অসম লাইভ ২৪ঃ ৰীল লাইফৰ খলনায়ক ৰীয়েল লাইফত নায়ক। বিগত ছমাহ ধৰি বাস্তৱ জীৱনত নায়ক হৈ পৰিছে বলীউড অভিনেতা ছনু সোদ। ক’ৰোনাকালত দৰিদ্ৰ, আৰ্তজনৰ কাষত অভিনেতা ছনু সোদ। লকডাইনত দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা হাজাৰ-হাজাৰ শ্ৰমিকক ঘৰলৈ উভতাই পঠিওৱাৰ দায়িত্ব লৈছিল ছনু সোদে। লকডাউনৰ সময়ছোৱাত বহু মানুহেই কাম হেৰুৱাইছিল। পৰিয়ালক লৈ ঘৰলৈ উভতি যোৱাৰ বাবে পকেটত নাছিল ধন। দুবেলা দুসাঁজৰ বাবেও হাহাকাৰ কৰিব লগীয়া হৈছিল বহুলোকে। সেইসকল লোকক সহায় কৰিছিল ছনু সোদে। শ্ৰমিকসকলক ঘৰলৈ উভতাই পঠিয়াবৰ বাবে নিজেও অক্লান্ত পৰিশ্ৰম কৰিছিল ছনু সোদে। বিভিন্ন ঠাইত নিজে তদাৰকী কৰিছিল। ঠায়ে-ঠায়ে দল তৈয়াৰ কৰি শ্ৰমিকসকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কিছুমানক যদি বাছেৰে পঠিয়াইছে, আন একাংশক ৰে’লেৰে। আৰু কিছু কিছু লোকক বিমানেৰেও ঘৰলৈ পঠিয়ালে ছনু সোদে। ছনু সোদৰ এই প্ৰশংসনীয় কাম সংবাদমাধ্যমত প্ৰচাৰ হৈছিল। অভিনেতাগৰাকীৰ এই মানৱীয় এই কামৰ কথা দেশৰ সীমা পাৰ হৈ ৰাষ্ট্ৰসংঘেও অৱগত হয়। ইয়াৰ পাছতেই ৰাষ্ট্ৰসংঘই অভিনেতাগৰাকীলৈ আগবঢ়ালে এক বিশেষ সন্মান। United Nation Development programme (UNDP)ৰ তৰফৰ পৰা ‘স্পেচিয়েল হিউমেনিটেৰিয়ান একশ্যন এৱাৰ্ড’ৰ কথা ঘোষণা কৰিলে। ছনু সোদক এই সন্মান ভাৰ্চুৱেলী প্ৰদান কৰিব UNDP-এ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ