পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী
ইমান দিনে শুনি আহিছিল স্বামীৰ অত্যাচাৰ পত্নীৰ ওপৰত। পাছে এইবাৰ পোহৰলৈ আহিছে স্বামীৰ ওপৰত অকথ্য নিৰ্যাতন চলালে পত্নীয়ে। অত্যাচাৰৰ সীমা ইমানেই বাঢ়ি যায় যে, কোনোমতে পলাই আহি আৰক্ষীৰ কাষ চাপে দু্ৰ্ভগীয়া স্বামী।
এই ঘটনা এইখন ভাৰতৰে। উত্তৰ প্ৰদেশৰ বিজনৌৰৰ পৰা আহিছে এই খবৰ। প্ৰেম বিবাহ কৰাৰ পাছতো প্ৰতাৰণাৰ সন্মুখিন স্বামী। বৰ্তমানে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত পত্নীগৰাকীক।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ২০২৩ৰ নৱেম্বৰ মাহত বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। বিয়াৰ পাছতে পত্নীয়ে বিচৰামতে পৰিয়ালৰ পৰাও আঁতৰি গৈ বেলেগকৈ ঘৰ ভাড়া কৰি থাকে দুয়ো স্বামী-স্ত্ৰী।
কিন্তু তথাপি সুখি নাছিল পত্নী, নিতৌ কৰিছিল কাজিয়া। অৱশেষত ২৯ এপ্ৰিলৰ নিশা স্বামীৰ ওপৰত চলালে ভাবিব নোৱাৰা অত্যাচাৰ। গাখীৰৰ সৈতে কোনো নিচাৰ সামগ্ৰী মিহলাই খুৱাই দিয়ে স্বামীক। তাৰ পাছত হাত-ভৰি বান্ধি লৈ আৰম্ভ কৰে অত্যাচাৰ।
প্ৰথমে ডিঙিত চেপা মাৰে, চুৰিৰে ৰেপি দিয়ে। তাৰ পাছত স্বামীৰ গুপ্তাংগতো চুৰিৰে ৰেপি ৰেপি দিয়ে কেইবা ঠাইতো। লগতে নিজে চিগাৰেট খোৱাৰ উপৰি সেই চিগাৰেটেৰে স্বামীৰ গুপ্তাংগতো কেইবাঠাইত জ্বলাই দিয়ে। ৰেহাইৰ বাবে নিচাৰ জালতো কাকুটি-মিনতি কৰি থাকে স্বামী কিন্তু নিৰ্বিচাৰে অত্যাচাৰ চলাই যায় পত্নীয়ে।
পাশৱিকতাৰ সীমা চেৰাই যোৱা অত্যাচাৰ কৰি শেষত নিজে সুৰা পান কৰি শুই যায় স্বামীৰ কাষতে। পত্নী শুই যোৱাৰ পাছত বহু কষ্টৰে নিজক কোনোমতে মোকলাই সেই স্থানৰ পৰা পলায়ন কৰি পোনেই যায় আৰক্ষীৰ ওচৰলৈ।
আৰক্ষীয়ে পিছত প্ৰমাণৰ বাবে তদন্ত চলাওতে কোঠাৰ ভিতৰৰ চিচি টিভি ফুটেজ উদ্ধাৰ কৰে। সেই ভিডিঅ’তে পত্নীৰ সকলো অত্যাচাৰ পোহৰলৈ আহে, যি দেখি আৰক্ষীয়ো আচৰিত হৈ পৰে। বৰ্তমানে স্বামী হাস্পতালত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে অত্যাচাৰী পত্নী আৰক্ষীৰ জালত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















