ঈদৰ পবিত্ৰ দিনটোতেই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷
লাইনচ্যুত হৈছে কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুটাকৈ ডবা৷
শিয়ালদামুখী কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ৷
নিউ জলপাইগুৰি ষ্টেচনক পৰা মাত্ৰ এঘণ্টা দূৰত্বৰ ৰঙাপানীত সংঘটিত হৈছে এই দুৰ্ঘটনা৷
বৰ্তমানলৈকে মৃতকৰ সংখ্যা জানিব পৰা হোৱা নাই যদিও হতাহত হৈছে প্ৰায় ১০০ ৰো অধিক ব্যক্তি৷
বৃষ্টিপাতৰ পৰিমান অধিক হোৱাৰ বাবেই এই দুৰ্ঘটনাৰ সন্দেহ৷
ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে উদ্ধাৰকাৰী দল৷
লগে লগেই ৰে’ল বিভাগৰ পৰা মুকলি কৰি দিয়া হৈছে হেল্পলাইন নম্বৰো৷
সহায়ৰ বাবে ফোন কৰক ০৩৩২৩৫০৮৭৯৪ আৰু ০৩৩ ২৩৮৩৩৩২৬ নম্বৰত৷
যি লাইনত এই দুৰ্ঘটনা সংঘটিত হৈছে সেই লাইন কলকাতা আৰু শিলিগুৰিৰ সৈতে যোগাযোগৰ অন্যতম লাইন৷
দুৰ্ঘটনাৰ পাছতেই কেইবাখনো ট্ৰেইনৰ চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ