• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে

I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে

I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে

editor by editor
June 4, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
I.N.D.I.A জোঁটেই চৰকাৰ গঢ়াৰ সম্ভাৱনা নেকি? উত্তৰ দিলে ৰাহুল গান্ধীয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৪০০ পাৰ দূৰৈৰ কথা, ৩০০ৰ গাণ্ডিও পাৰ কৰিব পৰা নাই এন ডি এই। কোনোমতে টানিটুনি মেজিক ফিগাৰ পাৰ কৰিছে গেৰুৱা শিবিৰে। এককভাৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰিলে বিজেপি দলে। সন্ধিয়া ৮বজালৈকে লাভ কৰা নিৰ্বাচন কমিছনৰ তথ্য অনুসৰি এন ডি এ শিবিৰৰ আসনৰ সংখ্য়া ২৯০ খন আৰু ইণ্ডিয়া জোঁটৰ আসনৰ সংখ্যা ২৩৫। এইক্ষেত্ৰত এনডিএই চৰকাৰ গঠন কৰিব বুলি নিশ্চিত হলেও একাংশই আকৌ চৰ্চা চলাইছে যে সলনি হৈ যাব পাৰে সকলো সমীক্ষা।

বিৰোধীয়ে চৰকাৰ গঠন কৰি পেলাব পাৰে নেকি এই প্ৰশ্নৰ উত্তৰ দিছে বিৰোধী নেতা ৰাহুল গান্ধীয়েও। সন্ধিয়া সংবাদমেলত ৰাহুল গান্ধীয়ে কয়, ‘বুধবাৰে আমাৰ এখন বৈঠক আছে। ইণ্ডিয়া জোঁটৰ নেতৃত্বই ঠিক কৰিব কোন কোন দলক এই জোঁটবন্ধনলৈ অনা হব। তাৰপাছতেই সিদ্ধান্ত গ্ৰহণ কৰা হব। সকলো পাৰ্টীৰ সৈতে আলোচনা কৰিহে আমি এক সিদ্ধান্তত উপনীত হম। অৱশ্যে আমি এতিয়ালৈকে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ সকলোপ্ৰকাৰেই আমি চেষ্টা কৰিম। জাতিগত জনগণনা, মহালক্ষ্মী প্ৰকল্প আমি আনিমেই।’ একেই মন্তব্য কৰিছে মল্লিকাৰ্জূন খাৰ্গেও। মমতা বেনাৰ্জীয়েও সংবাদমেল পাতি কয় যে তেওঁ ইণ্ডিয়া জোঁটকেই সমৰ্থন কৰিব।

সংবাদমেলত ৰাহুল গান্ধীয়ে কয়, ‘এই নিৰ্বাচনত ইণ্ডিয়া জোঁট আৰু কংগ্ৰেছে কেৱলমাত্ৰ এটা ৰাজনৈতিক দলৰ বিৰুদ্ধে যুঁজ দিয়া নাই। ভাৰতৰ চৰকাৰী এজেন্সি চিবিআই, ইডিৰ  বিৰুদ্ধেও আমাৰ যুঁজ চলিব। এই সমস্ত প্লেটফৰ্মসমূহ মোদী শাহে নিজৰ মতে চলাই আছে। আমাৰ যুঁজ আছিল সংবিধান ৰক্ষাৰ যুঁজ। আমি পাহৰা নাই কেনেকৈ আমাৰ বেংক একাউণ্ট চিজ কৰা হৈছিল। কেনেকৈ পাৰ্টী ভাঙিবলৈ এজনৰ পাছত আনজন নেতাক জেলত ভৰোৱা হৈছিল। ভাৰতৰ জনতাই সকলোবোৰ বুজিছে। সেয়ে সংবিধান ৰক্ষাৰ বাবে আগুৱাই আহিছে। মই কংগ্ৰেছ দলৰ সৈতে ইণ্ডিয়া জোটৰ পক্ষৰ পৰা দেশৰ জনতাক ধন্য়বাদ জনাইছো। সংবিধান ৰক্ষাৰ বাবে আপোনালোকে প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰিছে। ইণ্ডিয়া জোঁটৰ সকলো নেতাকেই মই ধন্য়বাদ জনাইছো। আমি তেওঁলোকৰ ইচ্ছাসমূহক সমৰ্থন জনাই যাম। স্পষ্টভাৱেই আমি দেশক এক নতুন ভিছন দিছো।’

লগতে ৰাহুলে কয় যে, দেশবাসীয়ে স্পষ্টভাৱে বুজাই দিছে, তেওঁলোকে নৰেন্দ্ৰ মোদীক নিবিচাৰে। সেয়াই এক ডাঙৰ বাৰ্তা। এই বাৰ্তাৰ বাবেই আমি গৰ্বিত। কৃষক, শ্ৰমিক আৰু পিছপৰা জনজাতিৰ লোকে এই সংবিধাৰ ৰক্ষাৰ যুঁজত কাম কৰিছে। উত্তৰ প্ৰদেশত বিপুল ভোটত জয়ী হৈছে কংগ্ৰেছ। ভাৰতৰ সংবিধানৰ ওপৰত আঘাত কৰাৰ ফল বিজেপিয়ে হাতে হাতে পাইছে। এইক্ষেত্ৰত ভগ্নী প্ৰিয়ংকাৰ বিৰাট অৱদানৰ কথাও সোঁৱৰিলে ৰাহুল গান্ধীয়ে।

আনহাতে ৰিজাল্টক লৈ মল্লিকাৰ্জূন খাৰ্গেই কয়, ‘এই জনাদেশ গণতন্ত্ৰৰ জয়। আমি আগতেও কৈছো এই যুঁজ মোদী বনাম জনতাৰ যুঁজ। এই জনাদেশ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গৈছে। এয়া মোদীৰ ৰাজনৈতিক আৰু নৈতিক হাৰ। যি ব্যক্তিয়ে বাৰে বাৰে নিজৰ নামত ভোট বিচাৰিছিল সেই ব্যক্তিৰ মুখৰ ওপৰতেই জনতাই উত্তৰ দিছে। চৰকাৰী এজেন্সি নেতাসকলৰ বিৰুদ্ধে অভিযান, বেংক একাউণ্ট ফ্ৰিজ কৰা আদিবোৰ আমাৰ মনত আছে। এই সকলোবোৰৰ মাজতো আমাৰ প্ৰচাৰ ইতিবাচক আছিল। বিজেপিৰ ভুৱা গেৰেণ্টি মানুহে বিশ্বাস কৰিবলৈ এৰিলে। মানুহৰ বিশ্বাস হৈ গৈছে মোদীয়ে আকৌ এবাৰ ক্ষমতালৈ আহিলে সংবিধান ক্ষতিগ্ৰস্থ হব। তাৰ প্ৰতিফলন এই ফলাফল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
ৰাম বিশ্বাস… ৰাজনীতিৰ সৈতে ৰামক একাকাৰ নকৰে উত্তৰপ্ৰদেশবাসীয়ে! ক’ত কি ভুল কৰিলে মোদী-যোগীৰ ডাবল ইঞ্জিনৰ চৰকাৰে?

ৰাম বিশ্বাস… ৰাজনীতিৰ সৈতে ৰামক একাকাৰ নকৰে উত্তৰপ্ৰদেশবাসীয়ে! ক’ত কি ভুল কৰিলে মোদী-যোগীৰ ডাবল ইঞ্জিনৰ চৰকাৰে?

আজমল আৰু কেতিয়াও মুখ্যমন্ত্ৰী হ’ব নোৱাৰে, আজমলৰ দূৰ্গতেই আজমলক পৰাস্ত কৰালে কংগ্ৰেছৰ ৰকিবুলে

আজমল আৰু কেতিয়াও মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, আজমলৰ দূৰ্গতেই আজমলক পৰাস্ত কৰালে কংগ্ৰেছৰ ৰকিবুলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.