নিশা শোৱাৰ পূৰ্বে কৰক এই কাম, খুলি পৰিব সৌভাগ্যৰ দুৱাৰ
জ্যোতিষ শাস্ত্ৰ মতে সাধাৰণ জীৱন যাপনত কিছু সামান্য কাম সঠিকভাৱে কৰিলেই সৌভাগ্যৰ দুৱাৰ খোল খাব। নিশা শোৱা পূৰ্বেও কৰক কিছু কাম, ভাগ্যোদয় হব আপোনাৰ।
কৰ্পূৰ জ্বলাই দিব-
প্ৰতিদিনে শোৱাৰ পূৰ্বে শোৱা কোঠাত কৰ্পূৰ জ্বলাই দিব লাগে। ফলত আপোনাৰ শোৱা কোঠাত থকা সকলো ঋণাত্মক শক্তি নোহোৱা হৈ যাব। লগতে ৰাতি টোপনি ভাল হ’ব আৰু মনত সুখ আৰু শান্তি অটুট থাকিব।
হাত ভৰি ধুব লাগে-
নিশা শোৱাৰ পূৰ্বে হাত-ভৰি আৰু মুখখন ভালদৰে ধুব লাগে। লেতেৰা হাত-ভৰি লৈ শুবলৈ নাযাব। ভৰি ধুই শুকুৱাই শুব। তিতা ভৰিৰে বিচনাত উঠিব নালাগে। শুই থকাৰ সময়ত ভৰি দুখন দুৱাৰৰ পৰা আঁতৰাই ৰাখক। ফলত আৰ্থিক সংকট ক্ৰমান্বয়ে নাইকিয়া হ’ব।
ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা-
প্ৰতি নিশা শুবলৈ যোৱাৰ পূৰ্বে ভগৱানক স্মৰণ কৰি ধন্যবাদ জনাওক। যদি আপোনাৰ মনত কোনো প্ৰাৰ্থনা আছে তেন্তে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰক। এনে কৰিলে আপোনাৰ মনৰ পৰা সকলো ভয় আঁতৰি যাব।
টকা গণনা কৰা-
বিচনাৰ কাষত দহ টকীয়া নোটৰ বাণ্ডিল এটা ৰাখক। প্ৰতিদিনে টকা গণনা কৰি তাৰ পিছত শুই যাওক। ফলত চাকৰি বা ব্যৱসায়ত উন্নতি পাব আৰু আৰ্থিক অৱস্থা সুদৃঢ় হ’ব।
ইলাচি খাব লাগে-
ইলাচি খোৱাটো শুভ বুলি গণ্য কৰা হয়। সেউজীয়া ইলাচি বুধৰ লগত জড়িত। শোৱাৰ পূৰ্বে ইলাচি খালে বুধৰ অৱস্থান মজবুত হয়। ইয়াৰ ফলত অধ্যয়ন আৰু কেৰিয়াৰৰ উন্নতি ঘটে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















