শনিক ন্যায়ৰ দেৱতা আৰু কৰ্মফলদাতা বুলি কোৱা হয়৷ জ্যোতিষ গণনা অনুসৰি শনি অত্যন্ত নিষ্ঠুৰ প্ৰকৃতিৰ আৰু পাপী গ্ৰহ৷ ব্যক্তিক তেওঁৰ কৰ্ম অনুযায়ী ফলাফল প্ৰদান কৰে শনিয়ে৷ কুকৰ্ম কৰিলে শনিয়ে যেনেকৈ কাকোৱে এৰি নিদিয়ে তেনেকৈ ভাল কাম কৰিলে পুৰস্কৃতও কৰে৷ শনিৰ সৈতে জড়িত আছে কেইবাটাও দশা৷ শনিৰ ৰোষত কেনেবাকৈ পৰিলে সেই ব্যক্তিয়ে জীৱনত বহু দুৰ্ভোগ ভূগিবলগা হয়৷ এই দুই দশা যেতিয়া আৰম্ভ হয় তেতিয়া চাৰে ৭ বছৰ নতুবা আঢ়ৈ বছৰ ধৰি থাকে৷
শনিৰ মহাদশা
জ্যোতিষ অনুসৰি ১৯ বছৰ ধৰি শনিৰ মহাদশাৰ কবলত থাকে ব্যক্তি৷ এই সময়ত সমস্ত আৰু শুভ আৰু অশুভ গ্ৰহৰ অন্তৰ্দশা চলে৷ ইয়াৰ সৈতে প্ৰত্যন্তৰ দশাও চলে৷ শনিৰ মহাদশাৰ সময়ত অন্তৰ্দশাৰ পৃথক পৃথক ফলাফল পোৱা যায়৷ কোষ্ঠীত শনি শুভ অশুভ পৰিস্থিতিত থাকিলে জাতকৰ অশুভ দশা বহুগুণ বাঢ়ে৷ কিন্তু শনিৰ মহাদশাৰ সময়ত ভাল কাম কৰিলে শনি প্ৰসন্ন হয়৷ সমস্ত মনোকামনা পূৰণ হয়৷ যিয়ে পৰিশ্ৰম, সততাৰ সৈতে কাম কৰে তেওঁলোকৰ ওপৰত শনি সদায়ে প্ৰসন্ন হয়৷ কিন্তু ইয়াৰ বিপৰীত কাৰ্য কৰিলে শনিয়ে সেই ব্যক্তিক শাৰীৰিক, মানসিক, আৰ্থিক কষ্ট দি থাকে৷ আনকি সেই ব্যক্তিক পথৰ ভিক্ষাৰীও কৰি দিব পাৰে শনিয়ে৷ ইয়াৰোপৰি পূৰ্বজন্মৰ কৃতকৰ্মৰ ফলাফলো জাতকে শনিৰ মহাদশাৰ সময় ভোগ কৰিব লগা হয়৷ ১৯ বছৰ ধৰি এই মহাদশা চলে৷
শনিৰ মহাদশাৰ পৰা মুক্তিৰ উপায়
জ্যোতিষ শাস্ত্ৰত শনিৰ মহাদশাৰ অশুভ প্ৰভাৱ কম কৰাৰ বাবে বিশেষ কিছু উপায়ৰ কথা উল্লেখ আছে৷ ১৯ বছৰৰ এই মহাদশাৰ নৰক যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ কি কি বিধিপালন কৰিব লাগে জানক সবিশেষ৷
১. শনিৰ মহাদশাত ধৰ্মীয় কাম কৰক৷ কোনো অধৰ্ম বা অনৈতিক কাম নকৰিব৷ মিছা কথা কোৱা, প্ৰতাৰণা কৰাৰ পৰা দূৰত থাকক৷ মদ্যপান ত্যাগ কৰক৷ শনিয়ে কঙাল কৰি দিব পাৰে আপোনাক৷
২. বৃদ্ধ, অসহায়, অৱলা মহিলা, শিশুক কষ্ট দিয়া কাম নকৰিব৷ কাকো অপমান নকৰিব৷ বৰং দৰিদ্ৰ, অসহায়সকলক নিজৰ সামৰ্থ অনুসৰি সহায় কৰক৷
৩. শনিৰ আশীৰ্বাদ লাভৰ বাবে পিতৃ মাতৃ আৰু বয়স্কসকলক সেৱা বা সন্মান কৰক৷
৪. প্ৰতি শনিবাৰে অশ্বত্থ গছৰ তলত সৰিয়হৰ তেলৰ প্ৰদীপ প্ৰজ্জ্বলিত কৰক৷
৫. পূজাৰ সময় দশৰথকৃত শনি স্তোত্ৰ পাঠ আৰু শনি চালিছা পাঠ কৰক৷
৬. শনিৰ মূৰ্তিৰ সন্মুখত ঠিয় নহ’ব, তেঁওৰ চকুৱে চকুৱে নাচাব৷
৭. শিৱ আৰু বজৰংবলীৰ পুজা কৰিলে শনি দোষৰ পৰা মুক্তি পাব৷
৮. শনিবাৰে কলা তিল, চামৰাৰ জোতা নতুবা ছাতি দান কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ