আল্লু অৰ্জুনৰ আহিবলগীয়া ছবি ‘পুষ্পা-২ঃ দ্যা ৰুল’ ক লৈ মানুহৰ মাজত ব্য়াপক চৰ্চা। সম্প্ৰতি এই ছবিখনে মুক্তিৰ পূৰ্বেই আয় কৰিছে ১২০০ কোটি টকা। ইপিনে এই ছবিত অভিনয় কৰা আল্লু অৰ্জুনৰ পাৰিশ্ৰমিকক লৈয়ো বহুতেই চৰ্চা চলোৱা দেখা গৈছে। কাৰণ আল্লু এতিয়া দক্ষিণৰ ছুপাৰষ্টাৰ। এখনৰ পাছত আনখন হীট ছবিৰে জনপ্ৰিয়তাৰ শীৰ্ষত আছে আল্লু অৰ্জুন।
দক্ষিণৰ চিনেমাৰ সৈতে জড়িত এক সূত্ৰই প্ৰকাশ কৰামতে পুষ্পা-২ত অভিনয় কৰা আল্লু অৰ্জুনে তেওঁৰ পাৰিশ্ৰমিক পূৰ্বতকৈ বঢ়াই দিছে। পূৰ্বতকৈ ৩০শতাংশ বেছিকৈ ধন পৰিশোধ কৰিব লাগিব আল্লু অৰ্জুনক। পূৰ্বে আল্লু অৰ্জুনে এখন ছবিত অভিনয় কৰিবৰ বাবে প্ৰায় ১০০ কোটি টকা পাৰিশ্ৰমিক লৈছিল। এতিয়া সেই ধন বঢ়াই দিছে আল্লুৱে। বৰ্তমান তেওঁ এখন ছবিত অভিনয় কৰিবৰ বাবে ১৫০ কোটি টকা চাৰ্জ কৰে। পাৰিশ্ৰমিক হিচাপে ইমান মোটা ধন ছাউথ চিনেমা ইণ্ডাষ্ট্ৰীত কিন্তু তেনেই সাধাৰণ কথা।
প্ৰেক্ষাগৃহত মুক্তিৰ পূৰ্বেই ৫৭০ কোটি টকাৰ চুক্তি
১৫ আগষ্ট ২০২৪ত মুক্তি লাভ কৰিব পুষ্পা-২য়ে। ১৫ আগষ্টত মুক্তি পাবলগীয়া ছবিখনৰ হিন্দি সংস্কৰণৰ বাবে ২০০ কোটিৰ চুক্তি হৈছে। দক্ষিণ ভাৰতত ২৭০ কোটি টকাত ডিষ্ট্ৰিবিউছনৰ বাবে থিয়েটাৰ ৰাইটছ বিক্ৰি কৰা হৈছে। অর্থাৎ মুক্তিৰ পূৰ্বেই মুঠ ৫৭০ কোটি টকাৰ চুক্তি হৈছে। পুষ্পা-২ ৰিলিজৰ পূৰ্বেই আয় কৰা ধনৰ পৰিমাণ হৈছে ১২৯৫ কোটি টকা।
ইয়াৰোপৰি পুষ্পা-২ৰ ষ্ট্ৰিমিং ৰাইটছ ২৭৫ কোটি টকাত ক্ৰয় কৰিছে অটিটি প্লেটফৰ্ম নেটফ্লিক্সে। ছবিখনৰ অডিঅ আৰু ছেটেলাইট ৰাইটছ চুক্তিও সম্পন্ন হৈছে। নিৰ্মাতাই ৪৫০ কোটি টকাত অডিঅ আৰু ছেটেলাইট ৰাইটছ বিক্ৰি কৰিছে।উল্লেখ্যে যে ৫০০ কোটিৰ বিগ বাজেটেৰে এই ছবি তৈয়াৰ হৈছে। আল্লু অৰ্জুনৰ একশ্ব্যন চাবৰ বাবেও ৰৈ আছে এতিয়া দেশী বিদেশী কোটি কোটি দৰ্শক। এই ছবিত আল্লুৰ বাহিৰেও অভিনয় কৰিছে অন্য কেইবাগৰাকী নামী-দামী অভিনেতা অভিনেত্ৰীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















