৪০০ পাৰ দূৰৈৰ কথা, ৩০০ৰ গাণ্ডিও পাৰ কৰিব পৰা নাই এন ডি এই। কোনোমতে টানিটুনি মেজিক ফিগাৰ পাৰ কৰিছে গেৰুৱা শিবিৰে। এককভাৱে সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰিলে বিজেপি দলে। সন্ধিয়া ৮বজালৈকে লাভ কৰা নিৰ্বাচন কমিছনৰ তথ্য অনুসৰি এন ডি এ শিবিৰৰ আসনৰ সংখ্য়া ২৯০ খন আৰু ইণ্ডিয়া জোঁটৰ আসনৰ সংখ্যা ২৩৫। এইক্ষেত্ৰত এনডিএই চৰকাৰ গঠন কৰিব বুলি নিশ্চিত হলেও একাংশই আকৌ চৰ্চা চলাইছে যে সলনি হৈ যাব পাৰে সকলো সমীক্ষা।
বিৰোধীয়ে চৰকাৰ গঠন কৰি পেলাব পাৰে নেকি এই প্ৰশ্নৰ উত্তৰ দিছে বিৰোধী নেতা ৰাহুল গান্ধীয়েও। সন্ধিয়া সংবাদমেলত ৰাহুল গান্ধীয়ে কয়, ‘বুধবাৰে আমাৰ এখন বৈঠক আছে। ইণ্ডিয়া জোঁটৰ নেতৃত্বই ঠিক কৰিব কোন কোন দলক এই জোঁটবন্ধনলৈ অনা হব। তাৰপাছতেই সিদ্ধান্ত গ্ৰহণ কৰা হব। সকলো পাৰ্টীৰ সৈতে আলোচনা কৰিহে আমি এক সিদ্ধান্তত উপনীত হম। অৱশ্যে আমি এতিয়ালৈকে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ সকলোপ্ৰকাৰেই আমি চেষ্টা কৰিম। জাতিগত জনগণনা, মহালক্ষ্মী প্ৰকল্প আমি আনিমেই।’ একেই মন্তব্য কৰিছে মল্লিকাৰ্জূন খাৰ্গেও। মমতা বেনাৰ্জীয়েও সংবাদমেল পাতি কয় যে তেওঁ ইণ্ডিয়া জোঁটকেই সমৰ্থন কৰিব।
সংবাদমেলত ৰাহুল গান্ধীয়ে কয়, ‘এই নিৰ্বাচনত ইণ্ডিয়া জোঁট আৰু কংগ্ৰেছে কেৱলমাত্ৰ এটা ৰাজনৈতিক দলৰ বিৰুদ্ধে যুঁজ দিয়া নাই। ভাৰতৰ চৰকাৰী এজেন্সি চিবিআই, ইডিৰ বিৰুদ্ধেও আমাৰ যুঁজ চলিব। এই সমস্ত প্লেটফৰ্মসমূহ মোদী শাহে নিজৰ মতে চলাই আছে। আমাৰ যুঁজ আছিল সংবিধান ৰক্ষাৰ যুঁজ। আমি পাহৰা নাই কেনেকৈ আমাৰ বেংক একাউণ্ট চিজ কৰা হৈছিল। কেনেকৈ পাৰ্টী ভাঙিবলৈ এজনৰ পাছত আনজন নেতাক জেলত ভৰোৱা হৈছিল। ভাৰতৰ জনতাই সকলোবোৰ বুজিছে। সেয়ে সংবিধান ৰক্ষাৰ বাবে আগুৱাই আহিছে। মই কংগ্ৰেছ দলৰ সৈতে ইণ্ডিয়া জোটৰ পক্ষৰ পৰা দেশৰ জনতাক ধন্য়বাদ জনাইছো। সংবিধান ৰক্ষাৰ বাবে আপোনালোকে প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰিছে। ইণ্ডিয়া জোঁটৰ সকলো নেতাকেই মই ধন্য়বাদ জনাইছো। আমি তেওঁলোকৰ ইচ্ছাসমূহক সমৰ্থন জনাই যাম। স্পষ্টভাৱেই আমি দেশক এক নতুন ভিছন দিছো।’
লগতে ৰাহুলে কয় যে, দেশবাসীয়ে স্পষ্টভাৱে বুজাই দিছে, তেওঁলোকে নৰেন্দ্ৰ মোদীক নিবিচাৰে। সেয়াই এক ডাঙৰ বাৰ্তা। এই বাৰ্তাৰ বাবেই আমি গৰ্বিত। কৃষক, শ্ৰমিক আৰু পিছপৰা জনজাতিৰ লোকে এই সংবিধাৰ ৰক্ষাৰ যুঁজত কাম কৰিছে। উত্তৰ প্ৰদেশত বিপুল ভোটত জয়ী হৈছে কংগ্ৰেছ। ভাৰতৰ সংবিধানৰ ওপৰত আঘাত কৰাৰ ফল বিজেপিয়ে হাতে হাতে পাইছে। এইক্ষেত্ৰত ভগ্নী প্ৰিয়ংকাৰ বিৰাট অৱদানৰ কথাও সোঁৱৰিলে ৰাহুল গান্ধীয়ে।
আনহাতে ৰিজাল্টক লৈ মল্লিকাৰ্জূন খাৰ্গেই কয়, ‘এই জনাদেশ গণতন্ত্ৰৰ জয়। আমি আগতেও কৈছো এই যুঁজ মোদী বনাম জনতাৰ যুঁজ। এই জনাদেশ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গৈছে। এয়া মোদীৰ ৰাজনৈতিক আৰু নৈতিক হাৰ। যি ব্যক্তিয়ে বাৰে বাৰে নিজৰ নামত ভোট বিচাৰিছিল সেই ব্যক্তিৰ মুখৰ ওপৰতেই জনতাই উত্তৰ দিছে। চৰকাৰী এজেন্সি নেতাসকলৰ বিৰুদ্ধে অভিযান, বেংক একাউণ্ট ফ্ৰিজ কৰা আদিবোৰ আমাৰ মনত আছে। এই সকলোবোৰৰ মাজতো আমাৰ প্ৰচাৰ ইতিবাচক আছিল। বিজেপিৰ ভুৱা গেৰেণ্টি মানুহে বিশ্বাস কৰিবলৈ এৰিলে। মানুহৰ বিশ্বাস হৈ গৈছে মোদীয়ে আকৌ এবাৰ ক্ষমতালৈ আহিলে সংবিধান ক্ষতিগ্ৰস্থ হব। তাৰ প্ৰতিফলন এই ফলাফল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ