বিশ্বৰ সবাতোকৈ ব্যয়বহুল নিৰ্বাচন, পূৰ্বৰ তুলনাত দুগুণ খৰচ, হিচাপ জানি আচৰিত হৈ পৰিব আপুনি
এইবাৰৰ নিৰ্বাচন বিশ্বৰ ভিতৰতে সবাতোকৈ ব্যয়বহুল নিৰ্বাচন। বহু কোটি কোটি টকা খৰচ হৈছে এইবাৰৰ ২০২৪ৰ নিৰ্বাচনত। যি হিচাপ পূৰ্বৰ নিৰ্বাচনৰ হিচাপৰ দুগুণ। পূৰ্বৰ অভিলেখ ভংগ কৰি বিশ্বৰ আটাইতকৈ ব্যয়বহুল নিৰ্বাচনী অনুষ্ঠান হিচাপে পৰিগণিত হোৱাৰ দিশত এইবাৰৰ লোকসভা নিৰ্বাচন ২০২৪।
এন জি অ’ চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে দাবী কৰিছে যে এই লোকসভা নিৰ্বাচনত আনুমানিক ব্যয় ১.৩৫ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। এই ধনৰাশি ২০১৯ চনৰ নিৰ্বাচনত হোৱা ব্যয়ৰ দুগুণতকৈও অধিক। তাৰ পিছত সাধাৰণ নিৰ্বাচনত প্ৰায় ৬০ হাজাৰ কোটি টকা খৰচ হ’ল।
৩৫ বছৰ ধৰি চিএমএছে নিৰ্বাচনী ব্যয়ৰ তথ্য লাভ কৰি আহিছে। প্ৰতিষ্ঠানটোৰ সভাপতি এন ভাস্কৰ ৰাৱে কয় যে এই সৰ্বাংগীন ব্যয়ৰ ভিতৰত ৰাজনৈতিক দল-সংগঠন, প্ৰাৰ্থী, চৰকাৰ আৰু নিৰ্বাচন আয়োগকে ধৰি নিৰ্বাচনৰ সৈতে জড়িত সকলো প্ৰত্যক্ষ বা পৰোক্ষ ব্যয় অন্তৰ্ভুক্ত কৰা হৈছে।
এই সকলো ধনৰ হিচাপ-নিকাচ নিৰ্বাচন আৰম্ভ হোৱাৰ ৩-৪ মাহৰ পূৰ্বেই হৈ যায়। নিৰ্বাচনৰ ধনৰ ৬০ শতাংশই কোনো অজ্ঞাত উৎসৰ পৰা আহে বুলি দাবী কৰিছে এন ভাস্কৰ ৰাৱে। তাৰোপৰি বহু ধনবান লোকেও দান বৰঙনি কৰে। যি হিচাপ কোটি কোটি ঘৰত।
কিহত খৰচ হয় ইমান ধন। সেই বিষয়ে কবলৈ গলে ধনৰ সৰহ সংখ্যকেই নেতা কিনা-বেছাত খৰচ হয় বুলি মন্তব্য কৰে এন জি অ’ চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজৰ ফালৰ পৰা। তাৰ পাছতে আহে নিৰ্বাচনী ৰেলী, নেতাৰ পৰিবহন, কাৰ্যকৰ্তাৰ নিযুক্তি আদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















