যোৰহাট চিকিৎসা মহাবিদ্যালয়ত শোকাৱহ ঘটনা, এফালে জন্ম পালে পুত্ৰ, আনফালে নিহত পিতৃ
যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংঘটিত এক অতিকে শোকাৱহ ঘটনাই চাৰিওফালে চাঞ্চল্যৰ সৃষ্টি কৰিছে। একেখন হাস্পতালতে এফালে জন্ম পালে পুত্ৰ সন্তান আনফালে নিহত পিতৃ। পত্নী প্ৰসূতি কক্ষত থকাৰ সময়তে মৃত্যু ঘটে পিতৃৰ।
এই শোকাৱহ ঘটনা ১৮ ছেপ্টেম্বৰ বুধবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পত্নী প্ৰসূতি কক্ষত থকাৰ সময়তে তৃতীয় মহলাৰ পৰা জঁপিয়াই স্বামীৰ নিহত। নিহত লোকগৰাকীৰ নাম ভৱেন সন্দিকৈ।
সমগ্ৰ বিষয়টোক লৈ আজি চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকে সংবাদ মাধ্যমৰ আগত ঘটনা সন্দৰ্ভত মন্তব্য আগবঢ়াই
ভবেন সন্দিকৈ নামৰ লোকজনৰ মৃত্যু আত্মহত্যা বুলি জানিবলৈ দিয়ে।
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ব্যক্তিজনৰ মৃত্যুৰ পূৰ্বেই তেখেতৰ পত্নীয়ে এটি সন্তান জন্ম দিয়ে। পত্নীগৰাকীক অদ্যপি জানিবলৈ দিয়া হোৱা নাই স্বামীৰ মৃত্যুৰ কথা।
মৃত্যু হোৱা ভৱেন সন্দিকৈৰ ঘৰ শিৱসাগৰ মাজবাটত বুলি জানিব পৰা গৈছে। সন্দেহ কৰা অনুসৰি, কালি সন্ধিয়া শাহুৱেকৰ লগত কাজিয়াত লিপ্ত হোৱাৰ পাছতেই ব্যক্তিজনে এই কাণ্ড সংঘটিত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ