ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা গুৱাহাটী পালেহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা। বিমান বন্দৰত মুখ্যমন্ত্ৰীসহিতে ৰাজ্যিক বিজেপিৰ বিষয়-ববীয়াই নড্ডাক স্বাগতম জনালে অসম ভূমিলৈ। বুধবাৰে পুৱাই কামাখ্যা মন্দিৰত সেৱা গ্ৰহণ কৰি দলীয় কামত মনোনিৱেশ কৰিব ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে।
লোকসভা নিৰ্বাচনক অসম বিজেপিৰ প্ৰস্তুতি আৰু ৰণকৌশলৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৰাজ্যিক প্ৰতিনিধিৰ সৈতে বৈঠকত অংশ লব। ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এই ভ্ৰমণকালত ৰাজ্যৰ প্ৰতিটো লোকসভা সমষ্টিত টিকট প্ৰত্যাশীসকলৰ সন্দৰ্ভতো ৰাজ্যিক বিজেপিৰ পৰা বুজ লব।
উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ পৰা ১২খনৰো অধিক আসনত জয়ৰ ৰণকৌশল প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে। দলীয় ভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰাজ্যিক বিজেপিৰ ফালৰ পৰা প্ৰতিটো সমষ্টিত তীব্ৰতৰ কৰা হৈছে। এনে সময়তে ৰাষ্ট্ৰীয় সভাপতিগৰাকী অসম ভ্ৰমণে দলীয় কাৰ্যকতাসকলৰ মনোবল আৰু যে বৃদ্ধি কৰিব সেয়া নিশ্চিত।
ইফালে লোকসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছো পিছ পৰি ৰব বিচৰা নাই। ৰাহুল গান্ধীৰ অসম ভ্ৰমণক লৈ ইতিমধ্যেই প্ৰদেশ কংগ্ৰছে ভিন্ন কাৰ্যসূচী ঘোষণা কৰিছে। ভাৰত জোডো় যাত্ৰাৰ দ্বিতীয় সংস্কৰণৰ সৈতে অসমৰ লগতে উত্তৰ-পূবৰ বহুকেইখন ৰাজ্যত ৰাহুল গান্ধীয়ে আওপকীয়াকৈ ২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাব।
অসমৰ আঞ্চলিক ৰাজনৈতিক দল কেইটাও বিগত দিনকেইটাত সাংগাঠনিক কাম-কাজ তীব্ৰতৰ কৰি তোলা দেখা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ