অসম লাইভ২৪ঃ বুধবাৰ (১২ জুন)ত কুৱেইটত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা৷এটা অট্টালিকাত সংঘটিত হোৱা অগ্নিকাণ্ডত ৪১ জন লোকে থিতাতে আঁকোৱালি হৈছে মৃত্যুক৷ কুৱেইটৰ এক সংবাদ সূত্ৰই প্ৰকাশ কৰা অনুসৰি নিহতসকলৰ ভিতৰত ৪০ জনেই ভাৰতীয় লোক৷ ইতিমধ্যেই ৫০ জনতকৈ অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এই অট্টালিকাটোত প্ৰায় ১৬০ জন আছিল বুলি প্ৰকাশ কৰিছে সূত্ৰটোৱে৷ আটাইকেইজন কৰ্মচাৰীয়েই একেটা কোম্পানীতে কাম কৰি আছিল৷ কুৱেইটত থকা ভাৰতীয় দূতাবাসে ‘এক্স হেণ্ডেলত লিখিছে, ‘আজি ভাৰতীয় শ্ৰমিকৰ সৈতে সংঘটিত হোৱা মৰ্মান্তিক অগ্নিকাণ্ডৰ ঘটনাক লৈ আমি জৰুৰীকালীন হেল্পলাইন নম্বৰ মুকলি কৰি দিছো। আমাক সেই হেল্পলাইন নম্বৰত যোগাযোগ কৰক৷ দূতাবাসে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’
শোক প্ৰকাশ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ
কুৱেইটৰ মুঠ জনসংখ্যাৰ ২১ শতাংশ (১০ লাখ) আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত ৩০ শতাংশ (প্ৰায় ৯ লাখ) ভাৰতীয়ই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এক্স’ত লিখিছে, ‘কুৱেইট চহৰত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ খবৰে আমাক ব্যথিত কৰিছে৷ খবৰ অনুসৰি ৪০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ৫০ জনতকৈ অধিক লোক চিকিৎসালয়ত ভৰ্তি হৈছে। আমাৰ ৰাষ্ট্ৰদূত সেই স্থানলৈ গৈছে। আমি অধিক তথ্যৰ বাবে অপেক্ষা কৰি আছো।’
জয়শংকৰে লগতে কয়, ‘এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ শীঘ্ৰে আশুআৰোগ্যৰো কামনা কৰিলোঁ। আমাৰ দূতাবাসে এই ক্ষেত্ৰত সংশ্লিষ্ট সকলোকে সম্পূৰ্ণ সহায় আগবঢ়াব।’
কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
কুৱেইট টাইমছৰ বাতৰি অনুসৰি, কুৱেইটৰ স্বৰাজ মন্ত্ৰী শ্বেইখ ফাহদ আল ইউছুফ আল ছাবাহে আৰক্ষীক জনোৱা মতে, ঘটনাক কেন্দ্ৰ কৰি কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ কৰা হৈছে৷ আহত আৰু নিহত কৰ্মীসকলৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অট্টালিকাৰ মালিক, অট্টালিকাৰ চকীদাৰক এৰি দিয়া নহ’ব বুলিও জনাইছে কুৱেইট আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















