অসম লাইভ২৪ঃ মালদ্বীপৰ মন্ত্ৰী মাৰিয়াম ছিউনা আৰু নেতা জাহিদ ৰমিজকে ধৰি কেইবাজনোৱ নেতাই কৰা প্ৰধানমন্ত্ৰী মোদীক লৈ কৰা অপমানজনক মন্তব্যক লৈ উত্তাল হৈ আছে নেটিজেন। প্রধানমন্ত্ৰী মোদীয়ে লক্ষদ্বীপক পৰ্যটনস্থলী হিচাপে প্ৰচাৰ কৰাক উপহাস কৰি কৰিছিল বিশেষ মন্তব্য। প্রধানমন্ত্ৰী মোদীক কৰা উপহাসৰ পাছতেই কেইবাজনো বলীউড চেলিব্ৰিটিয়ে মালদ্বীপ বৰ্জনৰ আহ্বান জনাইছে। ইফালে মালদ্বীপ চৰকাৰেও প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে তেওঁলোকৰ তিনিজন মন্ত্ৰী মাৰিয়াম ছিউনা, মালছা শ্বৰীফ আৰু মাহজুম মজিদক নিলম্বন কৰে।
প্রধানমন্ত্ৰী মোদীক লৈ অপমানসূচক মন্তব্য কৰা মাৰিয়াম ছিউনা কোন?
মাৰিয়াম ছিউনা মালদ্বীপ চৰকাৰৰ কেবিনেট মন্ত্ৰী। তেওঁ মালদ্বীপৰ যুৱ সৱলীকৰণ, তথ্য আৰু কলা মন্ত্ৰাণালয়ৰ উপমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ছিউনা নগৰ পৰিষদৰ এগৰাকী প্ৰবক্তাও। শেহতীয়াকৈ প্রধানমন্ত্ৰী মোদীয়ে লাক্ষাদ্বীপ ভ্ৰমণৰ সময়ত থাকোতেই ছিউনাই প্ৰধানমন্ত্ৰী মোদীক ‘ক্লন’ আৰু ‘পুতলা’ বুলি অভিহিত কৰিছিল। অৱশ্যে বিতৰ্ক বাঢ়ি অহাৰ লগে লগে, ছিউনাই নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা পোষ্টটো ডিলিট কৰিছে।
জাহিদ ৰামিজ কোন?
জাহিদ ৰমিজ ২০১৩ চনৰ জানুৱাৰী মাহৰ পৰা মালদ্বীপ চিনেটৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সদস্য হৈ আছে। তেওঁৰ লিংকডিন থকা বায়ো অনুসৰি, ৰমিজ ইউনিটি ইউনিভাৰ্চিটিৰ পৰা স্নাতক। ৰমিজৰ এজন উদ্যোগীও। জাহিদৰ লিংকডিন বায়োৰ মতে, তেওঁ ব্যৱস্থাপনা বিভাগ, ব্যৱসায়, বিকাশ, বিপণনৰ ৰণনীতি, বিজ্ঞাপন আদি বিভাগৰ এজন দক্ষ কৰ্মী। প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া লাক্ষাদ্বীপ ভ্ৰমণ সন্দৰ্ভত মন্তব্য কৰি জাহিদ ৰমিজে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি মোদীক প্রশ্ন কৰিছিল,’ভাৰতে মালদ্বীপতকৈ উন্নত সেৱা আগবঢ়াব পাৰিবনে?’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ