ৰাজ্য কঁপাই গৈছে বেলতলাৰ হত্যাকাণ্ডই। কিমান নৃসংশ হ’লে প্ৰেমিকে হ*ত্যা কৰি শৰীৰৰ অংগ কাটি ফ্ৰিজৰ ভিতৰত ভৰাই থ’ব পাৰে! এতিয়া ইটোৰ পিছত সিটো ফাদিল হৈছে ৰিয়া হত্যাকাণ্ডৰ ন ন তথ্য। বিবাহ বাৰ্ষিকীৰ পূৰ্বে কিয় ৰামানুজ গোস্বামীয়ে কিয় পত্নী ৰিয়া তালুকদাৰক হত্যা কৰিলে তাকলৈ হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে।
প্ৰথম পৰ্যায়ত পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছিল। ২০২৫চনৰ ২২ছেপ্তেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল ৰিয়া আৰু ৰামানুজে। ২০২৫ বৰ্ষত ফেচবুকৰ জড়িয়তে চিনাকি হৈ নাৰেংগীৰ গণেশ মন্দিৰত বিয়াত বহিছিল ৰিয়া আৰু ৰামানুজ। দুয়োৰে হৈছিল প্ৰেম বিবাহ। সৰুতে পিতৃ-মাতৃক হেৰুৱাইছিল ৰিয়া তালুকদাৰে। ফাঁচীবজাৰৰ কাপোৰৰ দোকানত কাম কৰিছিল পত্নী ৰিয়াই, কিন্তু এজন যুৱকৰে পৰকীয়া প্ৰেম থকা বুলি ৰামানুজে সন্দেহ কৰিছিল।
কিন্তু হঠাতে অহা খবৰে সকলোকে আচৰিত কৰি তুলিলে। বিবাহৰ পিছত দুয়ো অঞ্জলি গৃহ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাত নিজা ফ্লেটত বাস কৰিছিল। স্বামীয়ে শিৰচ্ছেদ কৰি ৰিয়াৰ মূৰটো ক’লা পলিথিনেৰে ভৰাই ৰাখিছিল ফ্ৰীজত আৰু শৰীৰৰ বাকী অংশ শোৱনি কোঠাৰ বিচনাৰ কাষত পৰি আছিল। কিন্তু এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতো ৰামানুজৰ পৰিয়ালৰ লোকে এই কথা মানি ল’বলৈ অমান্তি হৈছিল। মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, মোৰ ল’ৰা ভদ্ৰ আৰু নম্ৰ, সি মানুহে ৫০ টকা খুজিলে ১০০ টকা দিয়া ল’ৰা।’
আনফালে পত্নীক হত্যা কৰা ৰামানুজ গোস্বামীয়েও কেমেৰাৰ সন্মুকত প্ৰথমবাৰলৈ বিস্ফোৰক মন্তব্য আগবঢ়ায়। তেওঁ কয়, ‘মই সন্মানীয় ঘৰৰ ল’ৰা, পত্নী ৰিয়াই মোৰ মাক অশ্লীল শব্দৰে গালি পাৰিছিল। মোৰ মাক বেয়াকৈ কৈছিল। তাই মোৰ মাক বেয়াকৈ কিয় ক’ব? পুলিচে মোক ধৰা নাই, মইহে আত্মসমৰ্পন কৰিছো। মোৰ ভুল হৈ গ’ল।’
কিন্তু ঘটনাটোৰ ইটোৰ পিছত সিটো ন ন তথ্য পোহৰলৈ আহিয়েই আছে। তথ্যনুসৰি লকডাউনৰ সময়ত ৰামানুজে কৰিছিল আন এক ভয়ংকৰ কাণ্ড। তেতিয়া ATM চুৰি কৰিছিল ৰামানুজে আৰু ATM চুৰিৰ গোচৰত গ্ৰেপ্তাৰো হৈছিল ৰামানুজ গোস্বামী। নিজৰ কু কাণ্ডৰ বাবে জে’ললৈও যাবলগীয়া হৈছিল ৰামানুজ গোস্বামী। গৌৰীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰামানুজক। এতিয়া সেই ৰামানুজে সংঘটিত কৰিলে নাৰকীয় কাণ্ড।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















