ইমিউনিটি বুষ্টৰ পৰা কিডনী ষ্টোনলৈকে, প্ৰতিদিনে এই ৰস এগিলাচ খালে আঁতৰ হ’ব ৫ সমস্যা
কোমোৰা স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ই শৰীৰৰ বাবে বহু উপকাৰ আছে। এই পাচলি বিধত প্ৰটিন, আইৰণ, জিংক আৰু কেলচিয়াম আদি বহুতো গুণ আছে যিয়ে শৰীৰৰ বাবে বহুতো উপকাৰ প্ৰদান কৰে। ইয়াত কেলৰিৰ পৰিমাণ অতি কম। প্ৰতিদিনে পুৱা খালী পেটত ইয়াৰ ৰস ১ গিলাচকৈ খালে আপুনি প্ৰচণ্ড উপকাৰ লাভ কৰিব।
ওজন হ্ৰাস
নিতৌ পুৱা খালী পেটত ১ গিলাচ কোমোৰাৰ ৰস সেৱন কৰিলে ওজন সোনকালে হ্ৰাস পোৱাত সহায়ক হ’ব। ইয়াত কেলৰিৰ পৰিমাণ শূন্য। কোমোৰাৰ ৰস খালে শৰীৰত জমা হোৱা বিষাক্ত পদাৰ্থ আঁতৰি যায়। কোমোৰাৰ ৰসত অধিক পৰিমাণৰ আঁহ থাকে যাৰ ফলত আপোনাৰ ভোক কম হ’ব আৰু ওজন কম হ’ব।
হজম প্ৰক্ৰিয়া
খালী পেটত এই ৰস খালে কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ সমস্যা কম হয়। এই ৰসে পেট পৰিষ্কাৰ কৰাত সহায় কৰে। এই ৰস সেৱন কৰিলে হজম শক্তিৰ সকলো সমস্যা নাইকিয়া হৈ যায়।
বৃক্কৰ পাথৰ
কোমোৰাৰ ৰস খালে শৰীৰত ভিটামিন বি আৰু চি যোগান ধৰা হয়। এই দুয়োটা ভিটামিনেই বৃক্ক সুস্থ কৰি ৰখাত সহায় কৰে। এই ভিটামিনবোৰে পাথৰৰ সমস্যাৰ পৰাও সকাহ দিয়ে। এই ৰসে বৃক্কক আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ উলিয়াই দিয়াত সহায় কৰিব।
দুৰ্বলতাক জয় কৰা
কোমোৰাত কেলচিয়াম, জিংক, ফছফৰাছ আৰু বহুতো ভিটামিনৰ উৎস থাকে। দৈনিক এক গিলাচ এই ৰস খালে আপোনাৰ দুৰ্বল শৰীৰটো শক্তিৰে ভৰি পৰিব আৰু এসপ্তাহৰ ভিতৰত আপুনি নিজকে ফিট আৰু সুস্থ অনুভৱ কৰিব। কোমোৰাত থকা থাইয়ামিন আৰু ৰাইব’ফ্লেভিন উপাদানেও মানসিক চাপ আৰু ভাগৰ দূৰ কৰাত সহায় কৰে।
কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ
কোমোৰাৰ ৰস সেৱন কৰিলেও শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি নিয়ন্ত্ৰিত হয়। ইয়াৰ ৰস খালে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত হয়। হাইড্ৰেচন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। বেয়া কলেষ্টেৰল হ্ৰাস কৰে।
কেনেকৈ তৈয়াৰ কৰা হয় এই ৰস?
ইয়াৰ বাবে আপুনি কোনোৰাখিনি ধুই সৰু সৰুকৈ কাটিব লাগিব। এতিয়া এই টুকুৰাবোৰ এটা গ্ৰাইণ্ডাৰত ভৰাই পিহি লওক। ইয়াৰ পিছত পদিনা পাত আৰু ৪-৫ টা জালুক দি পুনৰ পিহি লওক। এতিয়া প্ৰস্তুত কৰা পাল্পখিনি চেকি লৈ ৰসখিনি উলিয়াই লওক। প্ৰতিদিনে নিয়মিতভাৱে এই ৰস সেৱন কৰিক আৰু নিজকে সুস্থ ৰাখক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ