আপোনাৰ বয়স ১৮ৰ পৰা ৪৪ ভিতৰত নেকি, তেন্তে সাৱধান …
বিশ্বজুৰি হৃদৰোগ হৈছে মৃত্যুৰ অন্যতম প্ৰধান কাৰণ, প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয়। যদিও হাৰ্ট এটেক স্বাস্থ্য বিশেষজ্ঞসকলৰ একমাত্ৰ চিন্তা নহয়, তথাপিও যোৱা কেইবছৰমানৰ পৰা বিশ্বজুৰি ষ্ট্ৰোকৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।
শেহতীয়াকৈ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ৮ৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকৰ মাজত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ ঘটনা বৃদ্ধি পাইছে। ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ মাজত ষ্ট্ৰোক ৰোগীৰ সংখ্যা ১৫ শতাংশ বৃদ্ধি পাইছে।
চিডিচিৰ প্ৰতিবেদন অনুসৰি যোৱা দশকত ৬৫ বছৰৰ তলৰ লোকৰ ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাইছে। ষ্ট্ৰোক কেৱল মৃত্যুৰ কাৰণ নহয়, ষ্ট্ৰোকৰ পৰা পক্ষাঘাত, মগজু আৰু স্নায়ুৰ সৈতে জড়িত বিকাৰকে ধৰি আন বহুতো গুৰুতৰ সমস্যাৰ আশংকাও থাকে।
কেইটামান দশকৰ আগলৈকে ষ্ট্ৰোক বয়স বৃদ্ধিৰ সৈতে জড়িত সমস্যা বুলি জনা গৈছিল যদিও এতিয়া কম বয়সীয়া লোকসকলো ইয়াৰ বলি হৈছে। ষ্ট্ৰোকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ এই বয়সৰ গোটত মেদবহুলতা আৰু উচ্চ ৰক্তচাপ সমস্যাও বৃদ্ধি হৈছে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে। এই দুয়োটা অৱস্থাই ষ্ট্ৰোকৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰে।
২০১১-২০১৩ আৰু ২০২০-২০২২ চনৰ মাজ পাৰ্থক্যত প্ৰকাশিত তথ্য অনুসাৰে গৱেষকসকলে ষ্ট্ৰোক ৰোগীৰ সংখ্যা পূৰ্বৰ তুলনাত প্ৰায় ৮% বৃদ্ধি পোৱা বুলি জানিব দিয়ে। সেই একেই প্ৰতিবেদনত কোৱা হৈছে যে ১৮-৪৪ বছৰ বয়সৰ লোকৰ মাজত ষ্ট্ৰোক ৰোগীৰ সংখ্যা ১৪.৬% লৈ বৃদ্ধি পাইছে আনহাতে ৪৫-৬৪ বছৰ বয়সৰ প্ৰাপ্তবয়স্কসকলৰ মাজত এই হাৰ ১৫.৭% লৈ বৃদ্ধি পাইছে। তুলনামূলকভাৱে ৪৫-৬৪ বছৰ বয়সৰ প্ৰাপ্তবয়স্কৰ মাজত ২০০০ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ষ্ট্ৰোকৰ প্ৰধান বিপদজনক কাৰক উচ্চ ৰক্তচাপ থকা লোকৰ সংখ্যা ৬% অধিক বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ