২৫ ছেপ্টেম্বৰ ২০২৪ বুধবাৰে চন্দ্ৰই দিন ৰাতি মিথুন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি৷ কাইলৈ পিতৃপক্ষৰ অষ্টম দিন৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৰিয়ান যোগ, বৰিয়ান যোগ আৰু পৰিঘ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব আৰ্দ্ৰা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱ কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে গণপতিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোনো কোনো ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
২৫ ছেপ্টেম্বৰ দুৰ্দান্ত দিন হ’ব মিথুন ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি পুৱাৰ পৰা এনাৰ্জিত টগবগ কৰি ফুৰিব৷ ইয়াৰ সুফল জীৱনৰ সকলো ক্ষেত্ৰত লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ কোনো অসম্পূৰ্ণ কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ নতুন বাহন ক্ৰয়ৰ দিনটো শুভ হ’ব৷ সিদ্ধিদাতাৰ কৃপাত মনৰ ইচ্ছা পূৰণ হ’ব আপোনাৰ৷
সিংহ ৰাশি
বৰিয়ান যোগৰ শুভ প্ৰভাৱ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে সিংহ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি নিজৰ জীৱনত বেছ কিছু পজিটিভ পৰিবৰ্তন দেখা পাব৷ কাইলৈ অতিৰিক্ত অৰ্থলাভ হ’ব পাৰে৷ ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি সিংহ ৰাশিৰ জাতকৰ৷ ব্যৱসায়ত উন্নতি কৰাৰ একাধিক সুযোগ পাব৷ কোনো লাভজনক চুক্তি কৰিব পাৰিব৷
বৃশ্চিক ৰাশি
কাইলৈ মনৰ সুখ শান্তি লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ শান্তভাৱে সকলো কাম আপুনি সু সম্পন্ন কৰিব৷ নিজকে ভাল কৰাৰ সুযোগ পাব বৃশ্চিক ৰাশিৰ জাতকৰ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াশুনাৰ আগ্ৰহ আৰু আত্মবিশ্বাস বাঢ়িব৷ নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে৷ পাৰিবাৰিক সম্পত্তিগত কোনো আইনী জঁটত থাকিলে এইবাৰ দূৰ হ’ব৷
ধনু ৰাশি
কাইলৈ ২৫ ছেপ্টেম্বৰ শুভ দিন হ’ব ধনু ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কিছু অনলাইন শ্বপিং কৰিব পাৰে৷ প্ৰতিবেশীসকলৰ সৈতে আড্ডা মাৰি ভাল সময় কটাব৷ ধনু ৰাশিৰ ছাত্ৰ-ছাত্ৰীৰ বিদেশত পঢ়াশুনা কৰিবলৈ সুযোগ পাব৷ বিনিয়োগৰ পৰা কাইলৈ লাভৱান হ’ব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰাৰ যোগ আছে৷
মীন ৰাশি
কাইলৈ পজিটিভ দিন হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ নিজৰ বুদ্ধিত কাইলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ নিজৰ ভৱিষ্যৎ জীৱন সম্পৰ্কে সঠিক সিদ্ধান্ত ল’ব পাৰে মীন ৰাশিৰ জাতকে৷ চৰকাৰী কামত পাবলগীয়া ধন লাভ কৰিব৷ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সাফল্য পাব৷ বিদেশ যাত্ৰাৰ ইচ্ছা পূৰণ হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















