুটাৰ শব্দ শুনি বাহন লৈ পলাব বিচাৰিছিলো। কিন্তু বাহিৰলৈ ওলাই যোৱাৰ সকলো পথেই বন্ধ কৰি দিছিল সিঁহতে। এজন নিৰাপত্তাৰক্ষীয়ে চিৎকাৰ কৰি আমাক কৈছিল, প্ৰাণ ৰক্ষা কৰিব বিচাৰিলে সোনকালে পলোৱা। তাৰ পিছত অভিজ্ঞতা কি কম? বন্দুকৰ গুলীৰ শব্দ আমাৰ কাষ পাইছিল। মই তেওঁৰ হাতত ধৰি বাহনৰ পৰা নামি এটা ডাষ্টবিনত আশ্ৰয় লৈছিলো। কিন্তু এটা সন্ত্ৰাসবাদীৰ দৃষ্টি মোৰ প্ৰেমিকৰ ওপৰত পৰে। লগে লগেই সি মোৰ প্ৰেমিকক লক্ষ্য কৰি গুলি চলায়। মোৰ চকুৰ সন্মুখতে তেওঁক চটফটাই পৰি যোৱা দেখিছো। কিন্তু সন্ত্ৰাসবাদীটোৱে মোক নেদেখিলে। মই তেওঁৰ তলত লুকাই পৰো। মোৰ ভৰি আৰু হাতত এইদৰে লুকাই থাকোতে কিছু আঘাত লাগিছে যদিও মই গুৰুতৰ আঘাত নাপালো। এনেকৈয়ে কেইবাঘণ্টা মই তেওঁৰ মৃতদেহৰ তলত লুকাই পৰি আছিলো। ইজৰাইলী সেনাই অৱশেষত মোক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।’
উল্লেখ্য যে সেইদিনা হামাছৰ আক্ৰমণত সেই স্থানত থকা ২৫০ জন লকৰ থিতাতে মৃত্যু হৈছিল। প্ৰায় ২৫০ জনক বন্দী কৰি লৈ গৈছিল হামাছে। ইজৰাইলী প্রধানমন্ত্ৰীয়ে সম্প্ৰতি জনোৱা অনুসৰি, পণবন্দীসকলক মুক্তি নিদিয়ালৈকে এই যুদ্ধ শেষ নকৰে ইজৰাইলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















