প্ৰশ্ন সাজু ! প’লিগ্ৰাফ টেষ্টত কি কি ২১ টা প্ৰশ্ন সোধা হ’ব কলিকতা কাণ্ডৰ অভিযুক্ত সঞ্জয়ক
কলিকতা কাণ্ডৰ অভিযুক্ত সঞ্জয় সিঙৰ সোধপোচ এতিয়াও অব্যাহত আছে। বহু সোধপোচৰ মাজতে আদালতৰ পৰা সন্মতি লোৱা হৈছে প’লিগ্ৰাফ টেষ্টৰ। এতিয়া সঞ্জয়ৰ পৰাও প’লিগ্ৰাফ টেষ্টৰ সন্মতি লৈ এই পৰীক্ষা লৈ থকা হৈছে।
এই একে গোচৰৰ সৈতে জড়িত অন্য ৬ লোকক ইতিমধ্যে শনিবাৰে প’লিগ্ৰাফ টেষ্ট লোৱা হৈ গৈছে। এই ৬ গৰাকীৰ ভিতৰত আৰ জি কাৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন প্ৰিঞ্চিপাল সন্দীপ ঘোষো আছে।
অৱশ্যে কালি ২৪ আগষ্ট তাৰিখেই সঞ্জয়ৰো প’লিগ্ৰাফ টেষ্ট কৰাৰ কথা আছিল, পাছে অন্তিম সময়ত কিছু যান্ত্ৰিক বিজুতিৰ বাবে সেয়া সম্ভৱ হৈ নুঠে। সেয়ে আজি প’লিগ্ৰাফ টেষ্ট কৰা হয়। আজিৰ টেষ্টৰ পাছতে সকলো পোহৰলৈ আহিব সঞ্চয়ো কোৱা সকলো কথা কিমান সঁচা কিমান মিছা।
জানিব পৰা অনুসৰি, এই টেষ্টত তিনি প্ৰকাৰৰ প্ৰশ্ন থাকে। ঘটনাৰ সৈতে জড়িত প্ৰাসংগিত প্ৰশ্ন, অপ্ৰাসংগিত প্ৰশ্ন যি প্ৰশ্নৰ এই ঘটনাৰ সৈতে কোনো লেনদেন নাই। লগতে নিয়ন্ত্ৰিত প্ৰশ্ন যিবোৰ পৰীক্ষাত জড়িত ব্যক্তিজনক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা হয় ।
চিবিআইৰ বিশেষ দল আৰু চিএফএছএলৰ বিশেষজ্ঞসকলে পলিগ্ৰাফ টেষ্টত অভিযুক্ত সঞ্জয় ৰায়ক সুধিব পৰাকৈ ২১টা প্ৰশ্নৰ তালিকা প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে। প্ৰশ্নবোৰ এনেধৰণৰ-
১-আপোনাৰ নাম সঞ্জয় ৰায় নেকি?
২- বিলাহী ৰং ৰঙা হয় নে?
৩- আপুনি কলকাতাত থাকে নেকি?
৪- কেতিয়াবা মিছা কথা কয় নে?
৫- মটৰ চাইকেল চলাব জানেনে?
৬- আপোনাৰ মোবাইল নম্বৰটো কওকচোন, আপোনাৰ হাতত কিমান ফোন আছে?
৭- আপুনি পৰ্ণ চিনেমা চায় নেকি?
৮- ঘটনাৰ দিনটোত আপুনি চিকিৎসালয়ত আছিল নেকি?
৯- আপুনি ভুক্তভোগীক চিনি পাইছিল নেকি?
১০- আগতেও ভুক্তভোগীক নিৰ্যাতন চলাইছিল নেকি?
১১- ভুক্তভোগীক ধৰ্ষণ কৰিছিল নেকি?
১২- ভুক্তভোগীক হত্যা কৰিলে নেকি?
১৩- হত্যাকাণ্ডত আপোনাৰ লগত আৰু কোনোবা জড়িত আছিল নেকি?
১৪- হত্যাকাণ্ড সংঘটিত কৰি চিকিৎসালয়ৰ পৰা পলাই গৈছিল নেকি?
১৫- ডাঃ সন্দীপ ঘোষক চিনি পায়নে?
১৬- সন্দীপ ঘোষক হত্যাকাণ্ডৰ তথ্য দিছিল নেকি?
১৭- ভুক্তভোগীক হত্যা কৰাৰ আগতে ৰেড লাইট এলেকালৈ গৈছিল নেকি?
১৮- চেমিনাৰ হলত আপোনাৰ লগত আন কোনোবা উপস্থিত আছিল নেকি?
১৯- ঘটনাটোৰ বিষয়ে কাৰোবাক কিবা ক’লে নেকি?
২০- চেমিনাৰ হলতআপোনাৰ নীলা দাঁতটো ভাঙি গ’ল নেকি?
২১- সোধা সকলো প্ৰশ্নৰ শুদ্ধ উত্তৰ দিছেনে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















