টীম ইণ্ডিয়াৰ লেখত ল’বলগীয়া অপেনাৰ শিখৰ ধাৱানে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। ২০১০ চনত টিম ইণ্ডিয়াত অভিষেক ঘটিছিল শিখৰ ধাৱানৰ। শিখৰ ধাৱনে নিজৰ ক্ৰিকেট কেৰিয়াৰত কেইবাটাও অভিলেখ গঢ়ি সকলো ফৰ্মেটৰ পৰা বিদায় লৈছে৷ টিম ইণ্ডিয়াৰ হৈ মুঠ ৩৪খন টেষ্টৰ লগতে ৬৮খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ আৰু ১৬৭খন এদিনীয়া মেচ খেলিছে। কেৱল ক্ৰিকেটতেই তেওঁৰ ৰেকৰ্ড আছে তেনে নহয়৷
প্ৰকাশিত বিভিন্ন বাতৰি অনুসৰি শিখৰ ধাৱানৰ নাম টিম ইণ্ডিয়াৰ আটাইতকৈ ধনী ক্ৰিকেটাৰসকলৰ ভিতৰত আছে। বিগত কেইবাবছৰ ধৰি তেওঁ বিচিচিআই আৰু আইপিএলৰ পৰা যথেষ্ট ধন লাভ কৰিছে। তেওঁৰ মাহিলী উপাৰ্জন লাখত নহয় কোটিৰ ঘৰত৷ মাহিলী কোটি কোটি টকা আয় কৰা শিখৰ ধাৱানৰ নেটৱৰ্থ কিমান?
কেইবাটাও বৃহৎ বেণ্ডৰ সৈতে তেওঁ চুক্তিবদ্ধ
বিগত কেইবাবছৰ ধৰি শিখৰ ধাৱনে কেইবাটাও ডাঙৰ ব্ৰেণ্ডৰ সৈতে কাম কৰি আছে। বিজ্ঞাপনৰ পৰাই তেওঁ লাখ লাখ টকা আয় কৰি আছে৷ এতিয়ালৈকে তেওঁ ৰিলায়েন্স জিঅ’, মিউচুৱেল ফাণ্ডছ ছাহি হে, নেৰ’লেক পেইণ্টছ আৰু এৰিয়েল আদি ডাঙৰ ব্ৰেণ্ডৰ সৈতে কাম কৰি আছে। ইয়াৰ উপৰিও ড্ৰিম ১১ আৰু ফিভাৰ এফ এমৰ সৈতেও তেওঁ চুক্তিবদ্ধ হৈ আছে। এই ব্ৰেণ্ডসমূহৰ পৰা তেওঁ প্ৰতিমাহে প্ৰায় ৩০ লাখ টকা উপাৰ্জন কৰে।
দিল্লীত ৬কোটিৰ বাংলো
শিখৰ ধাৱনৰ দিল্লীতো এটা বিলাসী বাংলো আছে, যাৰ মূল্য প্ৰায় ৬ কোটি টকা বুলি জানিব পৰা গৈছে৷ দিল্লীৰ উপৰিও গুৰুগ্ৰাম আৰু মুম্বাইতো তেওঁৰ নামত বহু সম্পত্তি আছে। ভাৰতৰ বাহিৰত অৰ্থাৎ অষ্ট্ৰেলিয়াতো তেওঁৰ এটা বিলাসী এপাৰ্টমেণ্ট আছে, যাৰ মূল্য কেইবাকোটি বুলি জানিব পৰা গৈছে৷
বিলাসী গাড়ী
বিলাসী বাংলোৰ উপৰিও শিখৰ ধাৱনত আছে বহু বিলাসী বাহন৷ তেওঁৰ অ’ডি এ৬ ৰ পৰা আৰম্ভ কৰি বিএমডব্লিউ ৬ জিটি আৰু ৰেঞ্জ ৰভাৰলৈকে কেইবাখনো স্প’ৰ্টছ গাড়ী আছে।
শিখৰ ধাৱনৰ মুঠ সম্পত্তি কিমান?
সংবাদ মাধ্যমৰ খবৰ অনুসৰি বৰ্তমান শিখৰ ধাৱানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৯৬ কোটি। ডাঙৰ ব্ৰেণ্ডৰ এণ্ডাৰছমেণ্টৰ বাহিৰেও তেওঁ আই পি এলৰ চুক্তিৰ পৰাই সৰ্বাধিক ধন উপাৰ্জন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















