আকৌ পিতৃ হ’ল ধনকুবেৰ এলন মাস্ক৷ এই সদ্যোজাত সন্তানসহিতে তেওঁ এতিয়া ১২টা সন্তানৰ পিতৃ৷ ১২ সন্তানৰ পিতৃ মাস্কৰ জীৱনধাৰণ পদ্ধতিটোৱেই বেছ ৰঙীন৷ সেয়ে মাস্কক লৈ কৌতুহলৰ শেষ নাই জনসাধাৰণৰ৷ একাধিক নাৰীৰ সৈতে সম্পৰ্কও কথাও মাজে মাজে চৰ্চাত আছে৷ কেৱন সম্পৰ্কত থকাই নহয়, এই সকলো সম্পৰ্কতেই তেওঁ পিতৃও হৈছে৷ ২০২১ চনৰ পাছত আকৌ এবাৰ পিতৃ হ’ল এলন মাস্ক৷ সন্তানটোৰ জন্মৰ লগে লগেই মাস্ক আৰু শিভন জিলিছ নামৰ মহিলাগৰাকীৰ সম্পৰ্কৰ কথাও ৰাজহুৱা হৈ পৰিল৷ শিভন জিলিছৰ সৈতে মাস্কৰ সম্পৰ্ক থকাৰ কথা পূৰ্বে চৰ্চা হৈছিল যদিও মাজতে কিছুদিন ধৰি এই সম্পৰ্ক ফাঁট মেলা বুলিও চৰ্চা হৈছিল৷ অৱশেষত সেই জিলিছেই আকৌ জন্ম দিলে মাস্কৰ তৃতীয়গৰাকী সন্তান৷
মাস্কৰ দ্বাদশ সন্তানৰ কথা মাস্কে অফিচিয়েলি প্ৰকাশ কিয় কৰা নাই বুলি প্ৰশ্ন উত্থাপিত হৈ থকাৰ সময়তে এইবাৰ মাস্কে নিজেই জনাইছে সন্তান অহাৰ খবৰ৷ তেওঁ কয়, ‘সন্তানক লৈ গোপনীয়তা অৱলম্বন কৰাৰ কি কথা আছে৷ পৰিয়াল বন্ধু-বান্ধৱ সকলোৱে এই বিষয়ে জানে৷ মাস্কৰ দ্বাদশ সন্তানৰ মাতৃ জিলিছো এলাপেছা মহিলা নহয়৷ জিলিছ নিউৰলিংক সংস্থাৰ অপাৰেছন আৰু বিশেষ প্ৰজেক্টৰ ডাইৰেক্টৰ৷ ২০২২ চনৰ পূৰ্বে মাস্ক আৰু জিলিছৰ সম্পৰ্কৰ কথা কোনোৱে জনা নাছিল৷ এই সম্পৰ্কৰ কথা আলোচনাৰ আওঁতালৈ আহে তেতিয়া যেতিয়া তেওঁলোকে তেওঁলোকৰ যমজ সন্তানৰ নাম পৰিবৰ্তন কৰাৰ বাবে আবেদন কৰিছিল৷
নিউৰলিংক সংস্থাৰ সহ প্ৰতিষ্ঠাতা হৈছে মাস্ক৷ এই সংস্থাৰ কাম কৰাৰ পূৰ্বে জিলিছে অপেন এআইৰ কাম কৰিছিল৷ অপেন এ আই তৈয়াৰ কৰাটো অন্যতম ভূমিকা আছে মাস্কৰ৷ তেওঁলোকে পেছাগত দিশত মাস্কৰ হৈছে জিলিছৰ যোগাযোগ বহু পুৰণি৷ আনকি এই যুগলৰ মাজত কেতিয়াৰ পৰা প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে সেয়া কিন্তু কোনোৱে স্পষ্টভাৱে প্ৰকাশ কৰা নাই৷
জিলিছৰ সৈতে সম্পৰ্ক থকাৰ সময়ত এইবাৰ তৃতীয়বাৰৰ বাবে পিতৃ হৈছে এলন মাস্ক৷ জিলিছৰ পূৰ্বে কানাডিয়ান সংগীতশিল্পী গ্ৰাইমছৰ সৈতে সম্পৰ্ক আছিল তেওঁৰ৷ সেই সম্পৰ্কত থকাৰ সময়ত মাস্ক তিনিবাৰ পিতৃ হৈছিল৷ ২০২৩ চনত মাস্ক গ্ৰাইমচৰ এটি সন্তান চৰ্চালৈয়ো আহিছিল৷ সেই সময়ত মাস্কে নিজেই তেওঁৰ সন্তানৰ সৈতে সময় কটোৱাৰ ছবি সামাজিক মাধ্যমত পষ্ট কৰিছিল৷
ধনকুবেৰৰ সন্তান বুলিয়েই চৰ্চা হৈছিল তেনে নহয়৷ এলন আৰু গ্ৰাইমছৰ নিজৰ সন্তানৰ যি নাম সেই নামক লৈয়ে আচৰিত হৈছিল মাস্কৰ অনুৰাগী৷ কাৰণ সেই নাম উচ্চাৰণ কৰা সহজ নহয়৷ সেই নামৰ অৰ্থও অদ্ভুত৷ ইয়াৰোপৰি মাস্কৰ প্রথমা স্ত্ৰী জাষ্টিন উইলছনৰ আছে পাঁচগৰাকী সন্তান৷ ২০০২ চনত তেওঁলোকৰ জ্যেষ্ঠ সন্তানটো জন্ম হৈছিল৷ কিন্তু ১০ সপ্তাহৰ ভিতৰতে জটিল ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাই জাষ্টিন মাস্কৰ জ্যেষ্ঠ সন্তানটোৱে৷ পাছলৈ ২০০৮ চনত বিচ্ছেদ হয় মাস্ক আৰু জাষ্টিনৰ৷ এই বিচ্ছেদৰ ২ বছৰ পাছত অৰ্থাৎ ২০১০ চনত আকৌ বিয়া কৰাই মাস্কে৷
অভিনেত্ৰী তালুলাহ ৰিলিক বিয়া কৰাই মাস্কে৷ সেইবাৰো তেওঁৰ সম্পৰ্ক বেছিদিন নিটিকিল৷ ২০১২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়৷ কিন্তু এই বিচ্ছেদৰ মাত্ৰ কেইমাহমান পাছত অৰ্থাৎ ২০১৩ চনত আকৌ বিবাহবন্ধনত আৱদ্ধ হয় মাস্ক-ৰিলিক৷ নতুনকৈ সম্পৰ্ক আৰম্ভ কৰিলেও ২০১৬ চনত তেওঁলোকৰ বিচ্ছেদ হয়৷ বিশ্বব্যাপী জনসংখ্যা কমোৱাৰ বাবে যি প্ৰচাৰ চলিছে তাৰ বিৰুদ্ধে বাৰে বাৰে সৰৱ হ’লেও মাস্ক এতিয়া ১২ সন্তানৰ পিতৃ৷ তেওঁ বিশ্বাস কৰে যে সভ্যতাৰ ভৱিষ্যতৰ বাবে সন্তানধাৰণ কৰা জৰুৰী৷ বিশেষকৈ উচ্চ আইকিউ সম্পন্ন ব্যক্তিৰ সংখ্যা ক্ৰমশ কমি গৈছে৷ সেয়ে তেওঁ সংখ্যা বঢ়াব খোজে৷ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ উদ্যোগী হ’ব লাগিব৷ আৰু উদ্যোগী সদায়ে উচ্চ আইকিউ সম্পন্ন ব্যক্তি হ’ব লাগিব৷ একমাত্ৰ বেছি সন্তান জন্মদিয়াই প্ৰধান অস্ত্ৰ এই যুঁজত৷
মাস্কৰ জীৱনটোৱে বৰ্ণময়৷ নানান সময়ত নানান বিষয়ক লৈ তেওঁ সংবাদ শিৰোনামলৈ আহে৷ বহু সিদ্ধান্তৰ বাবে বাৰে বাৰে সমালোচিতও হয় মাস্ক৷ কিন্তু বৰ্তমান পৰ্যন্ত তেওঁ কোনো কামতেই পিছুৱাই অহা নাই৷ স্পেছ এক্স আৰু টেছলাৰ মালিক মাস্কৰ ব্যৱসায়িক বুদ্ধিক লৈয়ো আলোচনা চলে৷ ব্যৱসায় বৃদ্ধি কৰিবলৈ এক্সত নানা পৰীক্ষাও চলাইছে মাস্কে৷ কেতিয়াবা যদি নাম পৰিবৰ্তন, কেতিয়াবা আকৌ ব্লু টিক উঠাই দিয়া আদি সিদ্ধান্ত লৈ বিশ্বক আলোচনা কৰিবলৈ বাধ্য কৰাইছে৷
মাস্কৰ ব্যক্তিগত জীৱনো বেছ ৰঙীন৷ সম্প্ৰতি ৱালষ্টিট জাৰ্নেলৰ এক প্ৰতিবেদনে দাবী কৰে যে স্পেছ এক্সৰ দুগৰাকী কৰ্মীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল মাস্কে৷ দুগৰাকীয়েই স্পেছ এক্সত ইন্টাৰ্ণ কৰিবলৈ আহিছিল৷ মাস্কে আনকি তেওঁলোকৰ মাজত এগৰাকীক সন্তান ধাৰণৰ প্রস্তাৱো দিছিল৷ বিষয়টোক লৈ মাস্কক বহুতে সমালোচনা কৰিছিল৷ তাৰমাজতেই এইবাৰ আকৌ আহিছে মাস্ক পিতৃ হোৱাৰ খবৰ৷ কিন্তু সন্তানটো লৰা নে ছোৱালী সেই সম্পৰ্কে স্পষ্টকৈ এতিয়াও জনোৱা নাই মাস্কে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ