• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বজয়ী কোচৰ কথাত অপ্ৰাপ্তিৰ অব্যক্ত বেদনা! বিদায়বেলাত কি ক’লে কোচ ৰাহুল দ্ৰাবিড়ে?

বিশ্বজয়ী কোচৰ কথাত অপ্ৰাপ্তিৰ অব্যক্ত বেদনা! বিদায়বেলাত কি ক’লে কোচ ৰাহুল দ্ৰাবিড়ে?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিশ্বজয়ী কোচৰ কথাত অপ্ৰাপ্তিৰ অব্যক্ত বেদনা! বিদায়বেলাত কি ক’লে কোচ ৰাহুল দ্ৰাবিড়ে?

বিশ্বজয়ী কোচৰ কথাত অপ্ৰাপ্তিৰ অব্যক্ত বেদনা! বিদায়বেলাত কি ক’লে কোচ ৰাহুল দ্ৰাবিড়ে?

editor by editor
June 30, 2024
in ক্ৰীড়া, ভাৰত, লেখা
0
বিশ্বজয়ী কোচৰ কথাত অপ্ৰাপ্তিৰ অব্যক্ত বেদনা! বিদায়বেলাত কি ক’লে কোচ ৰাহুল দ্ৰাবিড়ে?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বকাপ  জিকিব নোৱাৰাৰ যন্ত্ৰণা ইমানদিনে বুকুত চেপি ৰাখিছিল৷ খেলি থকাৰ সময়তো তেওঁ ট্ৰফী তুলি লোৱাৰ সুযোগ নাপালে৷ কোচ হিচাপেও বিগত সময়ছোৱাত তেওঁ এই বিজয়ৰ সোৱাদ পোৱা নাছিল৷ বিগত ১২ মাহত দুবাৰকৈ ট্ৰফীৰ কাষৰ পৰা তেওঁ উভতি আহিব লগা হৈছিল৷ জিকি জিকিও হাৰি গৈছিল তেওঁৰ নেতৃত্বত ভাৰতীয় দলটো৷ বুকুত কান্দোন চেপি তেওঁ অপেক্ষা কৰিছিল৷ সময় এদিন হয়তো আহিব৷ সেই আশা সেই প্ৰত্যাশা নিৰাশাৰ মাজতো স্থিতপ্ৰজ্ঞ হৈ দলটোক আগুৱাই নিয়াৰেই ফল লাভ কৰিলে ৰাহুল দ্ৰাবিড়ে৷  ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলে ১৭ বছৰৰ মূৰত বিশ্বকাপ চেম্পিয়ন হোৱাৰ পাছতেই কোচ ৰাহুল দ্ৰাবিড়ৰ মুখত ফুটি উঠিল অব্যক্ত যন্ত্ৰণা৷

১৯৯৬ চনত আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক হৈছিল ৰাহুল দ্ৰাবিড়ৰ৷ এটা বিশ্বকাপ ট্ৰফিৰ বাবে তেতিয়াৰে পৰাই অপেক্ষাত আছিল দ্ৰাবিড়৷ ২৮ বছৰীয়া অপেক্ষা৷ একুৰি আঁঠ বছৰ জানো কম সময়? শনিবাৰে সেই প্ৰতীক্ষা শেষ হ’ল৷ তেওঁ কোচ হিচাপে থাকোতেই ভাৰতীয় দলে আঁজুৰি আনিলে বিশ্বকাপ৷ ট্ৰফী ভাৰতীয় দলে তুলি লোৱাৰ সময়ত কেমেৰা যেতিয়া দ্ৰাবিড়ৰ ফালে ঘূৰিছিল দ্ৰাবিড়ৰ মুখত দেখা পোৱা হৈছিল কাহানিও নেদেখা এক ৰূপ৷ তাৰপিছতেই তেওঁ সংবাদমেলত অংশগ্ৰহণ কৰে৷ সংবাদমেলত তেওঁ কয়, ‘দুবছৰীয়া এক যাত্ৰা শেষ হ’ল এই বিশ্বকাপত৷ এটা ভাৰসাম্য যুক্ত দল তৈয়াৰ কৰিব বিচাৰিছিলো৷ খেলুৱৈসকলৰ মাজত নিৰ্দিষ্ট মানৰ দক্ষতা বিচাৰিছিলো৷ প্ৰয়োজনীয় কিছু ক্ৰিকেটাৰ বাচনি কৰিছিলো৷ ২০২১ চনত দায়িত্ব লোৱাৰ সময়ৰে পৰাই দলত আলোচনা আৰম্ভ হৈছিল কেনেকৈ আমি বিশ্বকাপ জয় কৰিব পাৰো৷ কিন্তু এই বিশ্বকাপৰ বাবে পৃথককৈ আমি পৰিশ্ৰম কৰা নাই৷ বিগত দুবছৰৰ সুপৰিকল্পনা আৰু পৰিশ্ৰমৰহে এয়া ফচল৷’

এই কথাখিলি প্ৰকাশ কৰোতে দ্ৰাবিড়ৰ মুখত শুনা গৈছে আক্ষেপ আৰু যন্ত্ৰণাৰ সুৰ৷ কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ গৈ ৰাহুল দ্ৰাবিড়ে কয়, ‘নিজৰ সকলোখিনি দিও খেলুৱৈ হিচাপে এটা ট্ৰফী জয় কৰাৰ সৌভাগ্য মোৰ নহ’ল৷ মই ভাগ্যবান এই দলৰ কোচ হোৱাৰ সুযোগ পালো৷ এদল দুৰ্দান্ত যুৱকে মোৰ বিশ্বকাপ জিকাৰ সপোন বাস্তৱায়িত কৰিছে৷ দুৰ্দান্ত অনুভূতি এয়া৷ মই কোনো যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ বাবে কাম কৰা নাছিলো৷ কেৱল নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা কৰিছিলো৷ সঁচায়ে দুৰ্দান্ত এক যাত্ৰাৰ সফল সমাপ্তি৷ এই যাত্ৰাই সফলভাৱে গন্তব্যস্থানত উপনীত হ’ল৷’

শনিবাৰে আছিল ভাৰতীয় দলৰ কোচ হিচাপে দ্ৰাবিড়ৰ শেষ মেচ৷ বিশ্বকাপ জয়ৰ বাবে দ্বিতীয় সুযোগ তেওঁৰ হাতত নাই৷ দ্ৰাবিড়ে কয়, ‘এতিয়া ভাৰতীয় দলত যিসকল ক্ৰিকেটাৰ আছে তেওঁলোক বহু প্ৰতিভাৰ অধিকাৰী৷ তেওঁলোকৰ আত্মবিশ্বাস, যুঁজ দিয়াৰ ক্ষমতা অসাধাৰণ৷ খুবেই উচ্চমানৰ খেল খেলিছে তেওঁলোকে৷ মই নিশ্চিত আগন্তুক ৫-৬ বছৰত ভাৰতে আৰু বহু ট্রফী দেশলৈ আনিব৷’

বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই একেলগে আন্তৰ্জাতিক টি-২০ৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত তেওঁ কিছু হতাশো হৈছে৷ এই দলৰ সৈতে আৰু থাকিব নোৱাৰাৰ বেদনাইয়ো ভাৰাক্ৰান্ত কৰিছে দ্ৰাবিড়ক৷ তেওঁ কয়, ‘ব্যক্তিগতভাৱে ৰোহিত, কোহলিৰ অভাৱ ভাৰতীয় দলত অনুভৱ হ’ব৷ মানুহ হিচাপে মোক দুয়োৱে বাৰে বাৰে বিস্মিত কৰে৷ সন্মানো যথেষ্ট কৰে৷ যত্নও লয়৷ এইবোৰৰ ওপৰিও ক্ৰিকেটৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাই মোক মোহিত কৰে৷ সকলো সময়তে দুয়ো প্ৰাণবন্ত হৈ থাকে৷ অভিজ্ঞ দুই ক্ৰিকেটাৰ ভাৰতীয় দলত নাথাকিব৷ সেই কথা ভাৱিলে বুকুখন কৰোবাত বিষায়৷’ ভাৰতীয় দলৰ সৈতে দ্বিতীয়বাৰ বিচ্ছেদ হোৱাৰ পূৰ্বে শান্ত সমাহিত ৰাহুল দ্ৰাবিড় আকৌ এবাৰ আৱেগিক হৈ উঠিছে৷ অভিজ্ঞ, শান্ত এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক সময়ে অৱসৰ ল’বলৈ আহ্বান জনাইছে৷ দলৰ কোচ হিচাপে অৱসৰ ল’লেও ক্ৰিকেটৰ সৈতে জানো তেওঁৰ বিচ্ছেদ হ’ব পাৰে৷ ক্ৰিকেট তেওঁৰ তেজত, ক্ৰিকেট তেওঁৰ মনত আজীৱন জীঁপাল হৈয়ে থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
টি-২০ বিশ্বকাপত জয়ী হোৱা আটাইতকৈ বয়সীয়াল অধিনায়কৰ শীৰ্ষত ৰোহিত, তালিকাত আৰু কোনো কোন আছে?

টি-২০ বিশ্বকাপত জয়ী হোৱা আটাইতকৈ বয়সীয়াল অধিনায়কৰ শীৰ্ষত ৰোহিত, তালিকাত আৰু কোনো কোন আছে?

জিকি জিকিও হৰাৰ বেদনা কি দক্ষিণ আফ্ৰিকাক সোধক, কিমান বাৰ ছেমিফাইনেলৰ পৰা বিদায় লৈছে দক্ষিণ আফ্ৰিকাই?

জিকি জিকিও হৰাৰ বেদনা কি দক্ষিণ আফ্ৰিকাক সোধক, কিমান বাৰ ছেমিফাইনেলৰ পৰা বিদায় লৈছে দক্ষিণ আফ্ৰিকাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.