৭দিন পাছতেই একাদশী৷ এই একাদশী অন্য একাদশীতকৈ পৃথক৷ এই দিনটোত কেইটামান কাম কৰিলেই লাভ কৰিব উল্লেখনীয় ফল৷ বছৰৰ প্ৰতিমাহে হয় দুটাকৈ একাদশী৷ সেই অনুসৰি বছৰত মুঠ ২৪টা একাদশী থাকে৷ সকলোবোৰৰ ভিতৰত নিৰ্জলা একাদশীক শ্ৰেষ্ঠ একাদশী বুলি ধৰা হয়৷ এয়া বছৰৰ আটাইতকৈ ডাঙৰ একাদশী৷
এইবাৰ ১৮ জুনত পৰিছে নিৰ্জলা একাদশী৷ নিৰ্জলা একাদশীত বহুলোকেই উপবাসেও থাকে৷ জ্যোতিষীয়ে দাবী কৰে যে এই দিনটোত বিশেষ কেইটামান কাম কৰিলে ঘৰলৈ লক্ষ্মী আহে৷ লক্ষ্মী অহা মানেই ধন সম্পদ বৃদ্ধি পোৱা৷ নিৰ্জলা একাদশীত লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কি কি কৰিব?
১) নিৰ্জলা একাদশীৰ দিনা শংখত গংগাজল ভৰাই ভগৱান বিষ্ণুক অভিষেক কৰক৷ ভগৱান বিষ্ণুৰ লগতে লক্ষ্মী দেৱীকো আৰাধনা কৰক৷
২) ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ হালধীয়া সামগ্ৰী অৰ্পন কৰক৷ পাছত অৰ্পন কৰা সামগ্ৰীসমূহ এখন ৰঙা কাপোৰেৰে বান্ধি ঘৰৰ কোনো পবিত্ৰ স্থানত বা ধন থোৱা বেগত সোমোৱাই ৰাখক৷
৩) নিৰ্জলা একাদশীত তুলসী প্ৰণাম কৰি ৫বাৰ ঔম শ্ৰী হ্ৰীম শ্ৰী কমলে কমলায়ে প্ৰসিদ্ধ শ্ৰী হীম, শ্ৰী ওম মহালক্ষ্মী মন্ত্ৰ জপ কৰক৷
৪) নিৰ্জলা একাদশীৰ দিনা আঁহত গছৰ গুৰিত গাখীৰ আৰু পানী মিহলি কৰি আগবঢ়াওক৷ ধূপ-ধূনা জ্বলাই আৰতি কৰক৷
৫) উপবাস ভংগ কৰাৰ সময়ত তুলসীৰ গুৰিত পানী দিয়ক৷ অৱশ্যে উপবাসে থকাৰ সময়ত তুলসী তলত পানী নিদিব৷
এইকেইটা উপায় অৱলম্বন কৰিলেই লক্ষ্মীৰ আশীৰ্বাদ আপুনি লাভ কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰোপৰি ঘৰলৈ ধন টকা-পইছাৰো আগমন ঘটিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ