ডিজিটেল ডেস্কঃ ৯০দশকত দেশৰ প্ৰতিষ্ঠিত মডেল সকলৰ ভিতৰত এগৰাকী উল্লেখযোগ্য মডেল আছিল ডিন মৰিয়া। ১৯৯৯চনত প্যাৰ মে কভি কভি নামৰ ছবিখনৰ জৰিয়তে বলিউদত প্ৰৱেশ কৰিছিল ডিন মৰিয়াই। ২০০২চনত ৰিলীজ হোৱা চিনেমা ৰাজ ছবিখনৰ জৰিয়তেহে অভিনেতাগৰাকীক সকলোৱে চিনি পাইছিল। এই ছবিখনত অভিনেতাগৰাকীৰ বিপৰীতে অভিনয় কৰিছিল বিপাশা বসুয়ে। দুয়োৰে কেমেষ্ট্ৰীক দৰ্শকে ধুনীয়াকৈ আদৰি লৈছিল।
এই চিনেমাখনৰ পাছতে দুয়োগৰাকী প্ৰেমত পৰিছিল। প্ৰায় ৫বছৰ ধৰি দুয়ো প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু এক বিশেষ পৰিস্থিতিত পৰি দুয়োৰে মাজত ব্ৰেকআপ হৈছিল। ব্ৰেকআপ হোৱা ১৬বছৰৰ পাছতো ডিন মৰিয়াই পাহৰিব পৰা নাই বিপাশা বসুক। শেহতীয়াকৈ এক বিশেষ সাক্ষাতকাৰত অভিনেতাগৰাকীয়ে বিপাশা বসুক আটাইতকৈ প্ৰিয় অভিনেত্ৰী বুলি মত প্ৰকাশ কৰে।
ডিন মৰিয়াই কয় যে, বিপাশা বসু মোৰ আটাইতকৈ প্ৰিয় অভিনেত্ৰী আছিল আৰু আগলৈও থাকিব। তেওঁ মোৰ প্ৰায়কেইখন ছবিতে কাম কৰিছিল। মই তেওঁৰ সৈতে কাম কৰি যথেষ্ট সুখী অনুভৱ কৰো। আৰু আগলৈও যদি সুবিধা পাও, মই তেওঁৰ সৈতে কাম কৰিবলৈ ভাল পাম।”
উল্লেখ কৰা প্ৰয়োজন যে, ২০০২চনত ডিন মৰিয়া আৰু বিপাশা বসুৰ অভিনীত ছবি ৰাজ ছবিখনে সেই বছৰটোত সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















