শোকাৱহ, বিয়া খাই উভতি গৈ থাকোতেই ভয়ংকৰ দুৰ্ঘটনা , একেলগে নিহত ৯
এক অতিকে শোকাৱহ পথ দুৰ্ঘটনা। বিয়া খাই উভতি গৈ থাকোতেই দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱালে ৯গৰাকী লোকে। মৃত্যু হোৱা কেউগৰাকী লোক ৩৫ বছৰৰ তলৰ। আনহাতে এগৰাকীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ ঝালাবাৰ জিলাত। আজি পুৱতি নিশা সংঘটিত হয় দুৰ্ঘটনাটো। ৰাজস্থানত সংঘটিত হলেও মৃতলোক সকল মধ্যপ্ৰদেশৰ আছিল বুলি জানিব পৰা গৈছে।
দৰাৰ বিয়া খাই ভেন গাড়ীৰে উভতি আহি আছিল ১০ গৰাকী লোক। ঘটনাৰ সময়ত বাহনখনৰ গতিবেগ সাধাৰণ আছিল যদিও আন এখন অতিকে তীব্ৰবেগী ট্ৰাকে পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়।
৯গৰাকী লোক ঠাইতে নিহত হোৱাৰ লগতে আন এগৰাকী গুৰুতৰভাৱে আহত হয়। আহতগৰাকীক নিকট হাস্পতালত ভৰ্তি কৰোৱা হয় পুৱাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















