কনমানি হৈয়ো আকৰ্ষণ কৰিছিল লাখ লাখ লোকক, এতিয়া ১১০০ কোটিৰ ছবিৰ বাবে লৈছে অনন্য ৰূপ
হিন্দী চিনেমা হওক বা দক্ষিণ ভাৰতীয় চিনেমা হওক, যেতিয়াই দেশৰ শ্ৰেষ্ঠ অভিনেতা কোন সেই বিষয়ে চৰ্চা হয়, তেতিয়া এই শিশুটিৰ কথা নিশ্চয়কৈ কোৱা হ’ব। যিজন বৰ্তমানে হৈ পৰিছে বহু প্ৰতিভাৰ সীমা অতিক্ৰম কৰা এতিকে সুদক্ষ অভিনেতা।
কনমানি অভিনেতা হিচাপে চলচ্চিত্ৰৰ জগতত ভৰি দি সফল হৈ পাছলৈ অভিনেতা হিচাপেও সুন্দৰ কাম কৰিছে। ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰতো পাৰ্গত এই অভিনেতাগৰাকী। এখন ছবিতে লৈছে ১০ টাকৈ চৰিত্ৰ। কেতিয়াবা বুঢ়ি, কেতিয়াবা বিদেশৰ লোক, কেতিয়াবা গুণ্ডা কেতিয়াবা যুৱ হিৰো।
চেহেৰাৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত সৰ্বপ্ৰথমেই নাম লব লগা অভিনেতাজনেই হৈছে কমল হাছান। কমল হাছানে কেৱল এখন বা দুখন নহয় এনে বহু ছবি কৰিছে য’ত তেওঁ বিভিন্ন ৰূপ লৈ অনুৰাগীত আচৰিত কৰি তুলিছে। চাচি ৪২০, দশাৱতাৰম আদি বিভিন্ন ছবিত কেইবাটাও চৰিত্ৰ একেলগে ৰূপায়ন কৰিছে। কেৱল পুৰুষ হিচাপেই নবয়, এগৰাকী মহিলা হিচাপেও অতি সুন্দৰকৈ নাৰী সুলভ চৰিত্ৰ কৰিছে কমল হাছানে।
এই ছবিবোৰৰ বাহিৰেও এনে বহু ছবি আছে য’ত কমল হাছানে একেবাৰে বেলেগ ৰূপ গ্ৰহণ কৰিছিল। সদ্যহতে মুকলি হোৱা কল্কি ২৮৯৮ এডি ত এক অভিন্ন ৰূপেৰে দৰ্শকক আচৰিত কৰি তুলিছিল। কমল হাছানে নিজেই কৈছিল যে তেওঁ এই ছবিখনৰ বাবে এনেকুৱা এটা ভৱিষ্যতৰ ৰূপ বিচাৰে যিটো তেওঁৰ পূৰ্বৰ সকলো পৰীক্ষাৰ পৰা পৃথক। ছবিখনত এনে এক ৰূপ ধাৰণ কৰিছিল যি চৰিত্ৰৰ মূৰতথকা এটা ফাঁটেৰে পোহৰ বিয়পি থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















