অসম লাইভ২৪ঃ ২ ফেব্ৰুৱাৰীত বিতৰ্কিত মডেল তথা অভিনেত্ৰী পুনম পাণ্ডেৰ ভুৱা মৃত্যুৰ খবৰে তোলপাৰ লগাইছিল সমগ্ৰ দেশ। উত্তেজনাৰ ২৪ ঘণ্টাৰ পাছতেই সামাজিক মাধ্যমত পুনমে জনাইছিল তেওঁৰ মৃত্যু হোৱা নাই। এই ঘটনাৰ নেপথ্যৰ কাৰণ জনাই পুনমে আকৌ সামাজিক মাধ্যমত লিখিছিল, ‘জৰায়ু কৰ্কটক লৈ সচেতনতা বৃদ্ধিৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছিলো।’ চৰম বিতৰ্কৰ মাজত আকৌ এবাৰ পুনমলৈ আহিছে বেয়া খবৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা পুনম পাণ্ডেক এম্বেচাডৰ হিচাপে নিয়োগ কৰিব বুলিও খবৰ ভাইৰেল হৈছিল। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি জৰায়ু কৰ্কটক লৈ সচেতনতা বৃদ্ধিৰ বাবে ব্ৰেণ্ড এম্বেচাডৰ হিচাপে পুনমক নিৰ্বাচিত নকৰে স্বাস্থ্য মন্ত্ৰণালয়ে।
পুনম পাণ্ডে আৰু তেওঁৰ টীমে স্বাস্থ্য মন্ত্ৰণালয়ৰ সৈতে আলোচনাতো মিলিত হৈছিল। কিন্তু ভুৱা মৃত্যুৰ ঘটনাৰ বিতৰ্কত পুনম সোমাই পৰাত তেঁওক ব্ৰেণ্ড এম্বেচাডৰ হিচাপে নিয়োগ কৰিবলৈ নাৰাজ হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়। কৰ্কটৰ সচেতনতা বৃদ্ধিৰ বাবে পুনমে এয়া ভুল পদক্ষেপ গ্ৰহণ কৰা বুলিও জনাই দিয়ে স্বাস্থ্য মন্ত্ৰণালয়ে। ভুৱা পদক্ষেপৰ বাবেই চৰকাৰী কেম্পেইনৰ মুখ হ’ব নোৱাৰিলে পুনম পাণ্ডে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ