অসম লাইভ ২৪ঃ অক্সফ’র্ড ইউনিভাৰচিটি আৰু এষ্ট্ৰাজেনেকাই তৈয়াৰ কৰা ক’ৰোনা প্ৰতিষেধকৰ তৃতীয় পর্যায়ৰ পৰীক্ষণ আমেৰিকাত বন্ধ কৰা হৈছে। ব্ৰিটেইনত প্ৰতিষেধক লোৱা স্বেচ্ছাসেৱকৰ শৰীৰত পার্শ্বক্ৰিয়া দেখা দিয়াত আমেৰিকাই বন্ধ কৰিছে তৃতীয় পর্যায়ৰ পৰীক্ষণ। উল্লেখ্য আগষ্টৰ শেষত একমাত্ৰ আমেৰিকাত এই প্ৰতিষেধকৰ তৃতীয় পর্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছিল। আমেৰিকাৰ ৬২টা স্থানত চলি আছিল তৃতীয় পর্যায়ৰ পৰীক্ষণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















