অসমৰ এগৰাকী উচ্চ শিক্ষিত মুছলমান যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু সনাতন ধৰ্ম৷ উচ্চ শিক্ষিত যুৱতীগৰাকী ৰঙিয়াৰ এটা আঢ্যৱন্ত পৰিয়ালৰ মহিলা। নগাঁও চহৰৰ শ্ৰী শ্ৰী জখলাবন্ধা সত্ৰত যুৱতীগৰাকীয়ে যাৱতীয় নিয়ম নীতিৰ মাজেৰে এই প্ৰত্যাৱৰ্তন কৰে।
সত্ৰখনৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামীৰ তত্বাৱধানত পুৰোহিতৰ পুজা ,অৰ্চনা ,হোমযজ্ঞৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱগুৰুৰ ধৰ্ম দৰ্শনত শৰণ গ্ৰহণ কৰি যুৱতীগৰাকীয়ে হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। যুৱতী গৰাকীৰ আবেদনৰ ভিত্তিত সত্ৰাধিকাৰ গোস্বামীয়ে তেওঁক ধৰ্মান্তৰগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে৷
যুৱতী গৰাকী বহু দিনৰ পৰা সত্ৰাধিকাৰজনক যোগাযোগ কৰি আহিছিল | সকলো আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে যুৱতী গৰাকীয়ে হিন্দু সনাতন ধৰ্মলৈ প্ৰত্যাবৰ্তন কৰা বুলি জনাইছে সত্ৰাধিকাৰগৰাকীয়ে | যুৱতীগৰাকীৰ হিন্দু নাম হৈ পৰিল অন্যন্যা দেউৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ