অসম লাইভ২৪ঃ আৰু বেছি দিন হাতত নাই৷ ৬ জানুৱাৰীত নিজৰ গন্তব্য স্থানত উপস্থিত হ’ব আদিত্য এল-১৷ সেই দিনটোতেই লেগৰেঞ্জ পয়েণ্টত উপস্থিত হৈ নিৰৱচ্ছিন্নভাৱে সূৰ্যৰ ওপৰত নজৰ দিবলৈ আৰম্ভ কৰিব ইছৰোৰ প্রথম সৌৰযানে৷ ইছৰো চেয়াৰমেন এছ সোমনাথে জনোৱা অনুসৰি ৬ তাৰিখে দুপৰীয়া ৪বজাত মহাকাশযানক ধাক্কা দি তাৰ চূড়ান্ত গন্তব্যস্থানলৈ ঠেলি দিয়া হ’ব৷
বিগত বছৰৰ ২ ছেপ্টেম্বৰত মহাকাশৰ উদ্দেশ্যে ৰাওনা হৈছিল আদিত্য এল১৷ ইয়াৰ পাছতেই একাধিক প্ৰযুক্তিৰ মাধ্যমেৰে মহাকাশযানখনক নিৰ্দিষ্ট গন্তব্যৰ দিশেৰে পঠিওৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ইছৰোয়ে৷ এতিয়া সকলোৰে অপেক্ষা ৬ জানুৱাৰীলৈ৷ সকলোবোৰ ঠিকে-ঠাকে থাকিলে মহাকাশযানখনে নিৰ্দিষ্ট সময়ত গন্তব্যস্থানত উপস্থিত হ’ব৷ সামান্য খেলিমেলি হ’লেই কিন্তু মহাকাশযানখন ধ্বংস হৈ যোৱাৰো আশংকা আছে৷
কি কি আশংকা আছে?
ইছৰো চেয়াৰমেন এছ সোমনাথে জনোৱা অনুসৰি চূড়ান্ত ফায়াৰিঙৰ সময়ত যদি সামান্যও ইফাল সিফাল হয় তেন্তে মহাকাশযানখনে নিৰ্দিষ্ট গন্তব্যস্থানত উপস্থিত নহৈ মহাশূন্যত হেৰাই যাব পাৰে৷ সামান্য ভুল ত্ৰুটি হ’লে মহাকাশযানখনে সূৰ্যৰ পৰা বহুদূৰলৈ আঁতৰি যাব৷ চূড়ান্ত কৌশলটো এনেকৈ প্ৰয়োগ কৰিব লাগিব যাতে নিৰ্দিষ্ট কক্ষপথত থাকি সূৰ্যৰ ওপৰত পৰ্যবেক্ষণ চলাব পাৰে৷
এবাৰ মহাকাশযানখনক নিৰ্দিষ্ট লক্ষ্যত উপস্থিত কৰাই দিয়াতেই বিজ্ঞানীৰ কাম শেষ নহয়৷ সেই নিৰ্দিষ্ট পয়েণ্টত থাকি কাম কৰি আছেনে নাই সেই বিষয়েও নিশ্চিত কৰিব লাগিব বিজ্ঞানীয়ে৷ তাৰবাবে একাধিকবাৰ পৰীক্ষা-নিৰীক্ষাও কৰি থাকিব লাগিব৷ যি লাগৰেঞ্জিয়ান পয়েণ্টত ভাৰতৰ মহাকাশ গৱেষণা কেন্দ্ৰৰ আদিত্য এল১ উপস্থিত হ’ব সেই দূৰত্ব পৃথিৱীপৃষ্ঠৰ পৰা প্ৰায় ১.৫ মিলিয়ন কিঃমিঃ দূৰ৷ আদিত্য এল১ এবাৰ লক্ষ্যত উপস্থিত হ’লে সূৰ্যক প্ৰদক্ষিণ কৰি নানান ৰহস্য ভেদ কৰিবলৈ চেষ্টা চলাব৷ ভাৰতৰ নিজস্ব সূৰ্যকেন্দ্ৰীক গৱেষণাক এই যানে সহায় কৰিব৷ সূৰ্যৰ গতিশীলতা আৰু কেনেকৈ সূৰ্যই আমাৰ জীৱনক প্ৰভাৱিত কৰে সেই কথা বুজিবৰ বাবেও এই ডাটাসমূহৰ খুবেই প্ৰয়োজন৷ এছ সোমনাথে এই সন্দৰ্ভত কয়, ‘যেতিয়া এই যানে এল১ পয়েণ্টত উপস্থিত হ’ব তেতিয়াই আমি ইঞ্জিনটোক এবাৰ ফায়াৰ কৰিব লাগিব৷ এবাৰ সেই বিন্দুত উপস্থিত হ’লেই আমি সফল বুলি ধৰিব পাৰিম৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ