২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত টীম ইণ্ডিয়াই ফিতাপ আঁজুৰি আনিবলৈ সক্ষম হৈছে৷ ১৭ বছৰৰ পাছত দক্ষিণ আফ্ৰিকাক ৭ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছে ভাৰতীয় দলে। ৰোহিত শৰ্মাই অধিনায়ক হিচাপে ৩৭ বছৰ বয়সত ভাৰতক বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱেৰে গৌৰৱাম্বিত কৰিলে। প্ৰশ্ন হয় টি-২০ বিশ্বকাপ জয় কৰা আটাইতকৈ বয়সীয়াল অধিনায়ক কোন?
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চে ২০২১ চনত ৩৪ বছৰ বয়সত টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল। অৱশ্যে আটাইতকৈ বয়সীয়া টি-২০ বিশ্বকাপ জয় কৰা অধিনায়কৰ তালিকাত তেওঁ দ্বিতীয় স্থানত নামিছে৷
ৰোহিত শৰ্মা- ৩৭ বছৰ
২০২৪ চনৰ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰা ৰোহিত শৰ্মাই টি-২০ বিশ্বকাপ জয় কৰা আটাইতকৈ বয়সীয়াল অধিনায়ক হিচাপে পৰিগণিত হৈছে। ৰোহিতে ৩৭ বছৰ বয়সত টি-২০ বিশ্বকাপ জয় কৰিছে। এই বিজয়ৰ লগে লগে তেওঁ টি-২০ ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে ৰোহিতে যিকোনো মূল্যৰ বিনিময়ত বিশ্বকাপ জয় কৰিব বিচাৰিছিল৷
এৰন ফিঞ্চ- ৩৪ বছৰ
অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চৰ অধিনায়কত্বত অষ্ট্ৰেলিয়ান দলটো ২০২১ চনত চেম্পিয়ন হৈছিল। সেই সময়ত ফিঞ্চৰ বয়স আছিল ৩৪ বছৰ। টি-২০ বিশ্বকাপ জয় কৰা তেওঁ দ্বিতীয় বয়সীয়াল অধিনায়ক।
পল কলিংউড- ৩৪ বছৰ
এই তালিকাত তৃতীয় স্থানত আছে ইংলেণ্ডৰ পল কলিংউড। ইংলেণ্ডৰ এই অল-ৰাউণ্ডাৰগৰাকীয়ে ২০১০ চনত ৩৪ বছৰ বয়সত টি-২০ বিশ্বকাপ জয় কৰিছিল। ইয়াৰ পিছত ২০২২ চনত জ’ছ বাটলাৰে ইংলেণ্ডক বিশ্বকাপ জয়ৰ সোৱাদ দিছিল৷ সেই সময়ত জছ বাটলাৰৰ বয়স আছিল ৩১ বছৰ।
ইউনিছ খান- ৩১ বছৰ
২০০৯ চনত পাকিস্তানক টি-২০ চেম্পিয়ন কৰা ইউনিছ খান এই চতুৰ্থ বয়সীয়াল অধিনায়ক। ইউনিছ খানৰ নেতৃত্বত ২০০৯ চনত পাকিস্তানে টি-২০ৰ খিতাপ দখল কৰিছিল৷ সেই সময়ত ইউনিছ খানৰ বয়স আছিল ৩১ বছৰ৷
ডেৰেন ছেমি- ৩১ বছৰ
ৱেষ্ট ইণ্ডিজৰ হৈ দুটাকৈ টি-২০ বিশ্বকাপ জয় কৰা ডেৰেন ছেমীয়ে ২০১৬ চনত ৩১ বছৰ বয়সত নিজৰ দলক চেম্পিয়ন কৰাবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০১২ চনত ৱেষ্ট ইণ্ডিজে টি-২০ বিশ্বকাপ জয় কৰাতো তেওঁৰ অৱদান আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ