শিহৰণকাৰী, একেটা পৰিয়ালৰে ৫ জনক ঘেৰাও কৰি গাঁৱৰ ৰাইজে কৰিলে এই কাণ্ড, কেউজন নিহত
আজি ১৫ ছেপ্টেম্বৰ তাৰিখে পুৱাই সংঘটিত হৈছে এক অতিকে শিহৰণকাৰী ঘটনা। এখন ঘৰৰ ৫ জন সদস্যই অকালতে হেৰুৱাই প্ৰাণ। গাঁৱৰ ৰাইজৰ ৰোষত পৰি প্ৰাণ হেৰুৱাব লগা হয় পৰিয়ালটোৱে।
লাঠি-জোঙেৰে মৰিয়াই মৰিয়াই মাৰি পেলাই পৰিয়ালৰ দুগৰাকী মহিলাসহ ৫গৰাকীক। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে চত্তীশগড়ত। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ডাইনি সন্দেহতেই এই ঘটনা ঘটে।
আজি পুৱা গাঁৱৰ সকলো লোক এক ঠাইত একত্ৰিত হৈ হাতে হাতে লাঠি লৈ পৰিয়ালটোৰ ঘৰলৈ বুলি ৰাওনা হয়। ক’লা যাঁদু কৰাৰ সন্দেহত ডাইনী বুলি পৰিয়ালটোক ঘৰৰ চোতালে গণপ্ৰহাৰ কৰে।
সেই গণপ্ৰহাৰতে ঘটনাস্থলীতে প্ৰাণ ত্যাগ কৰে ৫ জনেই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভৰ পাচতে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে কেইবাজনো অভিযুক্তকো আটক কৰি থানালৈ নিয়ে।
বৰ্তমানে আৰক্ষীয়ে পৰিয়ালটোৰ চুবুৰীকায় সোধপোচ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। লগতে অন্য অভিযুক্তৰ সন্ধানত নামি পৰিছে। বৰ্তমানে কেৱল ৫ জনক হে আটক কৰিব পাৰিছে আৰক্ষীয়ে। প্ৰত্যক্ষদৰ্শীৰ মতে আৰু অধিক লোক জড়িত আছিল এই ঘটনাত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















